প্রকৃত আঞ্চলিকতাবাদী জাতীয়তাবাদী নেতা আছিল গগৈ
-বিপুল গগৈ
কালি মহাপ্রয়াণ ঘটা অসমৰ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ প্রকৃততে এজন আঞ্চলিকতাবাদী আৰু জাতীয়তাবাদী মানুহ আছিল৷ তেওঁৰ কাম–কাজ, চিন্তা–চর্চাত সেয়া প্রতিফলিত হৈছে৷ তেওঁৰ দৃষ্টিত সকলো সমান আছিল৷ আমাৰ দেশৰ সংবিধানত উল্লেখ থকা ধর্মনিৰপেক্ষতা তেওঁৰ কাম–কাজ আচৰণত প্রতিফলিত হৈছিল৷ বিগত ২০ বছৰ ধৰি গগৈ ছাৰক নিতান্ত কাষৰ পৰা পাইছোঁ৷ তেওঁৰ সৈতে বহু স্মৃতি জড়িত হৈ আছে৷ ১৯৯২ত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এম এছ চি পাছ কৰাৰ পাছত সেই সময়ৰ কেন্দ্রীয় মন্ত্রী পৱন সিং ঘাটোৱাৰ ছাৰৰ পি এ হিচাপে যোগদান কৰাৰ পাছতেই ১৯৯৩–৯৪ৰ কোনো এটা দিনত গগৈ ছাৰৰ সৈতে মোৰ প্রথম চিনাকি হয়৷ সেই সময়ত গগৈ ছাৰ কেন্দ্রীয় ফুড প্রচেছিং দপ্তৰৰ মন্ত্রী আছিল৷ পৰৱর্তী পর্যায়ত মুহিৰাম শইকীয়া, বিজয়া চক্রৱর্তীৰ লগতো কাম কৰোঁ৷ ২০০১ চনত গগৈ ছাৰ অসমৰ মুখ্যমন্ত্রী হোৱাৰ পাছত দিল্লীত কোনো এটা দিনত ছাৰক লগ পোৱাত মই অসমলৈ অহাৰ আগ্রহ প্রকাশ কৰোঁ আৰু গগৈ ছাৰে মোক তেওঁৰ সৈতে আহিবলৈ কয়৷ সেই অনুসৰি ২০০১ চনৰ জুন মাহত অসমৰ মুখ্যমন্ত্রী তৰুণ গগৈৰ স্পেচিয়েল প্রট’কল অফিচাৰ হিচাপে কামত যোগদান কৰোঁ৷ সেই দিন ধৰি আজি ২০ বছৰ ধৰি গগৈ ছাৰৰ লগতে আছোঁ৷ গগৈ ছাৰে প্রতিমুহূর্ততে অসমৰ বাবে চিন্তা–চর্চা কৰিছিল৷ আইন–শৃংখলা পৰিস্থিতিৰ সমান্তৰালভাৱে ৰাজ্যখনৰ সর্বাংগীণ উন্নয়নক আগস্থান দি দূৰদৃষ্টিসম্পন্ন কার্যসূচী গ্রহণ কৰা প্রতিমুহূর্ততে আমাৰ পৰিলক্ষিত হৈছিল৷ কামৰ ক্ষেত্রতো তেওঁ অতি নিয়াৰিকৈ সকলো সম্পাদিত হোৱাটো বিচাৰিছিল৷ তেওঁ মুখ্যমন্ত্রী হৈ থকাৰ ১৫টা বছৰত তেনে বহু অভিজ্ঞতাৰ সন্মুখীন হৈছোঁ৷ কেতিয়াবা কোনো সভা বা অনুষ্ঠানলৈ যোৱাৰ প্রাকমুহূর্তত তেওঁক যোগান ধৰিবলগীয়া তথ্যপাতি কিবা ৰৈ থাকিলে তেওঁ খং কৰিছিল৷ কিছু সময় পাছত যেতিয়া তেওঁক সেই তথ্য দিয়া হৈছিল, তেতিয়া আকৌ তেওঁ সেই খং পাহৰি ধন্যবাদ দিছিল৷ বিত্তীয় আয়োগৰ বৈঠকলৈ যোৱাৰ পূর্বে তেওঁক আমি কোনখন জিলাৰ মাটিকালি কিমান, জনসংখ্যা কিমান, কোন ৰাজ্যক কিমান টকা দিছে, স্বায়ত্তশাসিত পৰিষদসমূহে কিমান টকা পাইছে, সেই সম্পর্কত বিস্তৃত তথ্য দিব লাগিছিল৷ আমি দেখিছিলোঁ গগৈয়ে সেই বৈঠকসমূহত উক্ত তথ্যৰ আধাৰত অসমক বৈষম্য কৰাৰ অভিযোগ কৰিছিল৷ সততে আমি দেখিবলৈ পাইছিলোঁ কার্বি আংলঙত ইমান জনসংখ্যাৰ বিপৰীতে চুবুৰীয়া ৰাজ্য মেঘালয় আদিৰ জনসংখ্যা কম হোৱা সত্ত্বেও অধিক পুঁজি পোৱাক লৈ প্রশ্ণ উত্থাপন কৰাই নহয়, তেনে বৈষম্য আঁতৰ নহ’লে এই অঞ্চলসমূহত ক্ষোভ, অসন্তুষ্টি সৃষ্টি নহ’ব কিয় বুলিও কেন্দ্রক পতিয়ন নিয়াবলৈ সক্ষম হৈছিল৷ গগৈৰ এনে সবল স্থিতিৰ বাবে সেই সময়ত অটল বিহাৰী বাজপেয়ী চৰকাৰেও অসমক পুঁজি যোগান ধৰিবলৈ বাধ্য হৈছিল৷ ৰাজনৈতিক ক্ষেত্রৰ বিশাল ব্যক্তিত্বৰ গগৈ ব্যক্তিগত জীৱনতো আছিল অন্যতম সচেতন৷ চৌখিনতাৰ লগতে তেওঁ এজন খাদ্যৰসিকো আছিল৷ সদায় একেবিধ খাদ্য দিলে তেওঁ বেয়া পাইছিল৷ আনকি কোন দিনা কি খাদ্য দিব লাগিব, সেই সম্পর্কে মুখ্যমন্ত্রী হৈ থকা অৱস্থাতো তেওঁ নিজৰ পছন্দ মতে নির্দেশ দিছিল৷ তদুপৰি কেনেদৰে সুস্বাদু খাদ্য বনাব লাগিব, তাৰ ৰেচিপিও তেওঁ নিজেই দিছিল৷ এবাৰ গগৈ ছাৰৰ সৈতে মই কানাডালৈ গৈছিলোঁ৷ কানাডাত এখন ইণ্ডিয়ান ৰেষ্টুৰেণ্ট দেখি গগৈ ছাৰ তাত সোমাল৷ ৰেষ্টুৰেণ্টখনত তেওঁ লাচিৰ অর্ডাৰ দিলে৷ ৰেষ্টুৰেণ্ট কর্তৃপক্ষই ছুইট লাচি দিব নে শ্বল্ট লাচি দিব, সেই বিষয়ে সোধাত গগৈয়ে ছুইট–শ্বল্ট দুয়োটাকে দিবলৈ ক’লে৷ গগৈৰ মতে বনোৱা সেই লাচি ইমানেই সুস্বাদু হৈ পৰিল যে পিছলৈ ৰেষ্টুৰেণ্টখনে সেইটো এটা নতুন মেনু হিচাপে গ্রহণ কৰিলে৷