নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমগ্র দেশতে এল’পেথিক চিকিৎসকৰ আজি কর্মবিৰতি

আয়ুর্বেদিক চিকিৎসকক অস্ত্রোপচাৰৰ অনুমতি

নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ  আয়ুর্বেদিক চিকিৎসকক অস্ত্রোপচাৰৰ বাবে অনুমতি প্রদান কৰি কেন্দ্রীয় চৰকাৰে জাৰি কৰা নির্দেশনাৰ বিৰুদ্ধে আজি দেশজুৰি প্রতিবাদ সাব্যস্ত কৰিব ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে (আই এম এ)৷ কেন্দ্রৰ এই সিদ্ধান্তৰ বিৰুদ্ধে কাইলৈ কর্মবিৰতিৰে আই এম এই সাব্যস্ত কৰিব প্রতিবাদ৷ দেশৰ ১০ হাজাৰ স্থানত ধর্মঘটেৰে চৰকাৰৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাব ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে৷ কেন্দ্রীয় চৰকাৰৰ সিদ্ধান্তই দেশৰ অত্যাধুনিক চিকিৎসা ব্যৱস্থাক খিচিৰি চিকিৎসা ব্যৱস্থালৈ পৰিণত কৰিব বুলি অভিহিত কৰি ইয়াৰ পূর্বে যোৱা ৮ ডিচেম্বৰত দেশজুৰি বিক্ষোভ প্রদর্শন কৰিছিল সংস্থাটোৱে৷ অৱশ্যে আজি কর্মবিৰতি পালন কৰাৰ সময়ছোৱাত অব্যাহত থাকিব ক’ভিড আৰু জৰুৰীকালীন চিকিৎসা সেৱা৷ উল্লেখ্য যে যোৱা ২০ নৱেম্বৰত চৰকাৰে এখন অধিসূচনাৰ জৰিয়তে আয়ুর্বেদিক চিকিৎসকসকলক স্নাতকোত্তৰ শাখাত অস্ত্রোপচাৰ কৰাৰ বাবে প্রশিক্ষণ প্রদান কৰিবলৈ অনুমতি প্রদান কৰিছিল৷ মুঠতে ৫৮বিধ চার্জাৰীৰ প্রশিক্ষণৰ বাবে কেন্দ্রীয় চৰকাৰে অনুমতি প্রদান কৰিছে৷ ইয়াৰ পাছতে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন৷ চৰকাৰৰ সিদ্ধান্তক জনস্বার্থবিৰোধী বুলি অভিহিত কৰি আহিছে ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে৷
ৰাজ্যতো বন্ধ থাকিব চিকিৎসা সেৱা
সমগ্র দেশৰ লগতে ৰাজ্যতো কাইলৈ কেন্দ্রীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰিব এল’পেথিক চিকিৎসকসকলে৷ আজি পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বন্ধ থাকিব চিকিৎসা সেৱা৷ আজি এই কথা সদৰী কৰিছে ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনৰ অসম ৰাজ্যিক শাখাৰ সভাপতি ড০ সত্যজিৎ বৰাই৷ দিছপুৰ প্রেছ ক্লাবত এখন সংবাদ মেলত ডাঃ বৰাই প্রকাশ কৰা অনুসৰি কাইলৈৰ কার্যসূচীলৈ সদৌ অসম চিকিৎসক সন্থায়ো সহযোগিতা আগবঢ়াব৷ এই প্রসংগত তেওঁ কয়– ‘সদৌ অসম চিকিৎসক সন্থাই এখন পত্রৰ জৰিয়তে তেওঁলোকৰ সহযোগিতাৰ কথা আমাক অৱগত কৰিছে৷ আজি তেওঁলোকে নিজৰ ব্যক্তিগত চিকিৎসা কক্ষ বন্ধ ৰখাৰ লগতে আপদকালীন আৰু ক’ভিড সেৱাৰ বাহিৰে আন চিকিৎসা সেৱা আগবঢ়োৱাৰ পৰা বিৰত থাকিব৷ এই প্রতিবাদী কার্যসূচীলৈ প্রতিখন চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষকসকলেও সমর্থন আগবঢ়াইছে৷’ এই প্রতিবাদী কার্যসূচীৰ পাছতো চৰকাৰে বিতর্কিত অধিসূচনা প্রত্যাহাৰ নকৰিলে আগন্তুক সময়ত ইয়াতকৈও অধিক জংগী আন্দোলন গঢ়ি তোলা হ’ব বুলিও তেওঁলোকে সকীয়াই দিয়ে৷

You might also like