নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰীৰ ১৭ বছৰীয়া ৰাজত্বৰ অৱসান ঘটাই অৱশেষত বিটিচিৰ নতুন মুখ্য কার্যবাহী সদস্য হ’ব ইউ পি পি এলৰ সভাপতি তথা প্রাক্তন ছাত্র নেতা প্রমোদ বড়ো৷ এন ডি এফ বিৰ কেউটা গোটৰ সৈতে কেন্দ্রীয় চৰকাৰে বি টি আৰ চুক্তি সম্পাদন কৰাত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰা প্রমোদ বড়োৱে সক্রিয় ৰাজনীতিত অংশগ্রহণ কৰিয়েই বিটিচি নির্বাচনত এক ঐতিহাসিক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ এটা সাধাৰণ পৰিয়ালত জন্মগ্রহণ কৰা এইগৰাকী নেতাই বিটিচিৰ চীফ হিচাপে দায়িত্ব লোৱালৈকে আছে এক দীঘলীয়া পৰিক্রমা৷ ছাত্র নেতা হিচাপে তিনি দশক কাল তেওঁ বড়ো জাতিৰ উন্নয়নৰ বাবে আগবঢ়াই আহিছিল বিশেষ অৰিহণা৷ আর্থিকভাৱে এটা দুর্বল পৰিয়ালত ১৯৭৫ চনত জন্মলাভ কৰিছিল প্রমোদ বড়োৱে৷ নিখিল বড়ো ছাত্র সন্থা (এবছু)ৰ প্রাক্তন সভাপতি উপেন্দ্রনাথ ব্রহ্মৰ নেতৃত্বত সেই সময়ত আৰম্ভ হোৱা পৃথক বড়োলেণ্ড আন্দোলনত অধিক সক্রিয়ভাৱে জড়িত আছিল প্রমোদ বড়ো৷ পৰৱর্তী সময়ত এজন সাধাৰণ সদস্যৰ পৰা এবছুৰ শীর্ষ পদত তেওঁ নিজৰ কর্মদক্ষতাৰ বাবে আৰোহণ কৰিবলৈ সক্ষম হৈছিল৷ ১৯৯৭ চনত তেওঁ এবছুৰ কামৰূপ জিলা কমিটীৰ সভাপতি হিচাপে নির্বাচিত হয়৷ এবছুৰ সভাপতি হিচাপে নির্বাচিত হোৱাৰ পূর্বে তেওঁ ছাত্র সংগঠনটোৰ সহকাৰী সাধাৰণ সম্পাদক আৰু উপ–সভাপতি হিচাপেও দীর্ঘকালীন সেৱা আগবঢ়ায়৷ ইয়াৰ পাছত সভাপতি হিচাপে এবছুক তেওঁ সন্মুখৰ পৰা নেতৃত্ব দিয়ে আৰু বড়ো লোকসকলৰ মাজত শিক্ষা সম্পর্কীয় সজাগতাৰ ক্ষেত্রত কাম কৰিবলৈ সক্ষম হয়৷ তেওঁ নেতা হৈ থকা কালতেই এবছুৱে ‘ইয়েৰ অৱ এডুকেচন’ আৰু ‘মিছন কোৱালিটী এডুকেচন’ নামৰ দুটা বিশেষ কার্যসূচী গ্রহণ কৰে৷ এই কার্যসূচীৰ মূল লক্ষ্য আছিল বড়োভূমিত শিক্ষাৰ মান উন্নত কৰা৷
২০০৯ চনত এবছুৰ সভাপতি হিচাপে তেওঁ নির্বাচিত হয়৷ শোণিতপুৰ জিলাৰ ঠেলামৰাত অনুষ্ঠিত বার্ষিক সভাত প্রমোদ বড়োক দায়িত্ব অর্পণ কৰা হয় এবছুৰ সভাপতি হিচাপে৷ ২০১০ চনত কংগ্রেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰে তেলেংগানাক সুকীয়া ৰাজ্যৰ মর্যাদা প্রদান কৰাৰ পাছতে প্রমোদ বড়োৰ নেতৃত্বত এবছুৱে পৃথক বড়োলেণ্ডৰ বাবে আন্দোলন তীব্রতৰ কৰি তোলে৷ পৰৱর্তী পর্যায়ত পৃথক বড়োলেণ্ডৰ এই আন্দোলনত তেওঁ ৰাইজৰ অকুণ্ঠ সঁহাৰিও লাভ কৰে৷ দলীয়ভাৱে