নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নীতিশক মহাজোঁটত যোগদানৰ আহ্বান

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ বিহাৰৰ মুখ্যমন্ত্রী তথা জে ডি(ইউ)ৰ মুৰব্বী নীতিশ কুমাৰক আৰ জে ডি নেতৃত্বাধীন মহাজোঁটত পুনৰ যোগদান কৰাৰ বাবে আৰ জে ডিৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে৷ বিহাৰৰ ৰাজনীতিত এই আশ্চর্যজনক ওলোটা খৰ দেখিবলৈ পোৱা গৈছে আৰ জে ডি নেতাৰ বক্তব্যত৷ মূল বিৰোধী দলটোৰ জ্যেষ্ঠ নেতা অমৰনাথ গামীয়ে নীতিশ কুমাৰলৈ এই আহ্বান জনাইছে৷

স্মর্তব্য যে মহাজোঁটত বর্তমান আৰ জে ডিৰ উপৰি সহযোগী দল হিচাপে আছে কংগ্রেছ তথা বাঁওপন্থী দলবোৰ৷ গামীৰ মতে নীতিশ কুমাৰে মহাজোঁটত যোগদান কৰি কেন্দ্রত বিজেপিৰ বিৰুদ্ধে তৃতীয় ফ্রণ্টৰ নেতৃত্ব দিয়া উচিত৷ বিহাৰত এন ডি এ চৰকাৰ দীর্ঘদিন নাথাকে বুলিও নেতাগৰাকীয়ে উল্লেখ কৰিছে৷ নেতাগৰাকীৰ মতে এন ডি এই বিহাৰৰ নির্বাচনত প্রৱঞ্চনাৰ জৰিয়তে সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিছে৷ গতিকে এই চৰকাৰখন কেতিয়াও সুস্থিৰ হৈ নাথাকে৷ এন ডি এৰ সংখ্যাগৰিষ্ঠতা আজিৰ মুহূর্তত আছে যদিও কম দিনৰ ভিতৰতে চৰকাৰখনত ভাঙোন আহিব বুলিও নেতাগৰাকীয়ে ভৱিষ্যদ্বাণী কৰিছে৷ গতিকে নীতিশ কুমাৰে শীঘ্রে কেন্দ্রত তৃতীয় মর্চাৰ বাবে মহাজোঁটত যোগদান কৰা উচিত বুলি ঘোষণা কৰিছে গামীয়ে৷

আৰ জে ডি নেতাগৰাকীয়ে এই কথাও দৃঢ়তাৰে ঘোষণা কৰিছে যে নীতিশ কুমাৰ চৰকাৰৰ পতনৰ পিছত তেজস্বী যাদৱ হ’ব বিহাৰৰ মুখ্যমন্ত্রী৷ লক্ষণীয়ভাৱে এন ডি এই ১২৬খন আসনেৰে বিহাৰত সংখ্যাগৰিষ্ঠতা লাভ কৰিছে৷ ইফালে, আৰ জে ডি নেতৃত্বাধীন মহাজোঁটে লাভ কৰিছে ১১০খন আসন৷

You might also like