নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলম্বিত যৌৱন

ডাঃ ৰফিক আলী

আমাৰ কিশোৰীসকলৰ শৰীৰটোত কেতবোৰ গ্রন্থি থাকে৷ এই গ্রন্থিবোৰৰ কার্যাৱলী পৰস্পৰ নির্ভৰশীল৷ জন্মৰে পৰা এই গ্রন্থিবোৰ নিষ্ক্রিয় হৈ থাকে৷ ১২ বছৰৰ বয়সৰ পৰাহে এই গ্রন্থিবোৰ ক্রমান্বয়ে সক্রিয় হ’বলৈ ধৰে৷ মস্তিষ্কৰ অধোচেতক Hypothalamus), পীযুষিকা গ্রন্থি Pituitary gland), বৃক্কৰ মূৰত থকা এড্রিনেল Adrenal) গ্রন্থি আৰু জৰায়ুৰ দুয়োফালে থকা ডিম্বাশয় দুটা পৈণত হৈ অহাৰ লগে লগে কেতবোৰ হৰম’ন বা ৰসৰ ক্ষৰণ হ’বলৈ ধৰে৷ পীযুষিকা গ্রন্থিৰ পৰা হৰম’ন ক্ষৰণ হ’বলৈ ধৰাৰ সময়ৰে পৰা শৰীৰ বৃদ্ধি হ’বলৈ ধৰে৷ ইষ্ট্র’জেন আৰু প্র’জেষ্টৰল হৰম’ন নিঃসৰণে কিশোৰী বা যুৱতীৰ ডিম্বাশয়ক উদ্দীপিত কৰে৷ ইষ্ট্র’জেনৰ প্রভাৱত স্তনৰ বিকাশ আৰু বৃদ্ধি হয়, নাৰীৰ দৰে হয় শাৰীৰিক গঠন, যোনি আৰু জৰায়ু পৰিণত হৈ উঠে৷ এড্রিনেল গ্রন্থিৰ হৰম’ন এণ্ড্র’জেনৰ প্রভাৱত শৰীৰৰ কেতবোৰ বিশেষ অঞ্চলত নোম বা চুলি গজে৷ ইষ্ট্র’জেন আৰু প্র’জেষ্টৰন হৰম’নে এনে সময়ত জৰায়ুৰ ভিতৰভাগৰ আৱৰণী এণ্ড’মেট্রিয়ামক প্রভাৱান্বিত কৰাৰ ফলতে কিশোৰী এগৰাকী পুষ্পিতা হয়৷
আমাৰ দেশত সাধাৰণতে ১২–১৩ বছৰ বয়সত কিশোৰীবোৰে প্রথম ৰজোদর্শনৰ মুখ দেখে৷ যদিওবা ভৰপূৰ পুষ্টিকৰ খাদ্য আৰু স্বাস্থ্যৰ গুণত ৮–৯ বছৰীয়া কিশোৰী এগৰাকীৰো পূর্ণ যৌৱনা যুৱতী এগৰাকীৰ দৰে দেহৰ গঠন হ’ব পাৰে৷ ৰজোদর্শনৰ পাছত নাৰীৰ বিশেষত্বসমূহ আৰু প্রকট হৈ পৰে৷ যৌৱনৰ আৰম্ভণিৰ এই পৰিৱর্তনসমূহ কেতিয়াও হঠাতে নাহে, ই ঢ়াপে ঢ়াপে আহে৷ ইয়াৰ বাবে কেইবাবছৰৰো প্রয়োজন হয়৷ এই পৰিৱর্তনৰ সৈতে সংগতি ৰাখি একোগৰাকী কিশোৰী ক্রমান্বয়ে এগৰাকী পূর্ণাংগ নাৰীলৈ পৰিৱর্তিত হয়৷ এই পৰিৱর্তনত কেৱল শৰীৰটোৱেই সলনি নহয়, শাৰীৰিক বিকাশৰ সৈতে সংগতি ৰাখি মনোজগতখনো যথেষ্ট সলনি হয়৷
