যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড, ৩৫টাকৈ ঘৰ ভস্মীভূত
নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ যোৰহাটত ষটপূজাৰ উলহ -মালহৰ মাজতেই এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । নগৰৰ মাজমজিয়াৰ ৰজামৈদামৰ হৰিজন কলনীত আজি পুৱা প্ৰায় ৬ মান বজাত জুইৰ লেলিহান শিখাই কলনীৰ প্ৰায় ৩৫ টাকৈ ঘৰ আগুৰি ধৰে আৰু জুইত বিস্তৰ ক্ষতি হয়।
অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীৰ যুঁজাৰুসকলে জুই নিৰ্বাপণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখে। যোৰহাট জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক দুৰ্ঘটনাস্হলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। উপায়ুক্ত ৰশ্মি অপৰাঞ্জি ক’ৰিটীয়ে জুই লগাৰ প্ৰকৃত কাৰণ এটা চাৰ্জাৰ লাইট বুলি জনোৱাৰ লগতে ষটপূজাৰ বাবে ঘৰকেইটাত কোনো মানুহ উপস্থিত নথকাৰ বাবে এক নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰে বুলিও কয় ।
অগ্নিৰ ফলত হোৱা ক্ষয় -ক্ষতিৰ পৰিমাণ মূল্যায়ণ কৰি থকা হৈছে । তদুপৰি উপায়ুক্তই চৰকাৰৰ পৰা সহায়-সহযোগিতা প্ৰতিশ্ৰুতি আৰু দুৰ্গতসকলৰ বাবে ভাৰতী হাইস্কুল আৰু হৰিজন এল পি স্কুলত ৰিলিফ কেম্প খোলাৰ ব্যৱস্থা কৰাৰ বিষয়েও উল্লেখ কৰে। ইফালে পুৱাৰে পৰাই হৰিজন কলনীত আজি কান্দোনৰ ৰোলৰে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।