অন্তিম টি-২০ত ১২ ৰানত জয়ী অষ্ট্ৰেলিয়া, শৃংখলা ভাৰতৰ হাতত
নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ শেষৰখন টি-২০ নিজৰ হাতত ৰাখিলে অষ্ট্ৰেলিয়াই। আজি ছিডনী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত ভাৰতে টছত জিকি অষ্ট্ৰেলিয়াক বেট ধৰিবলৈ আমন্ত্ৰণ জনায়। উইকেট কীপাৰ ৱাডেৰ বিস্ফোৰক ৮০(৫৩) ৰানৰ লগতে মেক্সৱেলৰ ৫৪ ৰানৰ বৰঙণিৰে দেশখনে ২০ অভাৰত মুঠ ১৮৬ ৰান সংগ্ৰহ কৰে ৫ উইকেটৰ বিনিময়ত।
ৱাশ্বিংটন সুন্দৰৰ ২ উইকেটৰ লগতে নটৰাজন আৰু ঠাকুৰে এটাকৈ উইকেট লাভ কৰা মেচখনত প্ৰথমাৱস্থাতে এৰন ফিন্সৰ উইকেট পৰে যদিও দলটোৱে এটা দৃঢ়তাপূৰ্ণ স্কোৰ কৰিবলৈ সক্ষম হয়। ভাৰতে ১৮৭ ৰানৰ লক্ষ্য লৈ বেটিং কৰিবলৈ আহিয়েই লোকেশ ৰাহুলৰ উইকেট হেৰুৱাব লগা হয়।
কিন্তু অধিনায়ক বিৰাট কোহলি (৮৫) আৰু ধাৱনে (২৮) ইনিংছ সুন্দৰভাৱে আগবঢ়াই নিয়ে যদিও ধাৱন আউট হোৱাৰ পিছত কোনো এজনে বেছি সময় ক্ৰিজত তিকিব নোৱাৰিলে। ছেমছন ১০(৯), আয়াৰ ০(১), পাণ্ডিয়া ২০(১৩) আৰু সুন্দৰে ৭(৬) ৰান কৰি আউট হয়। ক্ৰিজত ঠাকুৰে ১৭ ৰান আৰু দীপক চাহাৰ নট আউট হৈ বৰ্তি থাকে।
অষ্ট্ৰেলিয়াৰ বলাৰ মিচেল ছুইপছনে (২৩ ৰান, ৩ উইকেট) গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে দলটোৰ জয়ৰ ক্ষেত্ৰত। তেওঁ মেন অৱ দ্য মেচ লাভ কৰাৰ লগতে ভাৰতৰ হাৰ্দিক পাণ্ডিয়াই মেন অৱ দ্য ছিৰিজ লাভ কৰে।