নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত উন্নত ক’ভিড পৰিস্থিতিঃ জিএমচিএইচত ১২০০ নমুনা পৰীক্ষাত মাত্র দুগৰাকীহে পজিটিভ

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ বিটিচি নির্বাচনৰ বাবে অসমত ক’ভিড সংক্রমণ বৃদ্ধি নহয় বুলি আশা ব্যক্ত কৰিছে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ গুৱাহাটীত আয়োজিত এখন সংবাদ মেলত মন্ত্রী ড০ শর্মাই কয় যে বিটিচি নির্বাচনৰ বাবে ক’ভিডৰ সংক্রমণ যাতে বৃদ্ধি নাপায়, তাৰ বাবে চৰকাৰে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিছে৷ অহা ডিচেম্বৰৰ পৰা ১৫ জানুৱাৰীৰ ভিতৰত জনসাধাৰণে সেই ছবিখন দেখিবলৈ পাব বুলি তেওঁ আশা প্রকাশ কৰে৷

ৰাজ্যৰ ক’ভিড পৰিস্থিতি উন্নত অৱস্থালৈ অহাৰ বিষয়ে জানিবলৈ দি তেওঁ কয় যে  গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ১,২০০ লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ সেইসকল লোকৰ ভিতৰত মাত্র দুগৰাকীৰহে পজিটিভ ওলাইছে৷ এই প্রসংগতে তেওঁ আৰু কয় যে সদ্যহতে বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ তেওঁ পক্ষপাতী নাছিল৷ তেওঁৰ ইচ্ছা আছিল এই নির্বাচন অহা মার্চ মাহলৈ পিছুৱাই ৰখাৰ৷ কিন্তু ৰাজ্য চৰকাৰে আয়োজন কৰা সর্বদলীয় বৈঠকত কংগ্রেছ, এ আই ইউ ডি এফ, বি পি এফ সকলোৱে অতি সোনকালে বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ দাবী জনালে৷

সর্বদলীয় বৈঠকখনত স্বাস্থ্যমন্ত্রী হিচাপে তেওঁ ক’ভিড পৰিস্থিতি ৰাজ্যখনত নিয়ন্ত্রণলৈ অনাৰ কথা উল্লেখ কৰি তেওঁ বিটিচি নির্বাচনো সুকলমে অনুষ্ঠিত কৰিব পাৰিব বুলিহে কয়৷ ইয়াৰ বাবেই বিটিচি নির্বাচন অনুষ্ঠিত কৰা হৈছে৷ বিটিচি নির্বাচন অনুষ্ঠিত হোৱাৰ পাছত পৰীক্ষণ কৰিলে ক’ভিডত আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি নহ’ব৷ স্বাভাৱিকভাৱে দুই–এজন ৰোগী ওলাব৷ কিন্তু বহুত বেছি সামূহিক পর্যায়ত সংক্রমণ এতিয়া নাই৷

You might also like