নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জি এম চি এইচত উদণ্ড যুৱকৰ আক্রমণত আহত সাংবাদিক

নিয়মীয়া বাৰ্তা ১৫ ডিচেম্বৰঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়৷ উদণ্ড যুৱকৰ দাৰ ঘাপত ডি ৱাই–৩৬৫ৰ সাংবাদিক আফনুৰ আলী আহত হয়৷ আহত আফনুৰ আলী সম্প্রতি জি এম চি এইচত চিকিৎসাধীন হৈ আছে৷ আৰক্ষী সূত্রই জনোৱা মতে জি এম চি এইচত কর্মৰত এগৰাকী নার্ছৰ সৈতে পংকজ বৈশ্য নামৰ এজন যুৱকৰ প্রেমৰ সম্পর্ক গঢ়ি উঠিছিল৷

পৰৱর্তী সময়ত প্রেমিক–প্রেমিকাৰ সম্পর্কত ফাট মেলে৷ এই লৈ প্রেমিক–প্রেমিকাৰ মাজত কাজিয়াৰ সূত্রপাত ঘটে৷ আজি কোনো কথাত খর্গহস্ত হৈ পংকজ বৈশ্য নামৰ যুৱকজনে জি এম চি এইচত প্রৱেশ কৰি কর্মৰত নার্ছগৰাকীক আক্রমণ কৰে৷ একে সময়তে সাংবাদিক আফনুৰ আলীয়ে যুৱতীগৰাকীৰ প্রাণৰক্ষা কৰিবলৈ আগবাঢ়ি অহাত উদণ্ড যুৱকজনে সাংবাদিকজনক প্রহাৰ কৰে৷ উদণ্ড যুৱক পংকজৰ দাৰ ঘাপত সাংবাদিক আফনুৰ আলী আহত হয়৷

ইপিনে, ভঙাগড় আৰক্ষীয়ে অভিযুক্ত পংকজ বৈশ্যক গ্রেপ্তাৰ কৰি ঘটনা সন্দর্ভত তদন্ত অব্যাহত ৰাখিছে৷ অৱশ্যে পৰৱর্তী সময়ত অধিক তথ্য পোহৰলৈ আহিব বুলি ভঙাগড় আৰক্ষীয়ে জানিবলৈ দিছে৷ ইপিনে সাংবাদিকগৰাকীক আক্রমণৰ ঘটনাক গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সম্পাদক সঞ্জয় ৰায়ে তীব্র ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে৷

You might also like