নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাইকেল অসম আলফাৰ উপ–মুখ্য সেনাধ্যক্ষ; উজনিৰ বহু অপাৰেচনৰ নেতৃত্বত আছিল মাইকেল

নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ দৃষ্টি ৰাজখোৱাৰ আত্মসমর্পণৰ পাছত সংযুক্ত মুক্তি বাহিনী, অসমৰ (স্বাধীন) উপ–মুখ্য সেনাধ্যক্ষ হিচাপে সংগঠনটোৰ মেজৰ জেনেৰেল মাইকেল অসমক নতুনকৈ নিযুক্তি দিয়া হৈছে৷ সংগঠনটোৰ প্রচাৰ বিভাগৰ কেপ্ঢেইন দীপ অসমে সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক বিবৃতিত এই কথা প্রকাশ কৰে৷

বিবৃতিটোত দীপ অসমে কয়– ‘আলফা (স্বাধীন)ৰ সংযুক্ত মুক্তি ফৌজৰ উপ–সেনাধ্যক্ষ পদৰ পৰা মেজৰ জেনেৰেল দৃষ্টি অসমক অব্যাহতি দি তেওঁৰ স্থানত মেজৰ জেনেৰেল শৰৎ ফুকন ওৰফে মাইকেল ডেকাফুকন ওৰফে মাইকেল অসমক নিযুক্তি প্রদান কৰা হ’ল৷’

সেই অনুসৰি সংগঠনটোত মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ পাছতে মাইকেল অসম দ্বিতীয়জন শীর্ষ পর্যায়ৰ নেতা ৰূপে পৰিগণিত হ’ল৷

উল্লেখ্য যে যোৱা বুধবাৰে সংগঠনটোৰ উপ–মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱা ওৰফে দৃষ্টি অসমে মেঘালয়ত আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰিছিল৷ বৃহস্পতিবাৰে আলফা নেতাজনক অসমলৈ অনা হয়৷ ইয়াৰ পাছতে সেনা আৰু অসম আৰক্ষীৰ শীর্ষ মহলৰ পৰা তেওঁক গ্রেপ্তাৰ কৰা প্রসংগত তথ্য ৰাজহুৱা কৰে৷ পৰেশ বৰুৱাৰ অতি ঘনিষ্ঠ আছিল দৃষ্টি ৰাজখোৱা৷

উল্লেখ্য যে উজনি অসমত বিশেষকৈ চাহ বাগিচাত বহুকেইটা ধন দাবী আৰু অপহৰণৰ ঘটনাত জড়িত মাইকেল অসমে পূর্বতে সহকাৰী বিত্ত সম্পাদকৰ দায়িত্ব পালন কৰিছিল৷

You might also like