ডিব্রুগড়ত ‘বুথ কী বাত’ত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ আজি ডিব্রুগড়ত ‘বুথ কী বাত’ত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ডিব্ৰুগড়ত সতীৰ্থ কাৰ্যকৰ্তাসকলৰ সৈতে ১৬১ নং বুথত উপস্থিত থাকি কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
এক টুইটযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- “সবল বুথ, শক্তিশালী ভাজপা। ডিব্ৰুগড়ত সতীৰ্থ কাৰ্যকৰ্তাসকলৰ সৈতে মোৰ ১৬১ নং বুথত উপস্থিত থাকি ‘বুথ কী বাত’ত অংশগ্ৰহণ কৰোঁ আৰু কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰোঁ। একে সময়তে মোদী ডাঙৰীয়াৰ ‘মন কী বাত’ শুনি আপ্লুত হ’লোঁ। শক্তিশালী বুথে আমাৰ দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰি আহিছে। আজি ‘বুথ কী বাত’ত দলৰ তৃণমূল ভেটি অধিক শক্তিশালী কৰা, নিৰ্বাচনমুখী প্ৰস্তুতি আদিকে ধৰি বিভিন্ন বিষয় আলোচনা কৰোঁ আৰু কাৰ্যকৰ্তাসকলক নতুন উদ্যমেৰে কাম কৰি যাবলৈ আহ্বান জনাওঁ।”
As a karyakarta, participated in #BoothKiBaat at my booth in Dibrugarh today. Deliberated on various aspects such as vote share, our preparation for ensuing elections & encouraged all karyakartas to further strengthen @BJP4Assam‘s base at the grassroots.@JPNadda @RanjeetkrDass pic.twitter.com/YpXMNjJuds
— Sarbananda Sonowal (@sarbanandsonwal) November 29, 2020