ৰাজ্যিক বিজেপিৰ সভাপতিৰ ঘোষণাঃ আজি নাড্ডাক দিব বিপিএফৰে মিত্রতা ভংগৰ প্রস্তাৱ
নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ বিটিচি নির্বাচনক লৈ ক্রমাৎ সংঘাত তীব্রতৰ হৈ পৰা বি পি এফ আৰু বিজেপিৰ মাজৰ মিত্রতা ভংগ হোৱাটো নিশ্চিত হৈছে৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে পুনৰ বি পি এফৰ সৈতে মিত্রতা ভংগ হ’ব বুলি স্পষ্ট কৰি দিলে৷ বিটিচি নির্বাচনৰ সময়ত দুয়োটা দলৰ মাজত চলা আক্রমণ–প্রতিআক্রম ইতিমধ্যে এই মিত্রতা যে অন্তিম পর্যায়ত উপনীত হৈছে, সেয়া স্পষ্ট কৰি দিছিল৷ বিশেষকৈ বিটিচি নির্বাচনৰ নেতৃত্ব লোৱা ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই প্রতিখন সভাত বি পি এফ তথা দলটোৰ মুৰব্বী হাগ্রামা মহিলাৰীক আক্রমণৰ লক্ষ্য কৰি লোৱাৰ লগতে হাগ্রামা মহিলাৰীয়েও ড০ শর্মাক উদ্দেশ্যি কৰা বিভিন্ন কটাক্ষ তথা সমালোচনাই শেহতীয়াকৈ দুয়ো দলৰ মাজৰ সংঘাত অধিক তীব্রতৰ কৰি তুলিছে৷
নির্বাচনী সভাসমূহত বি টি এ ডিত বিগত ১৫ বছৰে হাগ্রামা মহিলাৰীৰ নেতৃত্বত চলা লুণ্ঠনৰ প্রসংগ বাৰে বাৰে আঙুলিয়াই দিছে মন্ত্রী ড০ শর্মাই৷ বিটিচিত বিজেপিয়ে পৰিষদ গঠন কৰিলে এই দুর্নীতিৰ তদন্ত কৰাৰ লগতে কেলেংকাৰিত জড়িত বি টি এ ডিৰ ভি চি ডি চিসকলক জে’ললৈ প্রেৰণ কৰা হ’ব বুলি ড০ শর্মাই হুংকাৰ দিছে৷ ইয়াকে লৈ মিত্রতাৰ মাজত ফাট মেলাই নহয়, অধিক তীব্র হৈ পৰিছে দুয়ো দলৰ মাজৰ সংঘাত৷ সংঘাত তীব্রতৰ হৈ পৰাৰ সময়তে আজি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ স্পষ্ট ঘোষণা– দিল্লীত আজি ৰাষ্ট্রীয় নেতৃত্বৰ সৈতে হ’ব লগা বৈঠকত বি পি এফৰ সৈতে মিত্রতা ভংগৰ প্রস্তাৱ দাঙি ধৰা হ’ব৷ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কার্যালয়ত আজি তিৱা আৰু বিটিচি নির্বাচনৰ বাবে অনুষ্ঠিত দলৰ বিষয়ববীয়াৰ সভাৰ পূর্বে সাংবাদিকৰ আগত এই মন্তব্য কৰি ৰঞ্জিত দাসে কয়– বিগত লোকসভা নির্বাচনৰ সময়তে বিটিচিত বি পি এফৰ জনপ্রিয়তা যে হ্রাস পাইছে, সেয়া স্পষ্ট হৈছিল৷ বি পি এফৰ দখলত থকা ১২টা বিধানসভা সমষ্টিতে দলটো লোকসভা নির্বাচনত পৰাজিত হৈছিল৷ বি পি এফক যে বিটিচিৰ ৰাইজে আৰু বিচৰা নাই, সেয়াও স্পষ্ট হৈছিল৷ এইবাৰৰ বিটিচি নির্বাচনতো বি টি এ ডিৰ ৰাইজ বিজেপিৰ লগতহে থিয় দিছে৷ তদুপৰি ২০১৪ চনত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ তৎপৰতাতে বিটিচিত শান্তি ঘূৰি আহিল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কোকৰাঝাৰলৈ পূর্বৰ কেন্দ্রীয় গৃহমন্ত্রী ৰাজনাথ সিঙক প্রেৰণ কৰাৰ পাছত বিটিচিত থকা উগ্রপন্থীৰ বিৰুদ্ধে অলকেয়াৰ অপাৰেচন আৰম্ভ হৈছিল৷ তাৰ পাছতে বিটিচিলৈ শান্তি ঘূৰি আহে৷ গতিকে আজি হ’ব লগা দিল্লীৰ বৈঠকত ৰাষ্ট্রীয় নেতৃত্বক মিত্রতা ভংগৰ বাবে প্রস্তাৱ দিয়া হ’ব৷ মন কৰিবলগীয়া যে বি পি এফৰ সৈতে মিত্রতা ভংগ কৰা হ’ব বুলি পূর্বেও সভাপতি ৰঞ্জিত দাসে ঘোষণা কৰিছিল৷
আনকি বিটিচিত ৫.২০ লাখ বিজেপিৰ কার্যকর্তাই এই মিত্রতা বিচৰা নাই বুলি মুকলিকৈ উল্লেখ কৰিছিল সভাপতি দাসে৷ লক্ষণীয় যে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বি পি এফৰ সৈতে মিত্রতা ভংগ কৰিব বুলি ঘোষণা কৰাৰ পাছতেই বিয়লিৰ ভাগত ‘নেডা’ৰ আহ্বায়ক তথা জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো বি পি এফৰ সৈতে মিত্রতা নৱীকৰণ কৰা নহয় বুলি স্পষ্ট কৰি দিয়ে৷ ২০২১ চনত বিজেপিয়ে বিটিচিৰ সকলো আসনত প্রতিদ্বন্দ্বিতা কৰিব বুলিও স্পষ্ট কৰে৷
মন কৰিবলগীয়া যে আজি নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই আহ্বান কৰিছে এক বিশেষ বৈঠক৷ মুখ্যতঃ বিধানসভা নির্বাচনৰ লগতে বিটিচি নির্বাচন সন্দর্ভত আলোচনা কৰাৰ বাবে আয়োজন কৰা এই বৈঠকত উপস্থিত থাকিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, ৰঞ্জিত দাস, ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্রনাথ শর্মা আৰু ৰাষ্ট্রীয় সাংগঠনিক সম্পাদক বি এল সন্তোষ৷
আনহাতে, এই বৈঠকত অসমৰ বাবে নিযুক্তি দিয়া দুই প্রভাৰী বৈজয়ন্ত পাণ্ডা আৰু পৱন শর্মাও উপস্থিত থাকিব৷ এই বৈঠকতে ৰঞ্জিত দাসে বি পি এফৰ সৈতে নির্বাচনী মিত্রতা ভংগ কৰাৰ বাবে ৰাষ্ট্রীয় নেতৃত্বৰ ওচৰত প্রস্তাৱ দাঙি ধৰিব বুলি আজি জানিবলৈ দিয়ে৷ বি পি এফৰ সৈতে মিত্রতা ভংগ কৰিলেও অগপৰ সৈতে অব্যাহত থাকিব মিত্রতা৷ এই কথাও স্পষ্ট কৰে ৰঞ্জিত দাসে৷ তেওঁ কয়– অগপৰ সৈতে মিত্রতা ভংগৰ কোনো সম্ভাৱনা নাই৷ বিধানসভা নির্বাচনতো দুয়ো দলে মিত্রভাৱে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷
ইফালে, কংগ্রেছে গঠন কৰিব খোজা মহাজোঁটক ছিজন ফ্লাৱাৰ বুলি কটাক্ষ কৰিলে ৰঞ্জিত দাসে৷ তেওঁ কয়– বিধানসভা নির্বাচনৰ পূর্বে ছিজন ফ্লাৱাৰৰ দৰে হয় মহাজোঁট গঠন হয়৷ পদুম ফুলৰ সমুখত এই ছিজন ফ্লাৱাৰ টিকি থাকিব নোৱাৰিব৷ আনহাতে, অহা ২২ নৱেম্বৰত সাংসদ বিশ্বজিৎ দৈমাৰী আৰু বিধায়ক ইমানুৱেল মুছাহাৰীয়ে সহস্রাধিক বি পি এফ নেতা–কর্মীৰ সৈতে বিজেপিত যোগ দিব বুলিও আজি ৰঞ্জিত দাসে প্রকাশ কৰে৷