আজি ‘শ্বহীদ উদ্যানত’ ভূমি পূজন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ আজি শ্বহীদ দিৱস। এই উপলক্ষে গুৱাহাটীৰ বৰাগাঁৱত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা হৈছে শ্বহীদ দিৱস ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰাগাঁৱত নিৰ্মাণ হ’বলগীয়া শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যানৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে ৷ প্ৰায় ৯৯ বিঘা মাটিত ১০ কোটি ব্যয়ৰে নিৰ্মাণ কৰা হ’ব এই শ্বহীদ স্মাৰক ক্ষেত্ৰ ৷
ই এই অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, সিদ্ধাৰ্থ ভট্টাচাৰ্য, চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, কেশৱ মহন্ত, সাংসদ কুইন ওজা, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বিধায়ক অতুল বৰা, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী, আইনী উপদেষ্টা শান্তনু ভৰালীকে প্ৰমুখ্যে কৰি অসম চৰকাৰৰ আমোলা বিষয়াসকল ৷