নেতৃত্ব দিয়াৰ ক্ষমতা থকা এইগৰাকী নেতাৰ আত্মবিশ্বাসী মনোভাব আৰু দূৰদৃষ্টিয়ে তেওঁক এজন শক্তিশালী নেতা হিচাপে প্রতিষ্ঠা কৰাত সহায় কৰিছে৷ ২০০৯ চনৰ পৰা ২০২০ চনলৈ সুদীর্ঘ কাল তেওঁ সভাপতি হিচাপে এবছুক নেতৃত্ব দিয়ে৷ বড়োভূমিত স্থায়ী শান্তি স্থাপনৰ ক্ষেত্রত অতি গুৰুত্ব সহকাৰে কাম কৰি অহা এইগৰাকী নেতাই সমূলঞ্চে সন্ত্রাসবাদ নির্মূল কৰিবলৈ লোৱা প্রচেষ্টাৰ ফলতে শেহতীয়াকৈ সম্পন্ন হৈছে বি টি আৰ চুক্তি৷ এন ডি এফ বিকে ধৰি আন কেইবাটাও সক্রিয় উগ্রবাদী সংগঠনক আলোচনাৰ মেজলৈ আনি বড়োভূমিত শান্তি স্থাপনৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ সৈতে অতি ঘনিষ্ঠভাৱে তেওঁ কাম কৰিবলৈ আৰম্ভ কৰে৷ কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সহযোগত অৱশেষত ২০২০ চনৰ ২৭ জানুৱাৰীত সম্পন্ন হয় বি টি আৰ চুক্তি৷
বি টি আৰ চুক্তি সম্পন্ন হোৱাৰ পাছতে বড়োভূমিক উন্নয়নৰ শিখৰলৈ লৈ যোৱাৰ লক্ষ্যৰে তেওঁ যোগদান কৰে সক্রিয় ৰাজনীতিত৷ বি টি আৰ চুক্তি সম্পন্ন হোৱাৰ কিছু দিন পূর্বে যোৱা ২১ ফেব্রুৱাৰীত তেওঁক ইউনাইটেড পিপলছ পার্টী লিবাৰেলত (ইউ পি পি এল) যোগদান কৰে৷ দলটোত যোগদান কৰিয়ে তেওঁ সভাপতিৰ দায়িত্ব গ্রহণ কৰে আৰু বিটিচি নির্বাচনত সক্রিয়ভাৱে জঁপিয়াই পৰে৷ ১৭ বছৰীয়া বি পি এফৰ শাসন ওফৰাই বড়োভূমিত বাস কৰা বড়ো জনগোষ্ঠীৰ লগতে সকলো জাতি–জনগোষ্ঠীক সম–উন্নয়নেৰে সামৰি আগবঢ়াই নিয়াৰ প্রতিশ্রুতিৰে তেওঁ অৱতীর্ণ হয় নির্বাচনী যুঁজত৷ বিটিচিৰ ৪০টা সমষ্টিতে প্রার্থী থিয় কৰা ইউ পি পি এলৰ বিজয়ৰ বাবে তেওঁ আৰম্ভ কৰে অক্লান্ত নির্বাচনী প্রচাৰ৷ বিটিচিৰ চাৰিখন জিলাত নির্বাচনী সভা অনুষ্ঠিত কৰি এটাৰ পাছত আন এটা প্রতিশ্রুতিৰে ৰাইজৰ মন জয়ৰ চেষ্টা কৰে প্রমোদ বড়োৱে৷ শেহতীয়া নির্বাচনী ফলাফলত দেখা গ’ল বড়ো নেতাজনৰ এই আপ্রাণ চেষ্টাৰ সুফল৷ ১২খন আসনত জয়লাভেৰে ইউ পি পি এলক এক নতুন শিখৰত অৱতীর্ণ কৰোৱাৰ লগতে বিটিচিৰ ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায় ৰচনা কৰিবলৈ সক্ষম হ’ল প্রমোদ বড়োৱে৷ আনুষ্ঠানিকভাৱে বিজেপি আৰু গণ সুৰক্ষা পার্টীৰ সহযোগত বিটিচিৰ পৰিষদ গঠন কৰাৰ কথা ঘোষণা কৰাৰ লগে লগে নির্বাচনৰ সময়ত দিয়া প্রতিশ্রুতি পালন কৰি প্রমোদ বড়োৱে বড়োভূমিৰ দুর্নীতি–পশাসন আঁতৰাই সু–শাসনেৰে সকলো জাতি–জনগোষ্ঠীৰ মন জয় কৰিব বুলি আশা কৰা হৈছে৷