বহুতো কিশোৰীৰ প্রথম ৰজোদর্শনত পলম হোৱা দেখা যায়৷ বহুতৰে ক্ষেত্রত ১৩–১৪ বছৰ বয়সতো যেতিয়া প্রথম ঋতুস্রাৱ নহয়, তেতিয়া কিশোৰীৰ মাতৃসকল আতংকিত হৈ পৰে৷ আচলতে আতংকিত হোৱাৰ কোনো কাৰণ নাথাকে৷ কিছুমান কিশোৰী ১৭–১৮ বছৰ অছবা ১৯–২০ বছৰ বয়সতো পুষ্পিতা হোৱা পৰিলক্ষিত হয়৷ বহু বছৰলৈ ঋতুময়ী নোহোৱা কিশোৰীবিলাকৰ শাৰীৰিক পৰিৱর্তন দেখা দিছে নে নাই সেয়া লক্ষ্য ৰাখিব লাগে৷ শৰীৰৰ বিকাশ আৰু বৃদ্ধি হোৱাৰ পাছতো যদি মাহেকীয়া ঋতুস্রাৱ নহয়, তেন্তে নিশ্চয় স্ত্রীৰোগ বিশেষজ্ঞৰ ওচৰ চপা উচিত৷ যদি শাৰীৰিকভাৱে বৃদ্ধি আৰু বিকাশ নঘটে আৰু পুষ্পিতাও নহয়, তেন্তে চিন্তাৰ কোনো কাৰণ নাই৷ ১৮ বছৰ পর্যন্ত নিশ্চিত মনেৰে থাকক৷ তাৰ পাছতো ঋতুমতী নহ’লে বিশেষজ্ঞৰ পৰামর্শ লওক৷ এনে ক্ষেত্রত এগৰাকী স্ত্রীৰোগ বিশেষজ্ঞই প্রকৃত কাৰণ নির্ণয়ৰ বাবে কেতবোৰ গৱেষণাগাৰিক পৰীক্ষা কৰিবলৈ পৰামর্শ দিব পাৰে৷ যেনে– ক্রম’জ’ম অধ্যয়ন, তেজত থকা থাইৰয়ড হৰম’ন, প্র’লাক্টিন, ডিম্বাণু উত্তেজিত কৰা হৰম’ন আদিৰ পৰিমাপ, লাওখোলাৰ স্কেন বা এক্সৰে, এম আৰ আইৰ দ্বাৰা পীযুষিকা গ্রন্থিৰ অৱস্থা নিৰীক্ষণ, আল্ট্রাছ’ন’গ্রাফীৰ দ্বাৰা জৰায়ু আৰু ডিম্বাশয়ৰ অৱস্থা পর্যবেক্ষণ ইত্যাদি৷ অৱশ্যে এই আটাইকেইটি পৰীক্ষা সকলোৰে ক্ষেত্রত সদায় প্রয়োজন নহ’বও পাৰে৷ চিকিৎসকে প্রয়োজন অনুযায়ীহে পৰীক্ষাকৰণৰ বাবে নির্দেশ কৰিব আৰু তাৰ মাধ্যমেৰে প্রকৃত কাৰণ নির্ণয় কৰি চিকিৎসা কার্যত ব্রতী হ’ব৷
যৌৱন কাল উত্তীর্ণ হোৱাৰ পাছতো ঋতু প্রকাশ নাপালে তাক সাধাৰণ লোকে নষ্টৰক্ত বোলে৷ স্নায়ুমণ্ডলৰ দুর্বলতা আৰু ডিম্বকোষৰ অভাৱ হেতুকে ঋতু প্রকাশ নাপায়৷ শাৰীৰিক দুর্বলতা আৰু অন্যান্য ৰোগো ইয়াৰ গৌণ কাৰণ৷ আৰু এটা কাৰণত ঋতু প্রকাশ নাপাব পাৰে, সেয়া হৈছে সতীচ্ছদ বা যোনিৰ মুখাৱৰণ ঝিল্লী বিদাৰণ নোহোৱা৷ তেনে অৱস্থাত ঋতুস্রাৱ জৰায়ুৰ ভিতৰতে হয়, বাহিৰত প্রকাশ নাপায়৷ অৱশ্যে ঋতুস্রাৱৰ সময়ত জৰায়ুত বিষ, শৰীৰত শীত শীত ভাব, বমি বমি ভাব বা বমি, মূর্ছা, আক্ষেপ আদি উপসর্গ পৰিলক্ষিত হয়৷ নষ্টৰক্ত হ’লে শীত শীত ভাব, বমি, বিমর্ষতা, হূদকম্পন, শ্বাসকষ্ট, উৰু আৰু তলপেটত বিষ আদি