পৰিৱর্তনক সন্মান জনাই ইউপিপিএল–বিজেপি–জিএচপি একত্রিত হৈছেঃ ৰঞ্জিত দাস
‘বিটিচি নির্বাচনত ৰাইজৰ মতামত পৰিৱর্তনৰ সপক্ষে’
নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ বিটিচিত বি পি এফৰ লগত বিজেপিৰ মিত্রতা নাই৷ মিত্রতা হৈছে ইউ পি পি এল, গণ সুৰক্ষা পার্টীৰ লগতহে৷ –এই মন্তব্য ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ দপ্তৰৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ কালি মাজনিশাৰে পৰা আজি পুৱাৰ ভাগলৈ বিজেপি, ইউ পি পি এল আৰু গণ সুৰক্ষা পার্টীৰ সৈতে চলা মাৰাথন বৈঠকৰ পাছত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ চৰকাৰী বাসভৱনত আনুষ্ঠানিকভাৱে তিনিওটা দলৰ মিত্রতা হোৱাৰ পাছত মন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত সেই মন্তব্য কৰে৷ মন্ত্রী ড০ শর্মাই কয় যে বি পি এফ দলৰ লগত ৰাজ্য চৰকাৰৰ মিত্রতা আছে৷ ২০১৬ চনৰ বিধানসভা নির্বাচনৰ সময়ত বিজেপিয়ে বি পি এফ আৰু অগপ দলৰ লগত ৫ বছৰ মিত্রতাত থকাৰ সিদ্ধান্ত লৈছিল৷ সেই সিদ্ধান্ত অনুসৰি ৰাজ্য চৰকাৰৰ সৈতে বি পি এফৰ এতিয়াও মিত্রতা আছে৷ ২০২১ চনৰ বিধানসভা নির্বাচন পর্যন্ত সেই মিত্রতা বাহাল থাকিব৷ বিটিচি নির্বাচন যিহেতু শেষ হৈছে, সেয়ে বি পি এফৰ তিনি মন্ত্রীক চৰকাৰত থাকি সুচাৰুৰূপে দায়িত্ব পালন কৰিবলৈ তেওঁ আহ্বান জনায়৷ সম্বন্ধত কেতিয়াবা তিক্ততা, আনন্দ থাকিলেও ২০২১ত নতুন চৰকাৰ নোহোৱালৈ বি পি এফৰে মিত্রতা থাকিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে৷ এই প্রসংগতে তেওঁ কয় যে মাজতে অগপৰ তিনি মন্ত্রীয়ে পদত্যাগ কৰিছিল যদিও ২০১৬ চনত হোৱা মিত্রতাৰ প্রতিশ্রুতি অনুসৰি তেওঁলোকৰ পদত্যাগ–পত্র গ্রহণ কৰা নাছিল৷
আনহাতে, সদ্য ফলাফল ঘোষিত বিটিচি নির্বাচনত বি পি এফে অধিক আসন লাভ কৰাৰ বাবে হাগ্রামা মহিলাৰীয়ে চৰকাৰ গঠনৰ দাবী কৰাৰ প্রসংগত তেওঁ কয় যে দাবী কৰাৰ অধিকাৰ বি পি এফৰ আছে৷ কিন্তু ৰাজ্যপালেহে সিদ্ধান্ত ল’ব কাৰ লগত সংখ্যাগৰিষ্ঠতা আছে৷ তেওঁলোকে ১৭জনৰ তালিকা দাখিল কৰিব৷ কিন্তু ইউ পি পি এল–বিজেপি–গণ সুৰক্ষা পার্টীয়ে ২২জনীয়া তালিকা দাখিল কৰিব৷ সেইদৰে বি পি এফ দলে বিটিচি চৰকাৰত অংশগ্রহণ কৰিব বিচাৰিলে এই মুহূর্তত বিজেপিয়ে নিজাববীয়াকৈ কোনো সিদ্ধান্ত ল’ব নোৱাৰে বুলি স্পষ্ট কৰি দি তেওঁ কয় যে এইক্ষেত্রত ইউ পি পি এল, বিজেপি, গণ সুৰক্ষা পার্টী তিনিওটা দলে মিলিহে সিদ্ধান্ত ল’ব লাগিব৷ ইপিনে আসন্ন বিধানসভা নির্বাচনত বি পি এফৰে মিত্রতা থকা–নথকাৰ প্রসংগত তেওঁ কয় যে বিধানসভা নির্বাচনৰ ক্ষেত্রত দলৰ ৰাজ্যিক সভাপতিয়ে নতুন দিল্লীত কেন্দ্রীয় নেতৃত্বৰ সৈতে কথা–বতৰা পতাৰ পাছতহে এই সন্দর্ভত সিদ্ধান্ত হ’ব৷ বিধানসভা নির্বাচনলৈ এতিয়াও বহু দিন আছে৷ ইফালে সদ্যসমাপ্ত বিটিচি নির্বাচনত বিজেপিয়ে চমকপ্রদ সাফল্য প্রদর্শন কৰা বুলি উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয়– আমি যিদৰে আশা কৰিছিলোঁ, তেনেদৰে ফলাফল লাভ কৰিছোঁ৷ আমি ১০ৰ পৰা ১২টা পৰিষদীয় সমষ্টিত জয়লাভ কৰাৰ আশা কৰিছিলোঁ৷ ২০০ৰ পৰা ৩০০ ভোটৰ ব্যৱধানত আমি চাৰিখনমান আসনত হাৰিলোঁ৷ নির্বাচনত কেতিয়াবা এনেধৰণৰ ঘটনা ঘটেই৷ পূর্বতে বিটিচিত আমাৰ এখন আসন আছিল৷ এইবাৰ আসনৰ সংখ্যা ৯খনলৈ বৃদ্ধি পালে৷ ওদালগুৰি আৰু বাক্সা জিলাত আমি প্রথম আৰু দ্বিতীয় স্থানত থাকিলোঁ৷ পৰিষদীয় নির্বাচনৰ এই ভোট বিধানসভালৈ পৰিৱর্তন কৰিলে সকলো বিধানসভা সমষ্টিতে আমাৰ জয় হৈছে৷ এইবাৰ বিটিচি নির্বাচনত ৰাইজৰ মতামত পৰিৱর্তনৰ মতামত৷ ৰাইজৰ সেই মতামতৰ পৰিপ্রেক্ষিততে আমি ইউ পি পি এল আৰু গণ সুৰক্ষা পার্টীৰ সৈতে লগ হৈ একেলগে পৰিষদ গঠনৰ সিদ্ধান্ত লৈছোঁ৷ কাৰণ নির্বাচনত ৰাইজে দিয়া মতামত আমি পৰিৱর্তনৰ বাবে দিয়া মতামত বুলি ভাবিছোঁ৷
ইপিনে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে বিটিচি নির্বাচনত বিজেপিয়ে উল্লেখযোগ্য সাফল্য লাভ কৰাৰ কথা উল্লেখ কৰি ইয়াৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, মন্ত্রী ভবেশ কলিতা, দলৰ সাংসদ, বিধায়কৰ লগতে দলটোৰ ৫.৪০ লাখ কার্যকর্তাক ধন্যবাদ জ্ঞাপন কৰে৷ জনসাধাৰণে বিচৰা পৰিৱর্তনক সন্মান জনাই ইউ পি পি এল, বিজেপি, গণ সুৰক্ষা পার্টী একত্রিত হৈছে বুলিও তেওঁ উল্লেখ কৰে৷ তেওঁ আৰু কয় যে পূর্বৰ বিটিচিত বিজেপিৰ এজন এম চি এল এ আছিল৷ সেই এম চি এল এজনক কার্যবাহী সদস্য পদ দিবলৈ তেতিয়াই বি পি এফক দলৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছিল৷ অসম মন্ত্রীসভাত বি পি এফৰ তিনিগৰাকী মন্ত্রী, ১২গৰাকী বিধায়ক আছে৷ কিন্তু বি পি এফে বিজেপিৰ এম চি এল এজনক কার্যবাহী সদস্য পদ নিদিলে৷ তেতিয়াই বিজেপিয়ে সিদ্ধান্ত লৈছিল– বিটিচিত দলৰ সংগঠন শক্তিশালী কৰি আসন্ন বিটিচি নির্বাচনত দলে নিজাববীয়াকৈ এককভাৱে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ সেই অনুসৰি এই নির্বাচনত বিজেপিয়ে সফলতা লাভ কৰিছে৷