ক’ৰোনাত প্রতিদিনে বিশ্বত ১০ হাজাৰৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ বিশ্বজুৰি ক’ভিড–১৯ত প্রাণ হেৰুওৱা লোকৰ সংখ্যাই ১৫ লাখ অতিক্রম কৰিছে৷ আমেৰিকাৰ জন্ছ হ’পকিনছ বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি প্রতি ৯ ছেকেণ্ডত ক’ভিড মহামাৰীত এজনকৈ লোকে বিশ্বত প্রাণ হেৰুৱাইছে৷
লক্ষণীয়ভাৱে বিগত দুটা মাহত ৫ লক্ষাধিক লোকে মহামাৰীত প্রাণ হেৰুৱাইছে পৃথিৱীত৷ স্মর্তব্য যে বিশ্বজুৰি এই মহামাৰীত সংক্রমিত লোকৰ সংখ্যাই ৬ কোটি ৫০ লাখ অতিক্রম কৰিছে৷ জন্ছ হ’পকিনছ বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি বর্তমান সময়ত বিশ্বত প্রতিদিনে ক’ভিড মহামাৰীত প্রাণ হেৰুৱাইছে গড়ে ১০ হাজাৰকৈ লোকে৷ চলিত মাহতে ক’ভিড ভেকচিন প্রদানৰ প্রক্রিয়া বিভিন্ন দেশত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে যদিও মহামাৰীৰ সংহাৰ অধিক ভয়াৱহ হোৱাৰ আশংকা আছে৷