উপসর্গই দেখা দিব পাৰে৷ জন্মৰে পৰা ডিম্বকোষৰ অভাৱ বা গঠনজনিত বিকৃতিৰ বাবে মহিলাৰ চিৰদিনৰ বাবে ৰজঃৰোধ ঘটিব পাৰে৷ এনে বহুতো মহিলা আছে, যিসকলে কোনো দিন ঋতুমতী হোৱা নাই, অথচ গর্ভৱতী হয় আৰু স্বাস্থ্যৱান সন্তান প্রসৱ কৰে৷ যৌৱনত ভৰি দিছে অথচ ঋতুমতী হোৱা নাই, সম্পূর্ণ সুস্থ শৰীৰেৰে জীয়াই আছে, কোনোধৰণৰ ৰোগৰ লক্ষণ বা উপসর্গ নাই, এনে মহিলাৰ সংখ্যাও বৰ নগণ্য নহয়৷
কিছুমান কিশোৰীৰ ক্ষেত্রত আকৌ ইয়াৰ ঠিক বিপৰীত ক্রিয়া পৰিলক্ষিত হয়৷ অর্থাৎ ১২ বছৰ পূর্ণ হোৱাৰ পূর্বেই, আনকি ৯–১০ বছৰতেই পুষ্পিতা হোৱা দেখা যায়৷ এই অকাল ৰজোদর্শন কোনো অস্বাভাৱিক পৰিঘটনা নহয়৷ অকাল ৰজোদর্শনত বহুতেই ভয় খায়৷ এনেধৰণৰ হ’লে পিতৃ–মাতৃয়ে বিশেষ গুৰুত্বসহকাৰে কিশোৰীগৰাকীক বুজাব লাগে যে এই শাৰীৰিক ক্রিয়া প্রত্যেকগৰাকী কিশোৰীৰে হয়৷ এই স্বাভাৱিক শৰীৰবিত্তীয় পৰিঘটনাক লৈ আতংকিত বা ভীত হোৱাৰ কোনো কাৰণ নাই৷ মাতৃয়ে যদি ভীতিবিহ্বল বা দুশ্চিন্তাত পৰে, তেন্তে সন্তানে স্বাভাৱিকতে আৰু ভয় খাব৷ মাহেকীয়া ঋতুস্রাৱৰ বিষয়ে নিজে ভালদৰে বুজি লৈ সেই বিষয়ে কিশোৰীগৰাকীক অতি সৰলভাৱে বুজাই দিব লাগে৷ তেতিয়াহে কিশোৰীগৰাকীৰ মনত ঋতুস্রাৱৰ বিষয়ে স্বচ্ছ আৰু বাস্তৱসন্মত দৃষ্টিভংগী গঢ়ি উঠে৷ অৱশ্যে আমাৰ বহুতো মাতৃয়ে সচেতনতাৰ অভাৱত এই কামফেৰা কৰাৰ পৰা বিৰত থাকে৷
আঠ বছৰ পূর্বে কোনো কিশোৰী ঋতুমতী হ’লে চিকিৎসকৰ পৰামর্শ লোৱাটো অতিকৈ বাঞ্ছনীয়৷ চিকিৎসকে হয়তো কিছু পৰীক্ষা–নিৰীক্ষা কৰাৰ বাবে পৰামর্শ দিব পাৰে৷ এনে পৰামর্শৰ ভিতৰত অন্তর্ভুক্ত হ’ব পাৰে মস্তিষ্কৰ নির্দিষ্ট টিউমাৰ, মেনিনজাইটিছ, এনকেফেলাইটিছ, ডিম্বাশয়ৰ নির্দিষ্ট টিউমাৰ, হাইপ’থাইৰয়ডৰ পর্যবেক্ষণ আদি৷
মূল কাৰণ উলিয়াই ল’ব পাৰিলে সমস্যা সমাধান কৰোঁতে সৰহ দিন নালাগে৷ সাধাৰণতে অধোচেতক, পীযুষিকা আৰু ডিম্বাশয় এই পৰস্পৰ নির্ভৰশীল গ্রন্থি তিনিটাৰ ক্ষৰণ নির্দিষ্ট সময়ৰ পূর্বে হঠাতে হ’লে এনে হ’ব পাৰে৷
ফোনঃ ৯৮৬৪০–৪২১৫১

You might also like