নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Google-এ আপোনাৰ প্ৰতিটো স্থানক কৰি থাকে নিৰীক্ষণ, বন্ধ কৰক এনেকৈ…

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ  Google বিশ্বৰ প্ৰতিটো প্ৰান্তত ব্যৱহাৰ কৰা হয়। আপুনি জানে নে যে গুগলে আপোনাৰ প্ৰতিটো কাৰ্যকে নিৰীক্ষণ কৰে? আপুনি ক’ত যাব আৰু আপুনি কি চাৰ্চ কৰি আছে, সেয়া আপুনি কাৰোবাক কওক বা নকওক, গুগলে এই সকলোবোৰ কথা গম পায়।

লগতে পঢ়কঃ মোবাইল গেম প্ৰিয়সকল সাজু হওকঃ এই মাহতে আহি আছে FAU-G

দৰাচলতে, গুগলৰ পৰা সঠিক স্থান(location) ইয়াৰ সেৱা উন্নত কৰিবলৈ ব্যৱহাৰ কৰা হয়। যি লোকেশ্যন-আধাৰিত সন্ধান, বাস্তৱ সময়ৰ ট্ৰেফিক, ফটো আৰু অন্যান্য বস্তুৰ অৱস্থানৰ বিষয়ে সঠিক তথ্য প্ৰদান কৰে। অৱশ্যে, যদি আপুনি গুগলে আপোনাৰ অৱস্থান (location) অনুসৰণ কৰাটো নিবিচাৰে, তেন্তে আপুনি সেইবোৰ সহজেই বন্ধ কৰিব পাৰে।

অৱস্থান(location) ট্ৰেকিং কেনেদৰে অফ বা বন্ধ কৰিব?

APP অনুসৰণসমূহ বন্ধ কৰাৰ প্ৰথম উপায় হৈছে-

  • এণ্ড্ৰইড স্মাৰ্টফোনৰ ছেটিংছলৈ যাওক।
  • তাৰ পিছত ডাটা লোকেশ্যনত ক্লিক কৰক।
  • তাৰ পিছত লোকেশ্যনটো বাওঁফালে স্বাইপ কৰিলে ইয়াক অফ কৰিব পৰা যায়। একেদৰে, লোকেশ্যনৰ অনুমতিও অন কৰিব পাৰে।

এটা নিৰ্দিষ্ট এপ্ছৰ লোকেশ্যন কেনেদৰে অফ কৰিব?

  • এণ্ড্ৰইড ফোন ছেটিংছলৈ যাওক।
  • তাৰ পিছত লোকেশ্যনত টেপ কৰক।
  • তাৰ পিছত আপুনি যিকোনো এপ্ছক লোকেশ্যনক অনুমতি দিবলৈ স্বুইপ কৰি বন্ধ কৰিব পাৰে।
You might also like