নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বি পি এফৰ চিনচাব নোহোৱা হৈ গৈছে বিটিচিতঃ অন্তিম নিৰ্বাচনী প্ৰচাৰত ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ ‘ফকিৰাগ্ৰামত বিজেপিৰ সপক্ষে প্ৰচণ্ড ঢৌ বৈছে। আমি বিটিচিত বিজেপিয়ে অকলে চৰকাৰ কৰিম।’ আজি ফকিৰাগ্ৰাম সমষ্টিত বিটিচিৰ দ্বিতীয় পৰ্য়ায়ৰ অন্তিম প্ৰচাৰত ব্যস্ত থকা বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে। পদযাত্ৰা, চাইকেল ৰেলী, বাইক ৰেলীৰে বিটিচি নিৰ্বাচনী প্ৰচাৰত অংশ লোৱা মন্ত্ৰীগৰাকীয়ে পুতীয়াবাৰীৰ পৰা বিশাল বাইক ৰেলী, তাৰ পিছত সভা আৰু বিজেপি সভাপতি ৰঞ্জিত দাসৰ সৈতে হাটশিঙিমাৰীৰ পৰা পদযাত্ৰাৰে প্ৰচাৰ চলায়।

আজিৰ নিৰ্বাচনী সভাত মন্ত্ৰীগৰাকীয়ে প্ৰথম পৰ্যায়ৰ ভোটদান সম্পৰ্কে কয়- ‘মই আপোনালোকক এটা কথা ক’ব পাৰোঁ যে তাত বি পি এফে এটাও ভোট পোৱা নাই। কনটেষ্ট হৈ আছে ইউ পি পি এল আৰু বিজেপিৰ মাজত। বি পি এফৰ ওদালগুৰি, বাগ্সা আৰু চিৰাঙত কোনো চিনচাব নোহোৱা হৈ গৈছে। আৰু মই ভাবোঁ আজি দলটোৱে গম পাব তেওঁলোকৰ কোকৰাঝাৰতো চিন-চাব নাই।’

লগতে মন্ত্ৰীগৰাকীয়ে বিপিএফক ভোট দিয়াৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি বিজেপিৰ লগত কাম কৰিব পৰা দলক বিবেক ভোট দিবলৈ আহ্বান জনায়। হাগ্ৰামা মহিলাৰীৰ বেংক একাউণ্ট আৰু গাড়ীৰ হিচাপ দি মন্ত্ৰীগৰাকীয়ে কটাক্ষ কৰে যে হাগ্ৰামাৰ যিমান গাড়ী আছে মুকেশ আম্বানিৰো নাই আৰু তেওঁৰ নামত থকা বেংক একাউণ্টৰ সংখ্যাই গীনিজ ৰেকৰ্ড কৰিব।

You might also like