জম্মু-কাশ্মীৰত শ্বহীদ হ’ল ৩ গৰাকী জোৱান, ৩ সন্ত্ৰাসবাদী নিহত
নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰঃ জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ মাছিল ছেক্টৰত ভাৰতীয় সেনাই চলাই থকা সন্ত্ৰাসবিৰোধী অভিযানত শ্বহীদ হ’ল সেনাৰ এগৰাকী অফিচাৰ আৰু আন দুগৰাকী জোৱান। নিহত এগৰাকী জোৱান বি এছ এফৰ বুলি সেনা সূত্ৰত প্ৰকাশ। জানিব পৰা মতে, কালি নিশা নিয়ন্ত্ৰণ ৰেখাত পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে বলপূৰ্বক অনুপ্ৰৱেশৰ চেষ্টা চলায়।
সেনাই অনুপ্ৰৱেশৰ খবৰ লাভ কৰি অঞ্চলটোত তালাচী অভিযান আৰম্ভ কৰে। এই অভিযানত ৩জন সন্ত্ৰাসবাদী নিহত হয় যদিও ভাৰতীয় সেনাৰ দুগৰাকী আৰু বি এছ এফৰ এগৰাকী সেনা নিহত হয়। আনহাতে এগৰাকী সেনা জোৱান আহত হয়। সেনা সূত্ৰ অনুসৰি, শীতৰ আগমনৰ লগে লগে কুঁৱলীৰ সুবিধা লৈ নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ বহু সন্ত্ৰাসবাদীয়ে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰি আছে।