ইমান দিনে আজিজ খান বুলি কিয় কৈছিল, ক্ষমা খোজক আজমলে: ড০ শর্মা
নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: বৰাকত এ আই ইউ ডি এফৰ সমর্থকে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াক লৈ সৃষ্টি হৈ থকা বিতর্কই শেহতীয়াকৈ অন্য মোৰ লৈছে৷ বদৰুদ্দিন আজমলৰ উপস্থিতিত সমর্থকে পাকিস্তান জিন্দাবাদ বুলি দিয়া ধ্বনিক টুইটযোগে প্রকাশ কৰি ড০ হিমন্ত বিশ্ব শর্মাই কৰা প্রতিবাদক আজমলে নস্যাৎ কৰাই নহয়, ড০ শর্মাই ৰাজনৈতিক উদ্দেশ্যৰে আজিজ খান জিন্দাবাদ বুলি দিয়া ধ্বনিক পাকিস্তান জিন্দাবাদ বুলি ভুলকৈ উপস্থাপন কৰিছে বুলি মন্তব্য কৰিছিল৷ কিন্তু শেহতীয়াকৈ বদৰুদ্দিন আজমলে ড০ শর্মাৰ মানুহে বৰাকত উক্ত দিনা পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া বুলি মন্তব্য কৰিছে৷ উক্ত মন্তব্যক লৈয়ে তীব্র প্রতিক্রিয়া প্রকাশ কৰিলে মন্ত্রী ড০ শর্মাই৷
বি টি এ ডিত নির্বাচনী প্রচাৰৰ সময়ত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত তেওঁ কয়– ‘বৰাকত কাইলৈকে আজিজ খান জিন্দাবাদ শ্লোগান দিয়া বুলি কৈ আছিল আজমলে৷ কিন্তু দুটা ধমক দিওঁতে ক’লে– পাকিস্তান জিন্দাবাদ দিয়াটো হয় আৰু সেয়া হিমন্ত বিশ্ব শর্মাৰ মানুহে ধ্বনি দিছিল৷ এতিয়া প্রশ্ণ হ’ল– ইমান দিনে কিয় আজিজ খান জিন্দাবাদ ধ্বনি দিয়া বুলি কৈ আছিল? এতিয়া কথাটো হ’ল– আজমলৰ ভাষ্যতে পাকিস্তান জিন্দাবাদ ধ্বনি যে সেই দিনা দিয়া হৈছিল, সেয়া প্রমাণ হ’ল৷ গতিকে অসমৰ মানুহৰ ওচৰত আজমলে ক্ষমা খোজক৷ কিহৰ বাবে তেওঁলোকে ইমান দিনে আজিজ খান বুলি কৈ আছে আৰু আজি বাধ্যত পৰি পাকিস্তান জিন্দাবাদ দিয়া বুলি কৈছে৷’ মন কৰিবলগীয়া যে শিলচৰ বিমানবন্দৰত এ আই ইউ ডি এফৰ সমর্থকে বদৰুদ্দিন আজমলৰ উপস্থিতিত পাকিস্তান জিন্দাবাদ বুলি ধ্বনি দিয়াক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্র প্রতিক্রিয়া৷ এ আই ইউ ডি এফে উক্ত দিনা তেওঁলোকৰ সমর্থকে আজিজ খান জিন্দাবাদ বুলি ধ্বনি দিয়া বুলি দাবী কৰি আহিছিল৷
আনকি বিষয়টোক লৈ সৃষ্টি হোৱা প্রতিক্রিয়াৰ মাজতে মন্ত্রী ড০ শর্মাই পাকিস্তান জিন্দাবাদ দিয়া ভিডি’টো ফেচবুকত আপলোড কৰাৰ পাছত ফেচবুকে দুদিনৰ বাবে উক্ত ভিডি’টো বন্ধ কৰি ৰাখিছিল৷ পৰৱর্তী সময়ত ফেচবুকে উক্ত ভিডি’টো পুনৰ আপলোড কৰে যদিও এ আই ইউ ডি এফকে ধৰি একাংশই উক্ত দিনা পাকিস্তান জিন্দাবাদ ধ্বনিৰ পৰিৱর্তে আজিজ খান জিন্দাবাদ ধ্বনি দিয়া হৈছিল বুলিহে দাবী কৰি আহিছে৷ আনকি খোদ বদৰুদ্দিন আজমলেও উক্ত দিনা আজিজ খান জিন্দাবাদ দিয়া হৈছিল বুলিহে মন্ত্রী ড০ শর্মাক সমালোচনা কৰি আহিছে৷ কিন্তু হঠাতে কালি আজমলে উক্ত দিনা ড০ হিমন্ত বিশ্ব শর্মাৰ মানুহেহে পাকিস্তান জিন্দাবাদ ধ্বনি দিছিল বুলি মন্তব্য কৰে৷ উক্ত মন্তব্যকে উভতি ধৰি আজি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রীগৰাকীয়ে বৰাকত যে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া হৈছিল, সেয়া স্পষ্ট হ’ল বুলি মন্তব্য প্রকাশ কৰে৷ ইফালে বিটিচিত হত্যাৰ বলি হোৱা এবিএমছুৰ নেতা লাফিকুল ইছলামৰ হত্যাকাণ্ড ৰাজনৈতিক হত্যাকাণ্ড বুলি আজি মন্তব্য কৰিছে মন্ত্রী ড০ শর্মাই৷
মন্ত্রীগৰাকীয়ে বিটিচিত ৰাজনৈতিক হত্যাকাণ্ড বন্ধ হ’ব লাগে বুলি মন্তব্য কৰি কয়– লাফিকুলৰ হত্যাকাণ্ড এক ৰাজনৈতিক হত্যাকাণ্ড আছিল৷ এই হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব চি বি আইক দিয়া হৈছে৷ বিজেপিয়ে চি বি আই আৰু ভাৰত চৰকাৰৰ লগত এই সন্দর্ভত যোগাযোগ কৰিব, যাতে অহা দুই–তিনি মাহৰ ভিতৰতে লাফিকুলৰ হত্যাকাৰী পোহৰলৈ আহে৷ ৰাজনৈতিক হত্যাকাণ্ড এবাৰ পোহৰলৈ আনিলে বিটিচিত পুনৰ ৰাজনৈতিক হত্যাকাণ্ড কৰিবলৈ সাহস নকৰিব৷ ইয়াৰ ফলত ৰাইজে নিৰাপত্তা অনুভৱ কৰিব বুলিও তেওঁ কয়৷