নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী–ডিগবৈ মার্ঘেৰিটাত আয়কৰৰ অভিযান; কয়লা মাফিয়াৰ হাহাকাৰ

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ আয়কৰ বিভাগৰ অভিযানে কঁপাইছে ৰাজ্যৰ ক’লা হীৰাৰ ক’লা সাম্রাজ্য৷ আজি আয়কৰ বিভাগে ৰাজ্যৰ তিনিজন বিতর্কিত কয়লা ব্যৱসায়ীৰ বাসগৃহ তথা ব্যৱসায়িক প্রতিষ্ঠানত মাৰাথন তালাচী অভিযান চলোৱাৰ পাছত হাহাকাৰ লাগিছে কয়লা ব্যৱসায়ীসকলৰ মাজত৷ উল্লেখ্য যে ৰাজ্যখনত দীর্ঘদিন ধৰি কয়লাৰ অবৈধ ব্যৱসায় আৰু কয়লা ছিণ্ডিকেটক লৈ বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে৷ কয়লাৰ অবৈধ ব্যৱসায়ৰে বিতর্কিত ব্যৱসায়ী আৰু ছিণ্ডিকেট চক্রই কোটি কোটি টকাৰ কৰ ফাঁকি দি অহাৰ সময়তে আজি আয়কৰ বিভাগে চলোৱা অভিযানে বিশেষ তাৎপর্য বহন কৰিছে৷

উল্লেখ্য যে ডিগবৈত বিতর্কিত কয়লা ব্যৱসায়ী সত্যনাৰায়ণ আগৰৱালা, মার্ঘেৰিটাত পংকজ চৌধুৰী আৰু গুৱাহাটীত ৰাজ্যৰ এজন বিতর্কিত কয়লা ব্যৱসায়ী নবীন সিংহালৰ বাসগৃহ আৰু ব্যৱসায়িক প্রতিষ্ঠানত আয়কৰ বিভাগে তালাচী অভিযান চলায়৷ এই তিনিজন প্রভাৱশালী ব্যৱসায়ী আয়কৰ বিভাগৰ ৰোষত পৰা বিষয়টো বিশেষভাৱে গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে৷ ৰাজ্যৰ বিতর্কিত কয়লা ব্যৱসায়ী নবীন সিংহালৰ বিৰুদ্ধে থকা কোটি কোটি টকাৰ কৰ ফাঁকিৰ গোচৰ সন্দর্ভত আয়কৰ বিভাগে আজি তালাচী অভিযান চলায়৷ গুৱাহাটীৰ বেলতলাস্থিত আন ইকিউ প্লাজত থকা কয়লা ব্যৱসায়িক প্রতিষ্ঠান মহালক্ষ্মী গ্রুপত আজি দিনৰ ১০ বজাৰ পৰা আয়কৰ বিভাগৰ দল এটাই তালাচী চলায়৷ আন ইকিউ প্লাজাৰ তৃতীয় মহলাত থকা বিতর্কিত ব্যৱসায়ীজনৰ প্রতিষ্ঠানত আয়কৰ বিভাগৰ দলটোৱে তন্ন তন্নকৈ তালাচী চলায়৷

আনহাতে, ব্যৱসায়ীজনৰ গণেশগুৰিৰ মাণিকনগৰত থকা চিলভাৰ ৱাক নামৰ বাসগৃহত আয়কৰ বিভাগৰ আন এটা দলে একে সময়তে তালাচী চলায়৷ আয়কৰ ফাঁকিৰ গোচৰত আয়কৰ বিভাগৰ দলে কয়লা ব্যৱসায়ীজনৰ ব্যৱসায়িক প্রতিষ্ঠান আৰু বাসগৃহত অভিযান চলাই বহু ভুৱা জি এছ টিৰ নথি আৰু গুৰুত্বপূর্ণ নথি–পত্র জব্দ কৰে বুলি জানিব পৰা গৈছে৷ আয়কৰ বিভাগৰ এক সূত্রই জনোৱা মতে, মাণিকনগৰৰ বাসগৃহত অভিযান চলোৱাৰ সময়ত নবীন সিংহাল আৰু তেওঁৰ পত্নী উপস্থিত নাছিল৷ অভিযানৰ সময়ত ব্যৱসায়ীজনৰ পুত্রহে উপস্থিত আছিল৷ নবীন সিংহালৰ পুত্রই অভিযানকাৰী দলটোক জনোৱা মতে, তেওঁৰ পিতৃ আৰু মাতৃ কালি বিমানেৰে দিল্লীলৈ গৈছে৷

উল্লেখ্য যে ক’লা হীৰাৰ ব্যৱসায়ৰ বিশাল সাম্রাজ্য গঢ়ি তোলা একছত্রী সম্রাটস্বৰূপ এইজন বিতর্কিত ব্যৱসায়ীৰ বিৰুদ্ধে বহু দিনৰ পৰাই আছে কৰ ফাঁকিৰ অভিযোগ৷ দীর্ঘদিন ধৰি কয়লাৰ ক’লা বেহা চলাই অহা কুখ্যাত ব্যৱসায়ীজনৰ বাসগৃহ তথা ব্যৱসায়িক প্রতিষ্ঠানত আয়কৰ বিভাগৰ বিষয়াৰ দলে তালাচী চলোৱাৰ পাছতে কয়লা ব্যৱসায়ীসকলৰ মাজত একপ্রকাৰ হাহাকাৰ লাগিছে৷ ইফালে, আয়কৰ বিভাগে তালাচী চলোৱাৰ উমান পাই আগতীয়াকৈ পত্নীৰ সৈতে নবীন সিংহালে দিল্লীলৈ উৰা মৰা বুলি কয়লা ব্যৱসায়ী মহলত চর্চা চলিছে৷ উল্লেখ্য যে এইজন বিতর্কিত নবীন সিংহালে ৰাজ্যৰ একাংশ শীর্ষ আৰক্ষী বিষয়াৰ লগত গোপন মিতিৰালি কৰি কয়লাৰ অবৈধ বেহা চলাই অহা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷

ৰাজনৈতিক পৃষ্ঠপোষকতাত তথা আৰক্ষীৰ সহায়ত বলীয়ান হৈ চতুৰ ব্যৱসায়ীজনে কৰ ফাঁকি দি আহিছে৷ এই সন্দর্ভত আয়কৰ বিভাগে ইতিপূর্বে ব্যৱসায়ীজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰু এই গোচৰত আজি বিতর্কিত ব্যৱসায়ীজনৰ বাসগৃহ আৰু ব্যৱসায়িক প্রতিষ্ঠানত তালাচী চলায়৷ ইফালে মহানগৰীত আগৰৱালা উপাধিৰ এজন ব্যৱসায়ীৰ বাসগৃহতো আয়কৰ বিভাগে তালাচী চলায় বুলি জানিব পৰা গৈছে৷ আনহাতে, কৰ ফাঁকিৰ অভিযোগ সন্দর্ভত  মার্ঘেৰিটাতো পংকজ চৌধুৰী নামৰ কয়লা ব্যৱসায়ী এজনৰ বাসগৃহ আৰু ব্যৱসায়িক প্রতিষ্ঠানত আয়কৰ বিভাগে অভিযান চলায়৷

You might also like