বিধানসভা নির্বাচনত বিটিএডিৰ ১২ সমষ্টিতে প্রার্থী দিব বিজেপিয়ে
নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ মিত্রদল বিপিএফক বাই বাই দিবলৈ সাজু হৈছে ৰাজ্যিক বিজেপি৷ বিটিচি নির্বাচনত বিপিএফৰ বিৰুদ্ধে যুঁজত অৱতীর্ণ হোৱা বিজেপিয়ে আসন্ন বিধানসভা নির্বাচনতো বিটিএডিৰ ১২টা সমষ্টিতে নিজা প্রার্থী থিয় কৰোৱাৰ সিদ্ধান্ত লৈছে৷ সংবাদ মাধ্যমৰ আগত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে প্রকাশ কৰা অনুসৰি অহা বিধানসভা নির্বাচনত বিজেপিয়ে বিটিএডিৰ ১২টা সমষ্টিতে নিজা প্রার্থী থিয় কৰোৱাৰ সিদ্ধান্ত লৈছে৷ আসন্ন বিধানসভা নির্বাচন সম্পর্কত ২০ নৱেম্বৰত নতুন দিল্লীত দলৰ ৰাষ্ট্রীয় সমিতিৰে এখন বৈঠক অনুষ্ঠিত হ’ব৷
উক্ত বৈঠকত তেওঁৰ লগতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ‘নেডা’ৰ আহ্বায়ক মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা, ৰাজ্যিক বিজেপিৰ প্রভাৰী অজয় জামৱাল, দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহো উপস্থিত থাকিব৷ সেই বৈঠকত ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা অহা নির্বাচনত দলে ১০০ প্লাছ আসন দখলৰ পৰিকল্পনাৰ লগতে বিটিএডিৰ ১২টা বিধানসভা সমষ্টিত নিজা প্রার্থী থিয় কৰাব বিচৰাৰ প্রস্তাৱ দাখিল কৰিব৷ তেওঁ আৰু কয় যে কোনো দলৰ সৈতে মিত্রতা কৰা–নকৰাৰ বিষয়টো ৰাষ্ট্রীয় সমিতিয়েহে চিন্তা কৰি সিদ্ধান্ত গ্রহণ কৰে৷ কাৰোবাৰ লগত যদি মিত্রতা কৰে, সেই সম্পর্কেও ৰাষ্ট্রীয় সমিতিয়েহে সিদ্ধান্ত ল’ব৷ সভাপতি দাসৰ সেই ভাষ্যৰ পৰা এটা কথাই স্পষ্ট হৈছে– যদিহে দলৰ কেন্দ্রীয় নেতৃত্বই বিপিএফৰে মিত্রতা জাপি নিদিয়ে তেতিয়াহ’লে ৰাজ্যিক বিজেপিয়ে বিপিএফক বাই বাই দিবলৈ সম্পূর্ণৰূপে সাজু৷ কাৰণ দিছপুৰত এই মুহূর্ততো বিপিএফৰে তেওঁলোকৰ মিত্রতা থকা অৱস্থাতো অহা নির্বাচনত বিটিএডিৰ আটাইকেইটা বিধানসভা সমষ্টিতে নিজা প্রার্থী থিয় কৰোৱাৰ সিদ্ধান্ত গ্রহণে সেই ছবিখন পৰিস্ফূট কৰি তুলিছে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে বিটিচি নির্বাচনক লৈ ইতিমধ্যে দুই মিত্রদলৰ মাজত ব্যৱধান যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷
নির্বাচনী প্রচাৰৰ সময়ত হাগ্রামা মহিলাৰীৰ নেতৃত্বত বিটিচিত বিগত ১৫ বছৰে চলা অবাধ দুর্নীতি, অপশাসন, ভ্রষ্টাচাৰ, লুণ্ঠনৰ বিৰুদ্ধে বিজেপি সৰৱ হৈ পৰিছে৷ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ পৰা আৰম্ভ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসলৈকে সকলোৱে বিপিএফৰ বিৰুদ্ধে আক্রমণাত্মক হৈ পৰিছে৷ আনকি কালি বিটিচিত কেইবাখনো নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰি মন্ত্রী ড০ শর্মাৰ লগতে সভাপতি দাসেও বিপিএফৰ সৈতে তেওঁলোকৰ কোনো মিত্রতা নাই বুলি ৰাজহুৱাভাৱে প্রকাশ কৰে৷ একেদৰে বিপিএফৰো সভাপতি হাগ্রামা মহিলাৰীৰ পৰা আৰম্ভ কৰি বিভিন্নজন নেতাই বিধানসভা নির্বাচনলৈ বিজেপিৰ সৈতে মিত্রতা থাকে নে নাথাকে, সেই বিষয়ে বিটিচি নির্বাচনৰ পিছতহে তেওঁলোকে সিদ্ধান্ত ল’ব বুলি প্রকাশ কৰি আহিছে৷
আনকি যোৱা সপ্তাহত দলটোৰ উপ–সভাপতি, মন্ত্রী চন্দন ব্রহ্মই অহা বিধানসভা নির্বাচনত তেওঁলোকে নির্ণায়ক ভূমিকা ল’ব বুলি প্রকাশ কৰাৰ লগতে বিজেপি ক্ষতিগ্রস্ত হ’ব বুলি মন্তব্য কৰি একপ্রকাৰ মিত্রতা ছেদৰেই ইংগিত দিছিল৷ ইপিনে, আসন্ন বিধানসভা নির্বাচন সম্পর্কত দিল্লীত দলৰ ৰাষ্ট্রীয় কমিটীৰে বৈঠক আয়োজনৰ পৰিপ্রেক্ষিততে সদ্য বিপিএফ ত্যাগী সাংসদ বিশ্বজিৎ দৈমাৰী আৰু বিধায়ক ইমানুৱেল মুছাহাৰীৰ বিজেপিত যোগদান অহা ২২ নৱেম্বৰলৈ পিছুৱাই দিয়া হৈছে৷ সভাপতি দাসে জানিবলৈ দিয়া মতে, অহা ২২ নৱেম্বৰত সাংসদ দৈমাৰী, বিধায়ক মুছাহাৰীৰ লগতে বিপিএফৰ প্রায় ৩০ হাজাৰ নেতা–কর্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব৷