হিমন্ত বিশ্ব শর্মা মোৰ কাজিয়া বুজাবুজিৰ কাজিয়াঃ হাগ্রামা
নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ বি টি আৰৰ পৰিষদীয় নির্বাচনকেন্দ্রিক বোকা ছটিওৱা ৰাজনীতি আৰু এটা দলৰ নেতাই আন এটা দলৰ নেতাক তীব্র বাক্যবাণেৰে পৰিষদীয় নির্বাচনী পৰিৱেশ গৰম কৰি ৰখাৰ মাজতে বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰী আৰু ৰাজ্যৰ বিত্ত আৰু স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মাজত চলি থকা বাকযুদ্ধৰ ওপৰত বি পি এফৰ সভাপতিগৰাকীয়ে সোমবাৰে কোকৰাঝাৰত সাংবাদিকৰ আগত তাৎপর্যপূর্ণ মন্তব্য কৰিছে৷ মহিলাৰী আৰু ড০ শর্মাৰ বাকযুদ্ধ সম্পর্কে মহিলাৰীয়ে কয়– ‘আমাৰ কাজিয়া বুজিবুজিৰ কাজিয়া৷ তাৰ বাবে চিন্তা কৰিব নালাগে৷ আমাৰ মাজত গালি–গালাজ চলি থাকিলেও সকলো ঠিকেই আছে৷ আপোনালোকে বুজি পোৱা নাই আমাৰ দুজনৰ মাজত যে আৰু কিমান বুজাবুজি আছে৷’ বি পি এফ আৰু বিজেপিৰ মিত্রতা সন্দর্ভত সাংবাদিকে জানিব বিচৰাত মহিলাৰীয়ে কয় যে দিল্লী–দিছপুুৰত আমাৰ মিত্রজেজাটৰ চৰকাৰ চলি আছে, এতিয়াও ভংগ হোৱা নাই৷ তেনেদৰে বিটিচিৰ সমাগত পৰিষদীয় নির্বাচনত বিজেপিয়ে দুখনমান আসন পাব৷ সেই দুখনত জয়ী হ’বৰ বাবে ময়েই বিজেপিক সহায় কৰিব লাগিব৷ নহ’লে সেই দুখন আসনো বিজেপিয়ে নাপাব৷ বি পি এফ দলে মাজবাটৰ পৰা শ্রীৰামপুৰলৈকে ২৫ৰ পৰা ৩০খন আসন লাভ কৰাটো খাটাং৷এ আই ইউ ডি এফ দলে দুখন আৰু কংগ্রেছে এখন আসন লাভ কৰিব পাৰে বুলি মহিলাৰীয়ে সম্ভাৱনা ব্যক্ত কৰি এইপর্যন্ত ইউ পি পি এলৰ এখনো আসন লাভ কৰাৰ সম্ভাৱনা দেখা নাই বুলিও কয়৷ আনপিনে মন্ত্রী হিমন্ত বিশ্ব শর্মাই প্রদান কৰা মিঠা আম–টেঙা আমৰ প্রসংগ সন্দর্ভত মহিলাৰীয়ে কোৱা মতে অসম বা বিটিচিৰ ৰাইজে মিঠা নাখায়৷ অসমৰ আম বেছি টেঙাও নহয়, মিঠাও নহয়৷ স্বাস্থ্যৰ কাৰণে খুব ভাল৷ অসমৰ আম খালে কাহ ভাল হয়৷ কিন্তু দাদাই নিজে মিঠা আম নাখাই বিহাৰ, ইউ পিৰ পৰা ট্ৰাকে ট্ৰাকে মিঠা আম আনি বিটিচিৰ ৰাইজক খুৱাব বিচাৰিছে৷ দাদায়ো যে কি কি কৰি থাকে বুলি হিমন্ত বিশ্ব শর্মাক ওলোটাই কটাক্ষ কৰি কয় যে বিটিচিত নাঙল নাই বুলি ঘৰে ঘৰে ট্ৰেক্টৰ ছাপ্লাই দিব বিচাৰিছে৷ ‘দাদাই ক’লে কি হ’ব, বিটিচিৰ প্রতিঘৰত দুটা, তিনিখনকৈ নাঙল থাকে’ বুলিও কয় মহিলাৰীয়ে৷ উল্লেখ্য যে আজি কোকৰাঝাৰৰ তিতাগুৰিৰ শ্যামগাঁওস্থিত আৰণাই ৰেষুটৰেণ্টৰ সভাকক্ষত এন ডি এফ বি নেতা সুনীল বসুমতাৰী ওৰফে বি বেংগাৰ নেতৃত্বত অহা এন ডি এফ বিৰ চাৰিওটা গোটৰ দুই শতাধিক প্রাক্তন এন ডি এফ বি নেতা, কেডাৰসকলৰ সৈতে হাগ্রামা মহিলাৰীয়ে এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয় আৰু বি পি এফ দলে পুনৰ পৰিষদীয় চৰকাৰ গঠন কৰিলে প্রাক্তন এন ডি এফ বিসকলক ভৱিষ্যতে কেনেদৰে পুনৰ সংস্থাপনৰ কার্যব্যৱস্থা গ্রহণ কৰিব পাৰে আৰু চুক্তি সম্পন্ন হোৱাৰ পাছতো কাৰাৰুদ্ধ হৈ থকা নেতা–কেডাৰৰ বিৰুদ্ধে থকা গোচৰসমূহ নিষ্পত্তি কৰাৰ ক্ষেত্রত সম্পূর্ণ সহযোগিতা কৰিব বুলি জানিব দি সকলো দিশৰ ওপৰত বিস্তাৰিতভাৱে আলোচনা কৰাৰ উপৰি এন ডি এফ বিয়েও এইক্ষেত্রত বিটিচি নির্বাচনত সহযোগ কৰিব লাগিব বুলি উল্লেখ কৰে মহিলাৰীয়ে৷