জিএমচিৰ নির্বাচনক লৈ হাইক’ৰ্টত পিআইএল
নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ গুৱাহাটী পৌৰ নিগমৰ (জি এম চি) নির্বাচনৰ সময় পাৰ হোৱাৰ পিছতো অনুষ্ঠিত নোহোৱা বিষয়টোৱে এইবাৰ স্থান লাভ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত৷ পৌৰ নিগমৰ নির্বাচন সময়মতে অনুষ্ঠিত নকৰা কার্যক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত আবেদন (পি আই এল) দাখিল কৰা হৈছে৷ মীৰা বৰঠাকুৰে দাখিল কৰা ৭২/২০২০ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে পৰৱর্তী সপ্তাহৰ ভিতৰত এই সন্দর্ভত উত্তৰ দিবলৈ ৰাজ্য চৰকাৰক জাননী প্রেৰণ কৰিছে৷ উল্লেখ্য যে গুৱাহাটী পৌৰ নিগমৰ বর্তমানৰ কার্যবাহী পৰিষদখনৰ ম্যাদ ২০১৮ চনৰ জুন মাহতে উকলি গৈছে৷ ইয়াৰ পিছতে নির্বাচন অনুষ্ঠিত কৰিব লাগিছিল৷ ইতিমধ্যে অসম ৰাজ্যিক নির্বাচন আয়োগে খচৰা ভোটাৰ তালিকাও প্রকাশ কৰিছে৷ কিন্তু ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্রক্রিয়া, লোকসভা নির্বাচন তথা বানপানীৰ অজুহাতত বিভিন্ন সময়ত পৌৰ নিগমৰ নির্বাচন অনুষ্ঠিত কৰাত বিলম্ব কৰি আহিছে সংশ্লিষ্ট কর্তৃপক্ষই৷ যাৰ বাবে সময়মতে অনুষ্ঠিত কৰিব পৰা নহ’ল পৌৰ নিগমৰ নির্বাচন৷ সম্প্রতি গুৱাহাটী পৌৰ নিগমৰ অধীনত ৱার্ডৰ সংখ্যা হৈছে ৩১টা৷