মাজুলীৰ পৰাই ৭২খন আৰক্ষী নিৱেশৰ আধাৰশিলা
নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কালি মাজুলী জিলাৰ জেংৰাইমুখ আৰক্ষী থানাৰ চৌহদত প্রি–ইঞ্জিনীয়ার্ড বিল্ডিং প্রযুক্তিৰে নির্মাণ হ’বলগীয়া জেংৰাইমুখ আৰক্ষী নিৱেশ নির্মাণৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি ৰাজ্যখনৰ আন ৭১খন ঠাইত নির্মাণ হ’বলগীয়া এনেধৰণৰ আৰক্ষী নিৱেশৰ আধাৰশিলাও ভার্চুৱেলি এই স্থানৰ পৰাই স্থাপন কৰে৷
উল্লেখ্য যে ৰাজ্য চৰকাৰে প্রথম পর্যায়ত ১০০খন আৰক্ষী নিৱেশ নির্মাণৰ পদক্ষেপ লৈছে৷ কালি ইয়াৰে ৭২খনৰ নির্মাণৰ শুভাৰম্ভ কৰা হয়৷ বিটিচি আৰু তিৱা স্বায়ত্তশাসিত পৰিষদ এলেকাত নির্বাচনৰ আর্হি–আচৰণবিধি বলৱৎ হৈ থকা বাবে এই নির্বাচন প্রক্রিয়াৰ সমাপ্তিৰ পাছতেই বাকী ২৮খন আৰক্ষী নিৱেশ নির্মাণৰ কাম–কাজ আৰম্ভ কৰা হ’ব৷
আৰক্ষী বাহিনীৰ থকা ব্যৱস্থাৰ সুবিধার্থে ‘মৈত্রী আঁচনি’ৰ অধীনত এই পদক্ষেপ লোৱা হৈছে আৰু এই আঁচনিখন হাউছফেডৰ দ্বাৰা ৰূপায়ণ কৰা হ’ব৷ এই উপলক্ষে জেংৰাইমুখ আৰক্ষী থানা চৌহদত অনুষ্ঠিত হোৱা সভাত মুখ্যমন্ত্রী সোণোৱালে কয় যে জেংৰাইমুখ তথা সমগ্র মাজুলীবাসীৰ বাবে এক উল্লেখযোগ্য দিন৷ পোনপ্রথমবাৰৰ বাবে ৰাজ্য চৰকাৰে ৰাজ্যজুৰি ৰূপায়ণ হ’বলগীয়া এখন গুৰুত্বপূর্ণ আঁচনিৰ শুভাৰম্ভ জেংৰাইমুখৰ পৰা কৰিছে৷ এনেধৰণৰ কার্যসূচী সাধাৰণতে গুৱাহাটী মহানগৰীৰ পৰাই শুভাৰম্ভ কৰা হয় যদিও জেংৰাইমুখৰ পৰা শুভাৰম্ভ কৰা এই আঁচনিখনে এক বিশেষ বার্তা বহন কৰিব৷
আৰক্ষী বাহিনীয়ে ৰাজ্যখনৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে দিনে–নিশাই কর্তব্যত ব্রতী হৈ থাকে বুলি উল্লেখ কৰি আৰক্ষী বাহিনীৰ লোকসকলৰ সেয়েহে শাৰীৰিক আৰু মানসিক স্বাস্থ্য শক্তিশালী হৈ থাকিব লাগিব বুলি মন্তব্য কৰি তেওঁ পুনৰ কয় যে বর্তমানৰ ৰাজ্য চৰকাৰখনে ‘মৈত্রী আঁচনি’ৰ জৰিয়তে আৰক্ষী বাহিনীৰ লোকসকলৰ বাবে প্রয়োজনীয় নূ্যনতম আন্তঃগাঁথনিসমূহ প্রদানৰ বাবে শক্তিশালী পদক্ষেপ লৈছে৷ আৰক্ষী বাহিনীৰ লোকসকলৰ বাবে এনেধৰণৰ পদক্ষেপ বহু পূর্বেই গ্রহণ কৰিব লাগিছিল যদিও পূর্বৰ চৰকাৰসমূহে এইক্ষেত্রত কোনো ধৰণৰ আন্তৰিকতা প্রদর্শন নকৰিলে৷ পূর্বৰ চৰকাৰসমূহে আৰক্ষীক নূ্যনতম আন্তঃগাঁথনিসমূহ প্রদানৰ পৰিৱর্তে কেৱল সেৱাহে বিচাৰিছিল বুলি মুখ্যমন্ত্রী সোণোৱালে আক্ষেপ প্রকাশ কৰে৷ ভাষণ প্রসংগত তেওঁ সন্ত্রাসবাদ, ড্রাগছৰ বিৰুদ্ধে চলোৱা অভিযান, নাৰীজনিত অপৰাধ ৰোধ কৰাৰ দিশত লাভ কৰা সফলতা ইত্যাদিয়ে আৰক্ষী বাহিনীৰ প্রতিচ্ছবি সলনি কৰিছে বুলি কোৱাৰ লগতে জনসাধাৰণৰ আৰক্ষী বাহিনীৰ প্রতি থকা আস্থা দিনক দিনে বৃদ্ধি পাইছে বুলিও উল্লেখ কৰে৷
