মোবাইল গেম প্ৰিয়সকল সাজু হওকঃ এই মাহতে আহি আছে FAU-G
নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ পাবজি এতিয়া অতীত। ভাৰতত PUBG নিষিদ্ধ হোৱাৰ পাছতে বহুকেইটা গেমিং কোম্পানীয়ে নতুন নতুন ম’বাইল গেম আৰম্ভ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। পিচে ইয়াৰ মাজতে আহিছে এক ভাল খবৰ। হতাশ হৈ পৰা ম’বাইল গেম প্ৰিয়সকল পুনৰ এতিয়া সাজু হওক । কিয়নো এই মাহতে ভাৰতত FAU-G ম’বাইল গেম আৰম্ভ কৰা হ’ব বুলি আশা কৰা হৈছে।
লগতে পঢ়কঃ Google-এ আপোনাৰ প্ৰতিটো স্থানক কৰি থাকে নিৰীক্ষণ, বন্ধ কৰক এনেকৈ…
উল্লেখ্য যে কিছুদিন পূৰ্বে এটা টিজাৰ মুকলি কৰিছিল কোম্পানীটোৱে। য’ত ভাৰতীয় সেনাৰ সৈন্যসকলে যুদ্ধত শত্ৰুসকলক যুঁজ দি থকা দেখা গৈছে।
এই ভাৰতীয় গেমীং এপ্ছত গালৱান উপত্যকাত ভাৰতীয় আৰু চীনা বাহিনীৰ মাজৰ সংঘাত, লগতে ভাৰতৰ সশস্ত্ৰ বাহিনীৰ জীৱনৰ এক চমু অভিজ্ঞতা দেখুওৱা হৈছে।
ভাৰতীয় গেমীং এপ্ছ FaU-G কেতিয়া লন্স কৰা হ’ব সেই সন্দৰ্ভত এতিয়াও সঠিক তথ্য পোৱা নাই যদিও, ষ্টুডিঅ’ এনাৰ্ক প্ৰাইভেট লিমিটেডে Google Play ত আগতীয়া-পঞ্জীয়ন উপলব্ধ কৰিছে।