নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোৰ ৰাজনৈতিক জীৱনৰ অতি গুৰুত্বপূর্ণ আছিল শনিবাৰৰ দিনটো

নিউজ লাইভৰ প্রেক্ষাপট অনুষ্ঠানত মন্ত্রী ড০ শর্মা

নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ  বিটিচি নির্বাচনক কেন্দ্র কৰি বিজেপি আৰু বি পি এফৰ মাজত সৃষ্টি হোৱা সংঘাত তথা মিত্রতা ভংগক লৈ চলি থকা চর্চা সন্দর্ভত আজি কেতবোৰ তাৎপর্যপূর্ণ তথ্য দাঙি ধৰিলে ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বিটিচি নির্বাচন বিজেপি দল তথা চৰকাৰৰ বাবে কিমান প্রত্যাহ্বানমূলক আছিল আৰু নির্বাচনৰ পূর্বে বিজেপিয়ে গ্রহণ কৰা স্থিতি কিমান গ্রহণযোগ্য আছিল, তাক লৈ দলটোৰ ভিতৰচ’ৰা তথা সাধাৰণ ৰাইজৰ মাজত সৃষ্টি হোৱা কৌতূহলৰ অন্ত পেলাই মন্ত্রীগৰাকীয়ে কয়– বিজেপিৰ বাবে এই নির্বাচন যথেষ্ট প্রত্যাহ্বানপূর্ণ তথা ৰাজনৈতিক দিশৰ পৰা যথেষ্ট কঠিন আছিল৷ ‘নিউজ লাইভ’ৰ ‘প্রেক্ষাপট’ অনুষ্ঠানত মেনেজিং এডিটৰ জাৰিৰ হুছেইনৰ সৈতে হোৱা বার্তালাপত ড০ শর্মাই কয়– বিটিচি নির্বাচনত লোৱা সিদ্ধান্ত মোৰ ৰাজনৈতিক জীৱনৰ ডাঙৰ ৰিস্ক আছিল৷ এককভাৱে প্রতিদ্বন্দ্বিতা কৰা আৰু বি পি এফক প্রত্যাহ্বান জনোৱাটো আছিল যথেষ্ট ডাঙৰ সিদ্ধান্ত৷ মোৰ ৰাজনৈতিক জীৱনৰ অতি গুৰুত্বপূর্ণ আছিল শনিবাৰৰ দিনটো৷ বিটিচিত বিজেপিৰ সাংগঠনিক স্থিতি কিমান শক্তিশালী, সেয়া নিৰূপিত হোৱা নাছিল৷ এনে অৱস্থাত বিজেপিয়ে এককভাৱে প্রতিদ্বন্দ্বিতা কৰা আৰু বড়োভূমিত বি পি এফক প্রত্যাহ্বান জনোৱাটো সহজ নাছিল৷ শনিবাৰৰ নিশা যেতিয়া ফলাফলসমূহ আৰম্ভণিতে বিজেপিৰ সপক্ষে অহা নাছিল, মই সমুখত অন্ধকাৰ দেখিছিলোঁ৷ কিয়নো বিটিচি নির্বাচন ছেমিফাইনেল বুলি যি চর্চা চলিছিল, সেই পৰিপ্রেক্ষিতত যদি আমি পৰিষদ গঠন কৰিব নোৱাৰোঁ, তেন্তে সেয়া ডাঙৰ ৰাজনৈতিক ক্ষতি হ’লহেঁতেন৷ বি পি এফৰ লগত পুনৰ মিত্রতালৈ ঘূৰি গ’লে ইয়াৰ প্রভাৱ আগন্তুক বিধানসভা নির্বাচনতো পৰিলহেঁতেন৷