মুখ্যমন্ত্রী সোণোৱালে আৰক্ষী নিৱেশ নির্মাণৰ লগত জডিত থকা হাউছফেডক এই কাম অত্যন্ত নিষ্ঠা আৰু দায়বদ্ধতাৰে নির্ধাৰিত সময়ৰ ভিতৰত সম্পন্ন কৰাৰ বাবেও আহ্বান জনায়৷ অনুষ্ঠানত ভাষণ প্রদান কৰি ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক (স্বতন্ত্র) মন্ত্রী যোগেন মহনে কয় যে মুখ্যমন্ত্রী সোণোৱাল নেতৃত্বাধীন বর্তমানৰ ৰাজ্য চৰকাৰখনে আৰক্ষী প্রশাসনক আধুনিকীকৰণৰ বাবে লোৱা পদক্ষেপে সমাজত যুগান্তকাৰী পৰিৱর্তনৰ সূচনা কৰিব৷ তেওঁ আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ দূৰত্ব হ্রাস কৰি বিভাগটোক জনতাৰ বুকুৰ আপোন হোৱাৰ বাবে আহ্বান জনায়৷ অনুষ্ঠানত বক্তব্য প্রদান কৰি পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ ৰাজ্যিক (স্বতন্ত্র) মন্ত্রী নৱকুমাৰ দলেই ‘মৈত্রী আঁচনি’ৰ জৰিয়তে থানাসমূহৰ আন্তঃগাঁথনি উন্নীতকৰণ তথা বেৰেক নির্মাণৰ পদক্ষেপ মুখ্যমন্ত্রী সোণোৱালৰ এক ঐতিহাসিক সিদ্ধান্ত ৰূপে অভিহিত কৰে৷ এই আঁচনিৰ অধীনত নির্মিত আধুনিক সা–সুবিধাযুক্ত থানাসমূহে আৰক্ষী বাহিনীটোক আৰু অধিক দায়বদ্ধতাৰে জনসাধাৰণলৈ সেৱা কৰাৰ বাবে অনুপ্রাণিত তথা উদ্বুদ্ধ কৰিছে বুলিও তেওঁ মন্তব্য কৰে৷
এই অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্রদান বৰুৱায়ো ভাষণ প্রদান কৰে৷ মৈত্রীৰ দৰে যুগান্তকাৰী আঁচনি গ্রহণৰ জৰিয়তে বর্তমানৰ ৰাজ্য চৰকাৰখনে ৰাজ্যখনৰ আইন–শৃংখলাৰ দিশতো আমূল পৰিৱর্তন আনিলে বুলি মন্তব্য কৰি ইয়াৰ বাবে তেওঁ মুখ্যমন্ত্রী সোণোৱালক কৃতজ্ঞতা জ্ঞাপন কৰে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই কয় যে দায়িত্বশীল ভাবমূর্তিৰ বাবে আৰক্ষী থানাসমূহৰ সর্বাংগীণ আন্তঃগাঁথনি উন্নীতকৰণ আঁচনি ‘মৈত্রী’ গ্রহণৰ যোগেদি মুখ্যমন্ত্রী সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে এক বৈপ্লৱিক সিদ্ধান্ত গ্রহণ কৰিলে৷ যুগ যুগ ধৰি আৰক্ষী বাহিনীৰ লোকসকলে অতি কদর্য পৰিৱেশৰ মাজত কর্তব্য সমাপন কৰিবলগীয়া হৈছিল বুলি উল্লেখ কৰি ‘মৈত্রী আঁচনি’ গ্রহণৰ বাবে মুখ্যমন্ত্রী সোণোৱালৰ নাম অসমৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব বুলি তেওঁ মন্তব্য কৰে৷ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান হৰমিত সিঙে আদৰণী ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত গৃহ বিভাগৰ প্রধান সচিব নীৰজ বার্মায়ো ভাষণ প্রদান কৰে৷ অনুষ্ঠানত লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপর্ণ বৰুৱা, গৃহ বিভাগৰ আয়ুক্ত জি ডি ত্রিপাঠী, আৰক্ষী প্রশাসন তথা গৃহ বিভাগৰ শীর্ষ বিষয়াসকল, জিলা উপায়ুক্ত বিক্রম কৈৰী, আৰক্ষী অধীক্ষক অপর্ণা নটৰাজন, অসম ক্রিকেট সন্থাৰ সভাপতি ৰমেন দত্তকে ধৰি বহুসংখ্যক গণ্য–মান্য ব্যক্তি উপস্থিত থাকে৷