নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত আদর্শ আচৰণবিধি প্রয়োগৰ দাবী আয়োগক

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ আগন্তুক বর্ষত হ’বলগীয়া বিধানসভা নির্বাচনৰ পূর্বে ৰাজনৈতিক অস্থিৰতা তুংগত উঠা পশ্চিমবংগত আদর্শ আচৰণবিধি বলৱৎ কৰিবলৈ নির্বাচন আয়োগৰ ওচৰত দাবী জনাইছে বিজেপিৰ একাংশ নেতাই৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ পশ্চিমবংগ ভ্রমণৰ পূর্বে বিজেপি সাংসদ স্বপন দাসগুপ্তাৰ নেতৃত্বত দলটোৰ এক প্রতিনিধি দলে ৰাষ্ট্রীয় ৰাজধানী নতুন দিল্লীত আয়োগৰ কার্যালয়ত উপস্থিত হৈ আদর্শ আচৰণবিধি বলৱৎ কৰাৰ উপৰি কেন্দ্রীয় বাহিনী মোতায়েন কৰাৰ বাবে দাবী জনাইছে৷ জনপ্রতিনিধিত্ব আইনৰ ১৫ ধাৰা বলৱৎ কৰি পশ্চিমবংগত ৰাজনৈতিক সুস্থিৰতা অটুট ৰাখিবলৈ বিজেপিয়ে নির্বাচন আয়োগক দাবী জনাইছে যদিও তাৎক্ষণিকভাৱে আয়োগে এই বিষয়টো সন্দর্ভত কোনো ধৰণৰ সিদ্ধান্ত গ্রহণ কৰা নাই৷ স্মর্তব্য যে সাধাৰণতে আয়োগৰ আদর্শ আচৰণবিধি বলৱৎ হয় নির্বাচনৰ সময়সূচী ঘোষণা হোৱাৰ পিছতহে৷

You might also like