ইফালে বি পি এফৰ সৈতে মিত্রতা ভংগৰ কেইবাটাও কাৰণ উত্থাপন কৰি মন্ত্রীগৰাকীয়ে কয়– দৰাচলতে বিগত লোকসভা নির্বাচনৰ পৰাই বি পি এফ বিজেপিৰ কাষৰ পৰা আঁতৰি গৈছিল৷ বি পি এফে বিটিচিত বিজেপিৰ বিস্তাৰ হোৱাটো নিবিচাৰে৷ তেওঁলোকৰ তিনিজনক স–সন্মানে কেবিনেট মন্ত্রী পদ দিয়াৰ পাছতো আমাৰ একমাত্র এম চি এল এজনক ই এম দিয়াৰ ক্ষেত্রত কোনো গুৰুত্বই দিয়া নাছিল হাগ্রামা মহিলাৰীয়ে৷ বিটিচিৰ সংখ্যালঘু ভোট আঁতৰি যোৱাৰ ভয়ত হাগ্রামা মহিলাৰীয়ে এক বিজেপিবিৰোধী স্থিতিও গ্রহণ কৰি আহিছিল৷ নির্বাচনত সংখ্যালঘু ভোটাৰসকলে হাগ্রামাৰ মাজত এটা বিজেপিবিৰোধী স্থিতি বিচাৰি পাইছিল৷ বিটিচি নির্বাচনত বি পি এফৰ লগত মিত্রতাৰে বিজেপি অৱতীর্ণ হোৱাহেঁতেন বিজেপিবিৰোধী ভোট অধিক শক্তিশালী হ’লহেঁতেন আৰু বিজেপিয়ে এনে ফল লাভ নকৰিলেহেঁতেন৷ আন এটা দিশ উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কয়– বিটিচি নির্বাচনত ইউ পি পি এল আৰু বিজেপিয়ে পৰিষদ গঠন কৰিব নোৱাৰিলে হাগ্রামা মহিলাৰীয়ে কংগ্রেছ–এ আই ইউ ডি এফৰ সৈতে মিত্রতা কৰিলেহেঁতেন আৰু সেয়া আমাৰ বাবে বৃহৎ ৰাজনৈতিক দুর্যোগ হ’লহেঁতেন৷ ইয়াৰ প্রভাৱ ২০২১ৰ নির্বাচনত পৰিলহেঁতেন৷

আনহাতে, বিটিচি পৰিষদ গঠনৰ ক্ষেত্রত ইউ পি পি এল আৰু গণ সুৰক্ষা পার্টীৰ লগত মিত্রতা স্থাপন সন্দর্ভত তেওঁ কয়– এই মিত্রতা বড়োভূমিৰ জনগণৰ লগতহে৷ এই মিত্রতা ৰাজনীতিৰ পৰা বহু ওপৰত৷ বিজেপিয়ে এই মিত্রতাৰ জৰিয়তে বিটিচিত সামাজিক সমন্বয়ৰ ভেটি স্থাপন কৰিলে৷ নতুন পৰিষদ গঠন হ’লে বিটিচিত বড়ো বুলি কোনো ৰাজনীতি নাথাকিব, বড়ো–বড়ো বুলি একো নাথাকিব৷ সন্দেহ আৰু অবিশ্বাস আঁতৰাবলৈয়েই এই মিত্রতা হৈছে৷ এইবাৰ নির্বাচনত অবড়োক প্রতিনিধিত্ব কৰা গণ সুৰক্ষা পার্টীয়েও অদ্ভুত ধৰণে ভোট পাইছে৷ একেদৰে ইউ পি পি এলে জনগোষ্ঠীয় লোকৰ সমর্থন লাভ কৰিছে৷ সেই দিশৰ পৰা বিটিচিত বিজেপিয়ে সকলোৰে সমন্বয়ৰে এক মঞ্চ তৈয়াৰ কৰিবলৈ সক্ষম হৈছে৷ বি পি এফৰ লগত মিত্রতা থাকিলে বিজেপিয়ে এই সামাজিক সমন্বয় সৃষ্টি কৰিব নোৱাৰিলেহেঁতেন৷ বিটিচি নির্বাচনত কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতা প্রসংগত মন্ত্রী ড০ শর্মাই কয়– এই মিত্রতাক লৈ বিজেপি চিন্তিত হোৱা নাছিল৷ দৰাচলতে বিজেপিয়ে বিটিচিত হেৰুৱাবলগীয়া একো নাই৷ আমি ৯খন আসন পালোঁ আৰু ১০খন আসনত তীব্র প্রতিদ্বন্দ্বিতা কৰিলোঁ৷ এই শক্তিশালী স্থিতিয়ে ২০২১ৰ নির্বাচনত আমাক যথেষ্ট সহায় কৰিব৷ বিটিচিৰ ১২টা সমষ্টিত আমাক এই নির্বাচনৰ ফলাফলে যথেষ্ট সহায় কৰিব৷ আগন্তুক বিধানসভা নির্বাচনত নতুন ৰাজনৈতিক দলৰ প্রভাৱ তথা বিজেপি ইয়াৰ দ্বাৰা ক্ষতিগ্রস্ত হ’ব নেকি বুলি সোধা

