নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড পৰিস্থিতি সন্দর্ভত চাৰি ৰাজ্যলৈ ছুপ্রিম ক’টৰ জাননী

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ ক’ৰোনা ভাইৰাছ মহামাৰীয়ে পুনৰ সংহাৰী ৰূপ ধাৰণ কৰা বিষয়টোত গভীৰ উদ্বেগ প্রকাশ কৰিছে উচ্চতম ন্যায়ালয়ে৷ দেশৰ শীর্ষ আদালতখনে  উল্লেখ কৰিছে যে ৰাজ্যসমূহে ক’ভিড মহামাৰীৰ মোকাবিলাৰ বাবে নিজকে সম্পূর্ণৰূপে সাজু নকৰিলে ডিচেম্বৰ মাহত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে৷

ইফালে, দিল্লী, গুজৰাট, মহাৰাষ্ট্র আৰু অসমত ক’ৰোনা ভাইৰাছে বর্তমান কেনে পৰিস্থিতিৰ সৃষ্টি কৰিছে, সেই সন্দর্ভত দুদিনৰ ভিতৰতে প্রতিবেদন বিচাৰিছে ন্যায়ালয়ে৷ ন্যায়ালয়ৰ মতে এই চাৰিওখন ৰাজ্যত চলিত মাহত ক’ৰোনা ভাইৰাছৰ সংক্রমণে অধিক দ্রুত ৰূপ ধাৰণ কৰিছে৷ গতিকে ৰাজ্যসমূহৰ পৰা এই বিষয়টো সন্দর্ভত ন্যায়ালয়ে তাৎক্ষণিকভাৱে প্রতিবেদন বিচাৰি ক’ভিড–১৯ মহামাৰীৰ মোকাবিলাৰ ক্ষেত্রত প্রকৃততে ৰাজ্য চৰকাৰসমূহে কেনে ব্যৱস্থা গ্রহণ কৰিছে সেই সন্দর্ভত সবিশেষ জানিব বিচাৰিছে৷

You might also like