নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯ ডিচেম্বৰৰ পৰা ৩৬ ঘণ্টীয়া অসম বন্ধ আক্রাছু(অ)ৰ

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত আক্রাছু (অ)য়ে ৯ ডিচেম্বৰ, সোমবাৰৰ পুৱা পাঁচ বজাৰ পৰা ৩৬ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে ৷ এক বিবৃতিত সংগঠনটোৰ সভাপতি অৰুণ ৰায় আৰু সম্পাদক গোকুল বর্মনে মন্ত্রীগোটৰ প্রতিবেদন কেন্দ্রীয় চৰকাৰক দাখিল নকৰাৰ ফলত কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ পৰা বঞ্চিত হোৱা বুলি ক্ষোভ ব্যক্ত কৰে ৷ সংগঠনটোৱে অহা ৯ ডিচেম্বৰত ৩৬ ঘণ্টীয়া অসম বন্ধ ঘোষণাৰ লগতে শীতকালীন অধিৱেশনত জনজাতিকৰণ নহ’লে অনির্দিষ্টকালৰ বাবে অর্থনৈতিক চকাবন্ধ ঘোষণা কৰে ৷

You might also like