এক প্রসংগত ড০ শর্মাই কয়– বিজেপিক দ্বিতীয়বাৰৰ বাবে শাসনলৈ অনাৰ সিদ্ধান্ত ইতিমধ্যে অসমৰ ৰাইজে লৈছে৷ বিভিন্ন জিলাত তথা বিভিন্ন ঠাইত অনুষ্ঠিত কৰা সভাসমূহত ৰাইজে দেখুওৱা মৰমে সেয়া স্পষ্ট কৰি তুলিছে৷ দৰাচলতে আগন্তুক নির্বাচন হ’ব দুটা শক্তিৰ মাজত, দুটা সভ্যতাৰ মাজত৷ ইয়াত নতুন ৰাজনৈতিক দলৰ ঠাই নাই৷ এই দলসমূহ সংবাদ মাধ্যমতহে চলি আছে৷ ২০১৬ চনৰ নির্বাচনৰ পুনৰাবৃত্তি ঘটিব এইবাৰৰ নির্বাচনতো৷ সেয়াই নহয়, আগন্তুক কেইবাটাও নির্বাচন সভ্যতাৰ যুঁজৰ ওপৰতেই চলিব৷ গতিকে নতুন ৰাজনৈতিক দলৰ বাবে এই নির্বাচনত কোনো ধৰণৰ ঠাই নাই৷ আমি এতিয়া ৬৫ শতাংশ আৰু ৩৫ শতাংশ শক্তিৰ যুঁজত অৱতীর্ণ হৈছোঁ৷ সমষ্টি পুনৰ নির্ধাৰণ আৰু এন আৰ চি সম্পূর্ণ হোৱাৰ পাছতহে অসমত আন ৰাজনৈতিক পৰিৱেশ আহিব৷ কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাৰ প্রসংগ উত্থাপন কৰি মন্ত্রী শর্মাই কয় যে এই মিত্রতা কিমান বাস্তৱিক হ’ব, সেয়া সহজে ক’ব নোৱাৰি৷ বদৰুদ্দিন আজমলে সন্ত্রাসবাদী সংগঠনক সহায় কৰা এন জি অ’ৰ পৰা নিৰন্তৰভাৱে যি পুঁজি লৈ আছে, এই বিষয়টোৱে কংগ্রেছৰ সৈতে হোৱা মিত্রতাত নিশ্চয় প্রভাৱ পেলাব৷ কংগ্রেছ যদি এ আই ইউ ডি এফৰে মিত্রতালৈ আহে, তেন্তে তেওঁলোকে নিশ্চিত কৰিব লাগিব যে অসমীয়া, ভাৰতীয় আৰু সনাতনী লোকৰ লগত তেওঁলোকে সম্পর্ক নাৰাখে৷ কংগ্রেছৰ বহুতেই এনেধৰণৰ মিত্রতা মানি নলয়৷ এই মিত্রতা হ’লে বিজেপিৰ বাবে ৮খন আসন ক্ষতি হ’ব পাৰে৷ কিন্তু এনে মিত্রতাক বিৰোধিতা কৰাৰ বাবে পৰাজিত হ’ব লগা আসন হয়তো বিজেপিয়ে লাভ কৰিব পাৰে৷ কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতা হওক বা নহওক, ‘৩৫ শতাংশ’ৰ দুই–তিনিখন আসন অসম বিধানসভাত বৃদ্ধি হ’ব, সেয়া কংগ্রেছৰ ৰূপতেই হওক বা এ আই ইউ ডি এফৰ ৰূপতেই হওক৷ ২০১৬ চনত জাতি–মাটি–ভেটিৰ যি সংকল্প আছিল, সেয়া অব্যাহত আছে৷ এইবাৰ এই সংকল্পৰেই যুঁজ আৰম্ভ হ’ব আৰু অহা নির্বাচনত সভ্যতাৰ এই যুঁজত জয়ী হ’ব লাগিব৷

বদৰুদ্দিন আজমলে ইছলামিক সংগঠনৰ পৰা লাভ কৰা পুঁজি সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি মন্ত্রী ড০ শর্মাই কয় যে ইয়াৰ এক তদন্ত নিশ্চিতভাৱে হ’ব৷ আজমল ফাউণ্ডেচনে কিহৰ বাবে এই ধন লাভ কৰিছে, সেয়া যথেষ্ট বিচার্যৰ বিষয়৷ সাধাৰণ লোকে ধাৰণা কৰি আছিল যে আজমলে নিজৰ ধনেৰে সামাজিক কাম–কাজ কৰে৷ কিন্তু আজমলে নিজৰ পকেটৰ পৰা এটকাও খৰচ নকৰে৷ যিমান টকা পায়, তাৰ আধাখিনি অপব্যয়হে কৰে৷ আমাৰ দাবী হ’ল– আজমলে পুঁজি লাভ কৰা সংগঠনসমূহৰ সৈতে তেওঁৰ সম্পর্ক কি? সেয়া আজমলে ৰাজহুৱা কৰক৷

You might also like