নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ দৰং জিলাৰ মোৱামাৰী চাপৰিত প্রায় দুই হাজাৰ বিঘা মাটি সন্দেহজনক লোকক খেতি কৰিবলৈ গতাই দিছে ব্রহ্মপুত্র সমবায় সমিতিয়ে৷ সন্দেহজনক লোকক খেতি কৰিবলৈ সুবিধা কৰি দি ব্রহ্মপুত্র সমবায় সমিতিৰ সভাপতি শোভন শর্মা, সম্পাদক নীলকান্ত ডেকাই মুনাফা লুটি আহিছে৷ –এই বিস্ফোৰক অভিযোগ আলোচনাপন্থী আলফা নেতা প্রাণজিৎ শইকীয়াৰ৷
ধনশিৰি কৃষি সমবায় সমিতিৰ সম্পাদকৰ দায়িত্বত থকা প্রাণজিৎ শইকীয়াই কালি গুৱাহাটীত এখন সংবাদ মেলত কয়– ব্রহ্মপুত্র সমবায় সমিতিৰ সভাপতি শোভন শর্মা, সম্পাদক নীলকান্ত ডেকা, মঙলদৈৰ অধিবক্তা প্রেমেশ্বৰ শর্মা, মহেন্দ্র কলিতা আদিয়ে মোৱামাৰী চাপৰিত বিভিন্ন খেতি কৰিবলৈ সুবিধা দি নিয়মীয়াকৈ মুনাফা লুটি আহিছে৷ শোভন শর্মা এণ্ড কোম্পানীৰ পৃষ্ঠপোষকতা পাই সন্দেহজনক লোকসকলে ব্রহ্মপুত্রৰ মোৱামাৰী চাপৰিত খুঁটি পুতি বহিছে৷
ইয়াৰে একাংশই আনকি খিলঞ্জীয়া লোকক আক্রমণ কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে৷ সংবাদ মেলত শইকীয়াই কয়– দৰং জিলাৰ মোৱামাৰী চাপৰিৰ পৰা আৰম্ভ কৰি ভোকেলীকান্দা, বৰমৈজলী, ধলপুৰ, পহুমৰা আদি চৰলৈকে বহুসংখ্যক সন্দেহজনক লোকে বেদখল আৰম্ভ কৰি বর্তমানলৈকে চেষ্টা অব্যাহত ৰাখিছে৷ তেনেস্থলত এই লোকসকলক প্রতিৰোধ কৰি খিলঞ্জীয়াৰ ভূমি অধিকাৰ সাব্যস্ত কৰিবলৈ তথা গ্রামাঞ্চলৰ নিবনুৱা যুৱকক স্বাৱলম্বী আৰু আত্মনির্ভৰশীল কৰি তুলিবলৈ আমি প্রচেষ্টা অব্যাহত ৰাখিছোঁ৷
১৯৮৬ চনৰ পৰা নিৰৱচ্ছিন্নভাৱে অব্যাহত ৰখা প্রচেষ্টাত আমাৰ সৈতে কল্পজ্যোতি নেওগ, ত্রিদিব শর্মা, সৌৰভ গগৈ, নোমল বৰুৱা, প্রয়াত শংকৰ বৰুৱা, ধর্মকান্ত নাথ, ৰমেশ বৰুৱা আদিকে ধৰি প্রায় ৩০জন প্রাক্তন আৰু আলোচনাপন্থী আলফা সদস্যও জড়িত হৈ আছে৷ যাৰ বাবে নিশাটোৰ ভিতৰতে সন্দেহজনক লোকেৰে ভৰি পৰা লোকসকলৰ পৰা ভূমি ৰক্ষা কৰিবলৈ যাওঁতে আমাৰ দুজন সতীর্থ ইতিমধ্যে নিহত হৈছে৷ ইয়াৰ পিছতো ব্রহ্মপুত্র সমবায় সমিতিৰ শোভন শর্মা এণ্ড কোম্পানীয়ে অব্যা নামৰ ডকাইতিত লিপ্ত দাগী অপৰাধীজনৰ জৰিয়তে মোৱামাৰীত বিঘাই বিঘাই মাটি সন্দেহজনক লোকক খেতি কৰিবলৈ দি ইয়াৰ বিনিময়ত নিয়মীয়াকৈ বুজন পৰিমাণৰ ধন লৈ আছে৷
অব্যা নামৰ সন্দেহজনক লোকজনৰ বিৰুদ্ধে সাতটা গোচৰ ৰুজু হৈ আছে৷ এই অব্যাৰ জৰিয়তে তেওঁলোকে ইতিমধ্যে কেইবাশ বিঘা ভূমি বাংলাদেশীৰে কৰা গোপন মিতিৰালিৰ বিনিময়ত গতাই দিছে৷ যদি অবৈধ বাংলাদেশীক তেওঁলোকে ভূমি প্রদান কৰা নাই সেই কথা সততাৰে আৰু তথ্যসহকাৰে ৰাজহুৱা কৰিবলৈ আমি আহ্বান জনালোঁ৷
