নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেম ষ্টেফর্ড–দীপাঞ্জলক শ্বহীদ ঘোষণা আছু, যুৱ–ছাত্রৰ

নিয়মীয়া বার্তা,১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিবলৈ গৈ গুৱাহাটীৰ লাচিত নগৰ আৰু হাতীগাঁৱত নিৰাপত্তা বাহিনীৰ গুলীত মৃত্যুক আঁকোৱালি লোৱা দীপাঞ্জল দাস আৰু ছেম ষ্টেফর্ডক সদৌ অসম ছাত্র সন্থাই শ্বহীদ ঘোষণা কৰিছে ৷ শনিবাৰে হাতীগাঁও আৰু ছয়গাঁৱত প্রয়াত ছেম আৰু দীপাঞ্জলৰ পৰিয়ালক সাক্ষাৎ কৰি আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই এই কথা ঘোষণা কৰে ৷ উল্লেখ্য যে, অসম জাতীয়তাবাদী যুৱ পৰিষদেও দুয়োজনকে কেববিৰোধী আন্দোলনৰ শ্বহীদ ঘোষণা কৰে ৷

ছয়গাঁৱৰ দলৈপাৰা নিৱাসী ৰিক্সাচালক খগেন দাসৰ পুত্র শ্বহীদ দীপাঞ্জল দাসৰ বাসগৃহত শনিবাৰে বিয়লি ড০ ভট্টাচার্যৰ লগতে সদৌ অসম ছাত্র সন্থাৰ সভাপতি দীপাংক নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, অভিনেত্রী মাধুৰীমা চৌধুৰী, বিশিষ্ট সমাজসেৱিকা মীৰা বৰঠাকুৰ, অভিনেতা প্রসেনজিৎ বৰা, অভিনেত্রী নির্মালি বৰাৰ লগতে সদৌ অসম ছাত্র সন্থা, সদৌ কামৰূপ জিলা ছাত্র সন্থা আৰু ছয়গাঁও আঞ্চলিক ছাত্র সন্থাৰ বিষয়ববীয়াসকল উপস্থিত হয় ৷ শ্বহীদ দীপাঞ্জল দাসৰ অসংখ্য গুণমুগ্ধও গৃহত উপস্থিত থাকে ৷ এক শোকাকুল পৰিৱেশত আছুৰ নেতৃত্বই শ্বহীদ দীপাঞ্জলৰ পিতৃ–মাতৃক আছুৰ নেতৃবর্গই সম্বর্ধনা জনোৱাৰ লগতে সকলো সময়তে পৰিয়ালটোৰ সৈতে আছু থাকিব বুলি প্রতিশ্রুতি প্রদান কৰে ৷ উপস্থিত বহু লোক কান্দোনত ভাগি পৰা পৰিলক্ষিত হয় ৷

শ্বহীদ দীপাঞ্জলৰ সমাধিস্থলত উপস্থিত হৈ আছুৰ নেতৃবর্গই শ্রদ্ধাঞ্জলি অর্পণ কৰে ৷ সমাধিস্থলৰ কাষতে অনুষ্ঠিত এখন ৰাজহুৱা সভাত ড০ ভট্টাচার্যই ভাষণত কয় যে গুলীয়াই মৰাৰ অধিকাৰ আইনে কাকো দিয়া নাই ৷ প্রধানমন্ত্রী মোদী আৰু মুখ্যমন্ত্রী সোণোৱালে অসমীয়া জাতিক নিঃশেষ কৰিব বিচাৰিছে ৷ এইখন চৰকাৰে জাতি–মাটি–ভেটি ৰক্ষা কৰা খিলঞ্জীয়াৰ চৰকাৰ নহয়, এইখন হত্যাকাৰীৰ চৰকাৰ ৷ চৰকাৰে দমন চলাই ৰাইজৰ মাত বন্ধ কৰিব নোৱাৰে ৷ চৰকাৰে অহিংস আন্দোলনক হিংসাৰ ৰহণ দিব বিচাৰিছে বুলি তেওঁ অভিযোগ কৰে ৷

আনহাতে অহা ৭ দিন কেৱল দিনৰ ভাগত আন্দোলনৰ পিছত দিনে–ৰাতিয়ে আন্দোলন চলিব বুলি তেওঁ কয় ৷ ‘চৰকাৰে মানুহ মাৰি ৰাজত্ব কৰিব নোৱাৰে ৷ এই সংগ্রাম দীঘলীয়া হ’ব বুলি কৈ বিভ্রান্তি আনিবলৈ চেষ্টা কৰিব ৷ ১৯৭১ চনৰ পিছত অহা হিন্দু–মুছলমান কাকো অসমে গ্রহণ নকৰে ৷ ইয়াত সাম্প্রদায়িকতাৰ স্থান নাই, খিলঞ্জীয়াৰহে স্থান থাকিব ’– ভট্টাচার্যই কয় ৷ সভাত সদৌ অসম ছাত্র সন্থাৰ সভাপতি দীপাংক নাথে কয়, ‘আমাৰ মাতৃভাষা বিনষ্ট কৰিবলৈ এইখন চৰকাৰ সংকল্পবদ্ধ ৷ চৰকাৰে কটন বিশ্ববিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়, সন্দিকৈ মহাবিদ্যালয়কে ধৰি গুৱাহাটীৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্র–ছাত্রীক আন্দোলনত অংশগ্রহণ কৰাৰ বাবে মাৰপিট কৰিছে ৷ কেন্দ্রীয় চৰকাৰৰ নির্দেশনাত চৰকাৰে হত্যালীলা চলাইছে ৷ দীপাঞ্জল দাস আপোনাৰ পৰিয়ালৰ সদস্য নহয়, গোটেই অসমবাসীৰ পৰিয়ালৰ সদস্য ৷’ সভাত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে দীপাঞ্জল দাস সদায় অসমীয়াৰ মাজত অমৰ হৈ থাকিব ৷ চৰকাৰী পক্ষই সংগ্রামৰ মাজত সোমাই সংগ্রাম বিপথে পৰিচালিত কৰিব বিচাৰিছে ৷ এইখন যে জাতিদ্রোহী চৰকাৰ, সেই কথা দিছপুৰে নিজৰ কর্মৰ মাজেৰে প্রমাণ কৰি দিলে ৷ পুলিচ–মিলিটেৰীৰ জৰিয়তে যদি এই সংগ্রাম দমন কৰিব পাৰিম বুলি ভাবিছে, তেন্তে সেয়া ভুল কৰিছে ৷

You might also like