নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ ৰাজ্যৰ ৰাজনীতিত ‘ছেমিফাইনেল’ ৰূপে চিহ্ণিত বিটিচি নির্বাচনৰ ভোটগ্রহণ প্রক্রিয়াৰ যৱনিকা পৰিল৷ অহা ১২ ডিচেম্বৰৰ ভোটগণনাৰ অন্তত স্পষ্ট হ’ব কোকৰাঝাৰত কোনে পৰিষদীয় চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়৷ তাৰ মাজতে প্রায় চাৰিটা মাহ বাকী থকা ‘ফাইনেল’ অর্থাৎ বিধানসভা নির্বাচনক কেন্দ্র কৰি শাসক–বিৰোধী উভয় শিবিৰতে ৰাজনৈতিক কুচকাৱাজ তুংগত উঠিছে৷ বিশেষকৈ বিজেপি নেতৃত্বাধীন শাসকীয় মিত্রজোঁটত নতুনকৈ আৰম্ভ হৈছে মিত্রতাৰ অংক৷ বিটিচি নির্বাচনৰ সময়তে অহা বিধানসভা নির্বাচনত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফৰ সৈতে মিত্রতা নাথাকে বুলি বিজেপিয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে৷ শেহতীয়াকৈ আন এটা মিত্রদল অগপৰ ক্ষেত্রতো জনপ্রিয়তা অনুসৰিহে তেওঁলোকে অহা বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতাৰ বাবে আসন লাভ কৰিব বুলি ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ দপ্তৰৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই স্পষ্ট কৰি দিছে৷ ইয়াৰ বিপৰীতে অগপ সভাপতি তথা কৃষিমন্ত্রী অতুল বৰাই অগপ কাৰো তলত নহয়, লগতহে বুলি তাৎপর্যপূর্ণ মন্তব্য কৰিছে৷ একে সময়তে গণ শক্তি আৰু বিজেপিৰ মাজতো জোনাই সমষ্টিক লৈ সংঘাত আৰম্ভ হৈছে৷ বর্তমান গণ শক্তিৰ দখলত থকা জোনাই সমষ্টিত অহা বিধানসভা নির্বাচনত বিজেপিয়ে নিজা প্রার্থী থিয় কৰোৱাৰ সিদ্ধান্ত গ্রহণ কৰাৰ বিপৰীতে গণ শক্তিয়েও জোনাই এৰি নিদিয়াৰ স্থিতিত অটল আছে৷ একেদৰে ৰাভা আৰু তিৱা জনগোষ্ঠীয় সংগঠনৰ সৈতেও বিজেপিৰ সংঘাত আৰম্ভ হোৱা দেখা গৈছে৷ মুঠতে অহা বিধানসভা নির্বাচনক লৈ বিজেপি মিত্রজোঁটত এফালে যিদৰে সংঘাত আৰম্ভ হৈছে, আনফালে চলিছে মিত্রতাৰ নতুন অংক৷ আজি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত নেডাৰ আহ্বায়ক তথা মন্ত্রী ড০ শর্মাই কয় যে ২০২১ৰ বিধানসভা নির্বাচনত বিজেপিৰ সৈতে বি পি এফৰ মিত্রতাৰ কোনো সম্ভাৱনা নাই৷ বিধানসভা নির্বাচনৰ তাৰিখ ঘোষণাৰ লগে লগে বি পি এফৰে মিত্রতা ছেদ হ’ব৷ অৱশ্যে