নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চানমাৰিৰ পৰাই অহিংস পন্থাৰে আন্দোলন অব্যাহত ৰখাৰ সংকল্প আছুৰ

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ । লোকসভা আৰু ৰাজ্যসভাত এই বিধেয়ক গৃহীত হোৱাৰ পাচত বৃহস্পতিবাৰে নিশা ৰাষ্ট্ৰপতিৰ অনুমতি আৰু স্বাক্ষৰ সাপেক্ষে আইনত পৰিণত হ’ল এই বিতৰ্কিত এই বিধেয়ক ।

বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীত সান্ধ্য আইন জাৰি হৈ থকাৰ পাচতো আছুৰ আহ্বান মৰ্মে লতাশিলত উপস্থিত হ’ল অগণন লোক । শিল্পী, সাংবাদিক বুদ্ধিজীৱি আৰু অসংখ্য লোকৰ সমাগমৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ আহ্বান জনায় ।

শুকুৰবাৰে পুনৰ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে মহানগৰীৰ চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত গ্ৰহণ কৰা হয় এক গণ অনশন কাৰ্যসূচী । ৰাজ্যৰ শিল্পী সমাজ, বুদ্ধিজীৱি আৰু ছাত্ৰ-ছাত্ৰীয়ে আজি অংশগ্ৰহণ কৰে এই গণ অনশন কাৰ্যসূচীত । এই অনশন কাৰ্যসূচীৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন অব্যাহত ৰখাৰ লগতে শান্তি-শৃংখলা বজাই ৰখাৰ আহ্বান জনায় । কিয়নো এই প্ৰতিবাদৰ সুযোগ লৈয়ে একাংশ দুষ্কৃতিকাৰীয়ে সংঘটিত কৰি আহিছে বিক্ষিপ্ত ঘটনা । আন্দোলনক স্থবিৰ কৰিব পৰা এনে বিক্ষিপ্ত ঘটনা ৰোধ কৰিবলৈও আছুৱে সন্ধ্যা ৫ বজাৰ পিছত কোনো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ নকৰে বুলি উল্লেখ কৰে ।

You might also like