মই আজিও ছিংগল হৈ থকাৰ কাৰণ কেৱল অজয় দেৱগণঃ টাবু
নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰঃ জনপ্ৰিয় অভিনেত্ৰী টাবুৰ জন্মদিন আছিল ৪ নৱেম্বৰ। সেইদিনাই তেওঁ ভৰি দিলে ৫০ত। কিন্তু বলীউডৰ খবৰ ৰখাসকলে জানে টাবু অবিবাহিত। জন্মদিনৰ দিনা টাবুৱে এটা নিউজ পৰ্টেলত দিয়া সাক্ষাৎকাৰত জনালে এতিয়াও অবিবাহিত হৈ থকাৰ কাৰণ। অভিনেত্ৰীগৰাকী অবিবাহিত হৈ থকাৰ কাৰণ অভিনেতা অজয় দেৱগণ।
নিউজ পৰ্টেলটোত দিয়া সাক্ষাৎকাৰত টাবুৱে কয় যে অজয় আৰু তেওঁৰ চিনাকি আজি ২৫ বছৰৰ। টাবুৰ বন্ধু সমীৰ আৰ্যৰ বন্ধু আছিল অজয়। ডাঙৰ হোৱাৰ পিছৰে পৰা দুয়োৰে মাজত গঢ়ি উঠে বন্ধুত্ব। ভাগ্যক্ৰমে ‘বিজয় পথ’ নামৰ ছবিখনতো অভিনয় কৰে দুয়োৱে। বন্ধুত্ব গঢ়ি উঠাৰ পিছত সমীৰ আৰু অজয়ৰ চকু সদায়ে আছিল টাবুৰ ওপৰত।
দুয়োজনে যেন মিছ কৰিব নিবিচাৰে টাবুক। কিন্তু টাবুৰ মন ঢাল খাইছিল অজয় দেৱগণৰ ওপৰত। কিন্তু সেই সম্পৰ্ক কিবা কাৰণত স্থায়ী নহ’ল। তাৰ বাবে আজিও অজয় দেৱগণকে দোষাৰোপ কৰিব বিচাৰে টাবুৱে। টাবুৰ মতে আজিও তেওঁ ছিংগল হৈ থকাৰ কাৰণ অজয় দেৱগণ। তেওঁ আশা প্ৰকাশ কৰে যে এদিন অজয়ে নিজৰ ভুল বুজিব।
উল্লেখ্য, ‘মুম্বাই মিৰৰ’ বাতৰি কাকততো টাবুৱে অবিবাহিত হৈ থকাৰ কাৰণ অজয় দেৱগণ বুলি প্ৰকাশ কৰিছিল ২০১৭ চনত।