নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰং–বিৰঙী চাকিৰে ভৰিছে মহানগৰীৰ বজাৰ

নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথোঁ চাৰি দিন বাকী৷ অহা ১৪ৰ পৰা ১৫ নৱেম্বৰলৈ দুদিনীয়া কার্যসূচীৰে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰিবলৈ সমগ্র ৰাজ্যৰ লগতে মহানগৰবাসী সাজু হৈছে৷

ক’ৰোনা মহামাৰীৰ আতংকৰ মাজতেই মহানগৰবাসীয়ে পৰম্পৰা অনুসৰি দীপাৱলীৰ বাবে প্রস্তুতি আৰম্ভ কৰিছে৷ দীপাৱলীৰ প্রাক্ক্ষণত মহানগৰীৰ ফাঁচীবজাৰৰ লগতে বিভিন্ন প্রান্তৰ বজাৰসমূহত ৰং–বিৰঙী চাকিৰে ভৰি পৰা পৰিলক্ষিত হৈছে৷ ইয়াৰ সমান্তৰালকৈ দীপাৱলীৰ নিশা বিভিন্ন ৰঙৰ আলোকসজ্জাৰে আলোকিত কৰিবলৈ বজাৰত দীপাৱলীৰ সামগ্রী ক্রয় কৰাৰ বাবে বজাৰত গ্রাহকে ব্যাপক ভিৰ কৰা পৰিলক্ষিত হৈছে৷

অৱশ্যে পূর্বৰ তুলনাত এইবাৰ বজাৰত চাকি আৰু বৈদ্যুতিক লাইটৰ বিক্রী হ্রাস পোৱা বুলি ফাঁচীবজাৰৰ একাংশ ব্যৱসায়ীয়ে জানিবলৈ দিছে৷ ইপিনে, বজাৰত উপলব্ধ হোৱা মাটিৰ চাকিৰ বর্ধিত দামে গ্রাহকক বিপাঙত পেলাইছে৷ এইবেলি বজাৰত উপলব্ধ হোৱা মাটিৰ চাকি ৫ৰ পৰা ১০ টকা, ডাঙৰ ৰং–বিৰঙৰ চাকি ২০ টকাৰ পৰা ৫০ টকা পর্যন্ত বিক্রী কৰা পৰিলক্ষিত হৈছে৷ অৱশ্যে বজাৰ ভেদে চাকিৰ দাম ভিন্ন হোৱা দেখা গৈছে৷

লক্ষণীয়ভাৱে প্রদূষণৰ প্রতি লক্ষ্য ৰাখি মহানগৰবাসীয়ে ফটকা–আতচবাজীৰ পৰিৱর্তে দীপাৱলী উদ্যাপন কৰিবলৈ চাকিৰ ওপৰত গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে৷ ইপিনে, পোহৰৰ উৎসৱ দীপাৱলীৰ দিন চমু চাপি অহাৰ লগে লগে গুৱাহাটীৰ বজাৰত উভৈনদী হৈ পৰিছে বৈদ্যুতিক লাইট৷ ফাঁচীবজাৰকে ধৰি মহানগৰীৰ বিভিন্ন প্রান্তৰ বজাৰত বিভিন্ন প্রকাৰৰ লাইট বিক্রীৰ বাবে সজাই থোৱা পৰিলক্ষিত হৈছে৷ দীপাৱলীৰ নিজ নিজ ঘৰ অথবা ব্যৱসায়িক প্রতিষ্ঠান ৰং–বিৰঙী লাইটেৰে সজাই তুলিবলৈ গ্রাহকে বজাৰত ভিৰ কৰিছে৷

ইপিনে, প্রশাসনৰ দ্বাৰা চাইনিজ সামগ্রী নিষিদ্ধকৰণৰ মাজতেই একাংশ অসাধু ব্যৱসায়ীয়ে দীপাৱলীৰ বজাৰত চীনা সামগ্রী মেলি দিয়া দেখা গৈছে৷ চীনা সামগ্রীৰ ক্ষেত্রত আৰক্ষী প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like