বর্তমানৰ বি পি এফৰ মন্ত্রী তিনিগৰাকীয়ে অহা এপ্রিললৈ মন্ত্রী হৈ থকাৰ পূর্ণ অধিকাৰ আছে৷ অগপৰ প্রসংগতো তেওঁ কয় যে অগপৰ সৈতে বিজেপিৰ মিত্রতা থাকিব৷ অগপৰ যিমান জনপ্রিয়তা আছে, অহা নির্বাচনত তেওঁলোকে সিমান আসন পাব৷ তেওঁলোকৰ কিমান জনপ্রিয়তা আছে, সেয়া সাংবাদিকে লিখা বাতৰি আৰু কথা–বতৰাৰ পৰা নির্ণয় কৰিব৷ ৫০খন আসনত যদি জনপ্রিয়তা আছে, তেতিয়াহ’লে সেই দিশত আগবাঢ়িব লাগিব৷ বিজেপিৰ পৰিকল্পনা এখন মঞ্চত জনজাতি সংগঠন, আঞ্চলিক সংগঠন, ৰাষ্ট্রীয়তাবাদী সকলোকে ৰখাটো৷ আসন বুজাবুজিৰ ক্ষেত্রত ২০২১ৰ নির্বাচনত পূর্বৰ পটভূমি সলনি হ’ব বুলিও তেওঁ উল্লেখ কৰে৷
ইপিনে বিজেপিৰ দৰে বি পি এফ দলেও অনাগত দিনত গেৰুৱা দলটোৰ সৈতে মিত্রতা নকৰাৰ দৃঢ় স্থিতি গ্রহণ কৰিছে৷ এই সম্পর্কত বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰী, উপ–সভাপতি তথা মন্ত্রী চন্দন ব্রহ্ম আৰু প্রমীলাৰাণী ব্রহ্মৰ ভাষ্যতেই এই ছবিখন পৰিষ্কাৰ হৈ পৰিছে৷ আজি বিটিচি নির্বাচনৰ দ্বিতীয় পর্যায়ৰ ভোটগ্রহণ চলি থকাৰ সময়তে বি পি এফৰ শীর্ষ নেতৃত্বই তেওঁলোকে বিজেপিৰে মিত্রতা ছেদৰ বাবে সাজু থকাৰ বিষয়ে প্রকাশ কৰে৷ বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত কয়– অহা ১২ ডিচেম্বৰত বিটিচি নির্বাচনৰ ফলাফল প্রকাশ পাবলৈ দিয়ক৷ তাৰ পাছত বিজেপিৰে মিত্রতা ৰখা–নৰখা সম্পর্কত মই ক’ম৷ তেওঁ আৰু কয়– ‘য’ত হিমন্ত থাকে, মই নাথাকোঁ৷’ হাগ্রামা মহিলাৰীয়ে এই ভাষ্যৰ জৰিয়তে অনাগত দিনত বি পি এফ যে বিজেপিৰ সৈতে নাথাকে, সেই কথাকেই স্পষ্ট কৰি দিছে৷ আনহাতে, বিটিচিত পুনৰ বি পি এফেই চৰকাৰ কৰিব বুলি দাবী কৰি কয় যে ৩০খনৰো অধিক আসন লাভ কৰি বি পি এফেই বিটিচিৰ ক্ষমতাত বহিব৷ প্রথম পর্যায়ত নির্বাচন হৈ যোৱা ওদালগুৰি আৰু বাক্সাত ১৬খন আৰু আজি দ্বিতীয় পর্যায়ত নির্বাচন অনুষ্ঠিত হোৱা কোকৰাঝাৰ আৰু চিৰাং জিলাত বি পি এফে ১৫খন আসন লাভ কৰিব৷
ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৰ ওপৰত কালি হোৱা আক্রমণ মন্ত্রী ড০ শর্মাৰ নির্দেশতেই হোৱা বুলি তেওঁ গুৰুতৰ অভিযোগ কৰে৷ সেইদৰে বি পি এফৰ উপ–সভাপতি তথা পর্যটন, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্রেণীৰ কল্যাণ দপ্তৰৰ মন্ত্রী চন্দন ব্রহ্মই কয়– কোনো দলৰ ওপৰত নির্ভৰ কৰি বি পি এফৰ জন্ম হোৱা নাই৷ আমি বিশ্বাসঘাতক ৰাজনৈতিক দল নহওঁ৷ অহা ১২ ডিচেম্বৰত বিটিচি নির্বাচনৰ ফলাফলে অসমৰ ৰাজনৈতিক সমীকৰণ স্পষ্ট কৰিব৷ বি পি এফৰে মিত্রতা ছেদৰ বাবে বিজেপিৰ ৰাজ্যিক সভাপতি আৰু ৰাজ্যৰ স্বাস্থ্যমন্ত্রীয়ে যি চিন্তা কৰিছে, তাত বি পি এফৰ ক’বলগীয়া নাই বুলি মন্তব্য কৰি মন্ত্রী ব্রহ্মই প্রকাৰান্তৰে তেওঁলোকো যে বিজেপিৰে মিত্রতা ছেদৰ বাবে সাজু, সেই কথাই বুজাই দিছে৷ অনুৰূপ ধৰণে বি পি এফৰ আন এগৰাকী উপ–সভাপতি তথা সমাজ কল্যাণ মন্ত্রী প্রমীলাৰাণী ব্রহ্মই কয়– আমিও বিজেপিৰ লগত থাকিব বিচৰা নাই আৰু আমাৰ থকাৰ ইচ্ছাও নাই৷ তেওঁলোকৰ সৈতে ২০১৬ চনত আমাৰ ৫ বছৰৰ চুক্তি হৈছিল৷ এতিয়া তেওঁলোকে আমাক কুকুৰৰ দৰে ব্যৱহাৰ কৰি যাবলৈ লৈছে৷ কুকুৰৰ দৰে লাথ মাৰিব বিচাৰিলে আমি ওলাই নাহোঁ৷ ২০২১ত আমি তেওঁলোকক চাম৷ তেওঁলোক বিপদত পৰিব৷ হাগ্রামা মহিলাৰীয়ে সহযোগিতা কৰা বাবেহে ২০১৬ত বিজেপিয়ে চৰকাৰ কৰিব পাৰিলে৷ এতিয়া তেওঁলোকৰ অহংকাৰ হৈছে৷ এই অহংকাৰ চূর্ণ হৈ যাব৷ ইফালে আসন বুজাবুজিক লৈ বিজেপি আৰু অগপৰ মাজত আৰম্ভ হোৱা শীতল সংঘাতৰ প্রসংগত অগপৰ সভাপতি অতুল বৰাই কয় যে এতিয়া মিত্রতা সময়ৰ আহ্বান৷ দেশৰ বিভিন্ন ৰাজ্যত মিত্রতাৰে চৰকাৰ গঠন হৈ আছে৷ অগপ মিত্রতাত বিশ্বাসী৷ কিন্তু মিত্রতাত বিশ্বাসী যদিও অগপ কাৰো তলত নহয়, লগতহে৷ বিজেপিৰ দখলত থকা বর্তমানৰ বহু সমষ্টি অগপৰ তৃণমূল কর্মীয়ে বিচাৰি আছে৷ অহা বিধানসভা নির্বাচনত বর্তমান অগপৰ দখলত থকা ১৪টা সমষ্টি কোনো ক্ষেত্রতেই এৰি দিয়া নহয়৷ বিজেপিৰ দখলত থকা বহু সমষ্টি এইবাৰ অগপই বিচাৰিব৷ সেইদৰে ৰাজ্যখনত নতুনকৈ গঠন হোৱা আঞ্চলিক দলসমূহে অগপক তিলমাত্রও প্রত্যাহ্বানৰ সৃষ্টি কৰিব নোৱাৰে বুলি তেওঁ মন্তব্য কৰে৷ মুঠতে অহা নির্বাচনত বিজেপি আৰু অগপ উভয় দলে মিত্রতা অক্ষুণ্ণ ৰখাৰ পক্ষপাতী যদিও অনাগত দিনত আসন বুজাবুজিৰ বিষয়টো দুয়োটা দলে কেনেধৰণৰ এৰাধৰাৰ নীতিৰে আগুৱাই নিয়ে, সেয়াহে লক্ষণীয় হ’ব৷ একেই পৰিস্থিতিৰ উদ্ভৱ হ’ব গণ শক্তিৰ ক্ষেত্রতো৷