নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ পান কার্ডৰ সৈতে আধাৰ কার্ডৰ সংযোগ ৩১ ডিচেম্বৰৰ পূর্বে বাধ্যতামূলক বুলি ঘোষণা কৰিছে আয়কৰ বিভাগে ৷ দেওবাৰে এক বার্তাত বিভাগটোৱে কয় যে আয়কৰ সেৱাৰ অবিৰত উপযোগিতা গ্রহণ কৰিবলৈ চলিত বর্ষৰ ৩১ ডিচেম্বৰৰ পূর্বে পান কার্ড আৰু আধাৰ কার্ডৰ সংযোগীকৰণ সকলোৱে নিশ্চিত কৰা উচিত ৷ উল্লেখ্য যে চলিত বর্ষৰ ছেপ্ঢেম্বৰত কেন্দ্রীয় প্রত্যক্ষ কৰ ব’ড (চিবিডিটি)–এ পান কার্ডৰ সৈতে আধাৰ কার্ডৰ সংযোগৰ অন্তিম দিন ৩১ ডিচেম্বৰলৈ সম্প্রসাৰিত কৰিছিল ৷ ইয়াৰ পূর্বে অন্তিম দিন আছিল ৩০ ছেপ্টেম্বৰ ৷