সংবাদ মেলত সম্পাদক শইকীয়াই কয় যে ১৯৮৬ চনত গঠন কৰা ব্রহ্মপুত্র সমবায়ত আৰম্ভণিতে সদস্য আছিল ১১৯জন৷ বর্তমান মোৱামাৰীত সমিতিৰ সদস্যভুক্ত ১৫ ঘৰ লোকহে বসবাস কৰি আছে৷ বাকীসকল ক’লৈ গ’ল সেই কথা তেওঁলোকে ৰাজহুৱাকৈ সদৰী কৰক৷ ব্রহ্মপুত্র সমবায় সমিতিৰ সভাপতি–সম্পাদকে এই কথা স্পষ্ট কৰি দিব পাৰিবনে যে কিয় সমবায়ত আগভাগ লোৱাসকলে নিজৰ নিজৰ দখলত থকা মাটি অনা–সমীয়া লোকৰ জৰিয়তে খেতি–বাতি কৰাই মুনাফা লুটি আহিছে৷ ইফালে, ব্রহ্মপুত্র সমবায় সমিতিৰ বিষয়ববীয়াই আলফা নেতা প্রাণজিৎ শইকীয়াই মাটি বেদখল কৰা বুলি কৰা অভিযোগ খণ্ডন কৰে৷
এই সন্দর্ভত শইকীয়াই কয়– ‘মই মাটি দখল কৰা নাই৷ ধনশিৰি কৃষি সমবায় সমিতিৰ নামত আমি মোৱামাৰীত ৩০ বিঘা মাটিত খেতি কৰিছোঁ৷ তাত মৎস্য পালনৰ ব্যৱস্থা কৰিছোঁ৷ ইয়াৰ জৰিয়তে আমি খিলঞ্জীয়া নিবনুৱা যুৱকক খেতি–বাতি কৰি আত্মনির্ভৰশীল কৰি তোলাৰ পদক্ষেপ লৈছোঁ৷ আমি মাটি দখল কৰি কোনো সন্দেহজনক লোকক খেতি কৰিবলৈ দি মুনাফা লুটা নাই৷’ ইফালে, ছিপাঝাৰ বিধানসভা সমষ্টিত ৭৭,৪২০ বিঘা ১ কঠা মাটি সন্দেহজনক লোকৰ কবলত থকা বুলি উল্লেখ কৰে প্রাণজিৎ শইকীয়াই৷ লগতে মোৱামাৰী চাপৰি আৰু ছিপাঝাৰত সন্দেহজনক লোকৰ কবলত থকা ভূমিত উচ্ছেদ কৰিবলৈ চৰকাৰক দাবী জনায়৷
ছিপাঝাৰত বৃহৎ পৰিমাণৰ ভূমি সন্দেহজনক লোকৰ কবলত থকাৰ পিছতো প্রশাসনে উচ্ছেদ নকৰাত তীব্র প্রতিক্রিয়া প্রকাশ কৰে তেওঁ৷ সংবাদ মেলত উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক ত্রিদিব শর্মাই কয়– চৰকাৰী তথ্য মতে, ছিপাঝাৰৰ উক্ত ভূমি পাব্লিক গ্রেজিং ৰিজার্ভত (পি জি আৰ) পৰে৷ এই পি জি আৰ ভূমিত ৩৪খন বিদ্যালয় আছে৷ ইয়াৰে অধিকাংশ বিদ্যালয় প্রাদেশিকীকৰণ কৰা হৈছে৷ বিদ্যালয়সমূহ কিহৰ আধাৰত আৰু কেনেকৈ প্রাদেশিকীকৰণ হ’ল সেই কথা খিলঞ্জীয়াৰ ত্রাণকর্তা হিচাপে জাহিৰ কৰাসকলে বিষয়টো ৰাজহুৱা কৰিব লাগে৷ ইফালে, ধনশিৰি কৃষি সমবায় সমিতিৰ সৈতে জড়িত থাকি মোৱামাৰীত বহু কষ্ট কৰি খেতি–বাতি কৰা নিবনুৱা যুৱকসকলক বিভিন্ন দিহা–পৰামর্শ দি অহা বিশিষ্ট অভিনেতা প্রাঞ্জল শইকীয়াই ব্রহ্মপুত্র সমবায় সমিতিৰ বিষয়ববীয়াই প্রাণজিৎ শইকীয়াৰ বিৰুদ্ধে মাটি দখলৰ অভিযোগ কৰা বিষয়টোৰ তীব্র বিৰোধিতা কৰে৷
তেওঁ কয়– আলফাৰ ল’ৰাসকলে বন্দুক এৰি বহু কষ্ট কৰি মোৱামাৰী চাপৰিত খেতি–বাতি কৰিছে৷ আর্থিকভাৱে স্বাৱলম্বী হ’বলৈ খিলঞ্জীয়া যুৱকৰ সৈতে মিলি তেওঁলোকে মৎস্য পালন কৰিছে৷ আমাৰ ল’ৰাসকলে মাটি বেদখল কৰিব যোৱা নাই৷ সন্দেহজনক লোকে দখল কৰা মাটি উচ্ছেদ কৰি খেতি কৰাৰ অধিকাৰ আছে খিলঞ্জীয়া লোকৰ৷ ইয়াৰ জৰিয়তে আমাৰ যুৱকসকলে আত্মনির্ভৰশীল হোৱাৰ প্রয়াস কৰিছে৷ এই ইতিবাচক পদক্ষেপক আদৰণি জনোৱাৰ পৰিৱর্তে মাটি দখলৰ অভিযোগ কৰি আমাৰ যুৱকসকলক হতাশ কৰিব বিচৰাটো দুর্ভাগ্যজনক৷