অতুল-কেশৱৰ হিটলাৰী নেতৃত্বৰ বিৰুদ্ধে প্ৰতিবাদ, মৰিগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত ২২ খন কমিটিৰ ভিতৰত ২১ খনৰ পদত্যাগ
অগপ ৰ কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে পঞ্জীভূত ক্ষোভৰ উদ্দিগীৰণ
নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ অৱশেষত কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে দীৰ্ঘ দিন ধৰি পঞ্জীভূত হৈ থকা ক্ষোভৰ বিস্ফোৰণ ঘটাই মৰিগাঁও বিধান সভা সমিষ্টিৰ অন্তৰ্গত অসম গণ পৰিষদৰ ২২ খন আঞ্চলিকৰ ভিতৰত ২১ খনে পদত্যাগ কৰাত একপ্ৰকাৰে জিলাখনৰ আঞ্চলিকতাবাদী শিবিৰত ধুমুহাৰ সৃষ্টি হৈছে। তাৰ সমানে সমানে উচ্চাৰিত হৈছে অগপ ৰ তিনি কেন্দ্ৰীয় নেতাৰ বিৰুদ্ধে তৃণমূল কৰ্মীৰ বিদ্ৰোহৰ প্ৰসংগ। আজি মৰিগাঁও সাংবাদিক সন্থাৰ কাৰ্যলয়ত ৰ প্ৰেক্ষাগৃহত মৰিগাঁও বিধান পৰিষদৰ সভাপতি ৰাজু বৰদলৈ আৰু সম্পাদক ৰাজীৱ কাকতি আৰু আমিৰ হুছেইন ৰ নেতৃত্বত দল তোৰ ২১ খন অঞ্চলিকৰ নেতা কৰ্মী সকলে অগপ ৰ পৰা পদত্যাগ কৰে বুলি ঘোষণা কৰে।
উল্লেখ্য অজিৰ এই সভা খনত সদ্য পদত্যাগী অগপ নেতা বাণী দাসেও অংশ গ্ৰহণ কৰি অগপ ৰ কেন্দ্ৰীয় নেতৃত্বৰ ভুল নীতিৰ বাবেই বহু নিষ্ঠাবান নেতা কৰ্মী দলৰ পৰা ওলাই আহিব লগীয়া হৈছে বুলি প্ৰকাশ কৰে। অগপ নেতা গৰাকীয়ে কৈ যে শ্বহীদ গজেন ইংতি পুতুল শইকীয়াৰ আত্মবলিদানৰ পুণ্যভূমি মৰিগাঁও ত আজি জাতীয়তাবাদৰ স্তম্ভ থৰক বৰক। প্ৰতিবাৰেই আসন বুজাবুজিৰ নামত অগপ নেতৃত্বই মৰিগাঁও আসন খন লৈ আপোচ কৰি অহাৰ বাবে দলৰ তৃণমূল কৰ্মী সকল হতাশ হৈ পৰিছে। এইবাৰ বিধান সভা নিৰ্বাচনৰ সময়তো একেই ঘটনাৰ পুনৰাবৃত্তি হোৱাটো নিশ্রিত হোৱাত দলটোৰ নেতা কৰ্মী সকলৰ বাবে পদত্যাগৰ বাহিৰে অন্য উপায় নাছিল। আনহাতে ডলত্যাগী নেতা ৰাজু বৰদলৈয়ে কৈ যে অগপ সভাপতি গৰাকীয়ে বিগত সময় চোৱাত দল তোক শক্তিশালী কৰাৰ পৰিবৰ্তে তেওঁলোকক অৱহেলা প্ৰদৰ্শন কৰি আহিছিল। আজি দল ত্যাগ কৰা উল্লেখযোগ্য নেতা সকল ক্ৰমে খগেন বৰদলৈ, বুবুল শইকীয়া, দিগন্ত শইকীয়া, ৰিনা ডেকা, জিন্টু কলিতা, মাধৱ দাস, জিয়াযূর ৰহমান, জিতু নাথ আদি উল্লেখযোগ্য।