নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন পেন্সন আঁচনিঃ তীব্র সংকটত ৰাজ্যৰ ১৫ সহস্রাধিক শিক্ষক

নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ ২০১৩ বর্ষত নতুনকৈ প্রাদেশিকীকৰণ হোৱা শিক্ষক–কর্মচাৰীসক্ নতুন পেন্সন আঁচনিৰ অধীনত সামৰি লোৱাত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি৷ মাত্র কেইটামান বছৰ চাকৰি  কৰাৰ পাছত অৱসৰ ল’বলগীয়া হোৱা একাংশ শিক্ষক–কর্মচাৰী প্রাপ্যৰ পৰা বঞ্চিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম হাইস্কুল (নৱ প্রাদেশীকৃত) অৱসৰপ্রাপ্ত আৰু কর্মৰত শিক্ষক–কর্মচাৰী সমন্বয় সমিতিয়ে৷  গুৱাহাটী প্রেছ ক্লাবত এখন সংবাদ মেলত সমিতিৰ সাধাৰণ সম্পাদক নৃপেন্দ্রনাথ শর্মাই প্রকাশ কৰা অনুসৰি নতুন পেন্সন আঁচনিৰ বাবে ১৫ হাজাৰ শিক্ষক–কর্মচাৰী হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ নতুন পেন্সন আঁচনিয়ে এই শিক্ষকসকলৰ মূৰত ৰাম–টাঙোন শোধাইছে বুলি উল্লেখ কৰি তেওঁ কয়– ‘মানৱ সম্পদ গঢ়া কার্যত দীর্ঘদিনে নিয়োজিত হৈ থকাৰ পাছত অৱসৰৰ সময়ত শিক্ষকসকলে পেন্সনৰ পৰিৱর্তে ভিক্ষাৰ জোলোঙা ল’বলগীয়া হৈছে৷ ভেঞ্চাৰ স্কুলত ২০–৩২ বছৰ কাল বিনাবেতনে চাকৰি কৰি অৱসৰ লোৱা কর্মচাৰীসকলে এন পি এছৰ বাবে মাহিলি লাভ কৰিছে ৫০০ৰ পৰা ১,২০০ টকা পেন্সন৷ যাৰ বাবে অৱসৰৰ পাছতো শিক্ষক–কর্মচাৰীসকলক পুতৌৰ পাত্র হ’বলগীয়া হৈছে৷ দীর্ঘদিনৰ বিৰতিৰ অন্তত ২০১৩ চনত শিক্ষকৰ পদ প্রাদেশিকীকৰণ কৰা হ’ল৷

বহু শিক্ষকে পদ অনুমোদনৰ নির্দেশনা–পত্র হাতত লৈয়ে অৱসৰ গ্রহণ কৰিলে৷ কিন্তু অৱসৰ গ্রহণ কৰাৰ পাছত এন পি এছে তেওঁলোকক অধিক জুৰুলা কৰিছে৷’ এন পি এছৰ ফলত সৃষ্টি হোৱা জটিলতাৰ বিষয়ে সদৰী কৰি শর্মাই কয়– ‘এজন শিক্ষক–কর্মচাৰীয়ে এন পি এছত বেছিক পে’ আৰু মৰগীয়া বানচৰ পৰা ১০ শতাংশ ধন কর্তন কৰিব লাগে৷ চৰকাৰী পক্ষৰ পৰা দিয়ে ১০ শতাংশ ধন৷ এই ধনৰ পৰা অৱসৰৰ পাছত ৬০ শতাংশ ধন জমাকর্তাই আদায় কৰিব পাৰে৷ বাকী ৪০ শতাংশ জমাকর্তাই এল আই চি, এইচ ডি এফ চি লাইফ, ষ্টেট বেংক লাইফ, আই চি আই চি আই লাইফ অথবা ৰিলায়েন্স লাইফত জমা কৰিব লাগে৷ এই ধনৰ সুদৰ পৰা তেওঁলোকে পেন্সন লাভ কৰে৷ জমা কৰা ধন অতি নগণ্য হোৱা বাবে পেন্সন হিচাপে মাহিলি ৫০০ৰ পৰা ১,২০০ টকাহে লাভ কৰি আহিছে শিক্ষকসকলে৷’ সেয়েহে ২০০৪ চনৰ ১ জানুৱাৰীৰ পূর্বে চাকৰিত যোগদান কৰা শিক্ষক–কর্মচাৰীসক্ এন পি এছৰ অধীনত নপৰে বুলি উল্লেখ কৰি তেওঁ কয়– ‘২০১৩ চনত প্রাদেশিকীকৰণ হ’লেও উক্ত শিক্ষক–কর্মচাৰীসক্ চাকৰিত যোগদান কৰাৰ সময় ২০০৪ চনৰ ১ জানুৱাৰী৷ কিন্তু অসমত এন পি এছ অর্থাৎ নতুন পেন্সন আঁচনি ২০০৫ চনৰ ফেব্রুৱাৰীৰ পৰা কার্যকৰী কৰা হৈছে৷ সেয়েহে এই কর্মচাৰীসকল কোনোপধ্যে নতুন পেন্সন আঁচনিৰ অধীনত পৰিব নোৱাৰে৷’ সেয়েহে ২০০৪ চনৰ ১ জানুৱাৰীৰ পূর্বে চাকৰিত যোগদান কৰা শিক্ষক–কর্মচাৰীসক্ পুৰণি পেন্সন আঁচনিৰ অধীনত সামৰি অৱসৰকালীন গ্রেছুইটী, মাহিলি পেন্সন, চিকিৎসা সেৱা আদিৰ দৰে আন সুবিধাসমূহ আদায় দিবলৈ সমিতিয়ে দাবী উত্থাপন কৰিছে৷ ইতিমধ্যে একে আইনৰ অধীনত প্রাদেশীকৃত হোৱা ৫৩খন জুনিয়ৰ কলেজক পুৰণি পেন্সন আঁচনিৰ অধীনত সামৰি লোৱা হৈছে বুলিও তেওঁলোকে সদৰী কৰে৷ ইয়াৰ উপৰি ৫ বছৰ চাকৰি কাল সম্পূর্ণ নকৰাকৈ অৱসৰ গ্রহণ কৰা শিক্ষক–কর্মচাৰীক এককালীন আর্থিক সাহায্য প্রদান কৰা, চাকৰিকালত মৃত্যুবৰণ কৰা শিক্ষক–কর্মচাৰীসক্ পৰিয়ালক আর্থিক সাহায্য প্রদান কৰা আদি দাবীও তেওঁলোকে চৰকাৰৰ ওচৰত উত্থাপন কৰিছে৷ আজিৰ সংবাদ মেলত সমিতিৰ সভাপতি প্রবীণ শইকীয়া উপস্থিত থাকে৷

You might also like