নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষি আইন ৰূপায়ণ স্থগিত ৰাখিবলৈ কেন্দ্রক পৰামর্শ ছুপ্রিম ক’ৰ্টৰ

নিয়মীয়া বার্তা,  ১৮  ডিচেম্বৰঃ  বিতর্কিত তিনি কৃষি আইনক লৈ নতুন দিল্লীৰ সীমান্তত কৃষক সংগঠনসমূহে চলাই থকা প্রতিবাদ সন্দর্ভত উদ্বিগ্ণতা প্রকাশ কৰিছে উচ্চতম ন্যায়ালয়ে৷ কালি সর্বোচ্চ ন্যায়ালয়ে কৃষকৰ আন্দোলন ৰাষ্ট্রীয় বিষয় হ’ব বুলি কেন্দ্রীয় চৰকাৰক অৱগত কৰাৰ পাছত আজি পুনৰ উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে তিনি কৃষি আইন ৰূপায়ণ স্থগিত ৰাখিবলৈ কেন্দ্রক পৰামর্শ আগবঢ়াইছে৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ব’বডে, ন্যায়াধীশ এছ এছ বোপান্না আৰু ভি ৰামসুব্রমণিয়মৰ তিনিজনীয়া বিচাৰপীঠে কেন্দ্রক তিনি আইন ৰূপায়ণত স্থগিত ৰখাৰ পৰামর্শ আগবঢ়োৱাৰ সমান্তৰালকৈ কৃষি আইনক লৈ কৃষকে অহিংস আন্দোলন কৰাৰ অধিকাৰ আছে বুলি স্পষ্ট কৰি দিয়ে৷ তদুপৰি বিচাৰপীঠে তিনি বিতর্কিত কৃষি আইনৰ বিষয়টো সমাধানৰ উদ্দেশ্যে কৃষি বিশেষজ্ঞ আৰু কৃষক সংগঠনৰ প্রতিনিধিৰ এখন ‘নিৰপেক্ষ আৰু স্বতন্ত্র’ কমিটী গঠনৰো বিবেচনা কৰা বুলি প্রকাশ কৰিছে৷ মুখ্য ন্যায়াধীশ ব’বডেৰ মতে কৃষি বিশেষজ্ঞ পি চাইনাথকে ধৰি কৃষি বিশেষজ্ঞ আৰু কৃষক সংগঠনৰ প্রতিনিধিৰ লগত কেন্দ্রীয় চৰকাৰৰ প্রতিনিধিক সাঙুৰি এখন কমিটী গঠন কৰা হ’ব৷

সম্প্রতি নতুন দিল্লীৰ সীমান্তকে ধৰি দেশৰ ভিন্ন প্রান্তত বিশেষকৈ পঞ্জাব, হাৰিয়ানা আদি ৰাজ্যত চলি থকা কৃষক আন্দোলনৰ সমস্যাটো সমাধানৰ বাবে এই কমিটী গঠনৰ পোষকতা কৰে মুখ্য ন্যায়াধীশ ব’বডেই৷ আনপিনে ন্যায়াধীশ এ এছ বোপন্না আৰু ভি ৰামসুব্রমণিয়মে প্রকাশ কৰা মত অনুসৰি কৃষকৰ আন্দোলন কৰাৰ অধিকাৰক প্রশংসা কৰিব পাৰি৷ কিন্তু এই আন্দোলন অহিংস হ’ব লাগিব৷ উল্লেখ্য যে আজি কৃষক আন্দোলনৰ ফলত দিল্লী সীমান্ত বন্ধ হৈ থকাৰ পৰিপ্রেক্ষিতত অত্যাৱশ্যকীয় সেৱা–চিকিৎসা সেৱা ব্যাহত হোৱা বুলি উল্লেখ কৰি এজন আইনৰ শিক্ষার্থীয়ে প্রতিবাদীক স্থানান্তৰিত কৰিবলৈ জনোৱা আবেদনৰ শুনানি লয় বিচাৰপীঠে৷ কালিও এই আবেদনৰ শুনানি লৈছিল উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে৷ ভিডি’ কনফাৰেঞ্চযোগে আবেদনৰ শুনানি গ্রহণ কৰি বিচাৰপীঠে এই আবেদনৰ শুনানি আৰু চলিব বুলি ঘোষণা কৰে৷

তাৎপর্যপূর্ণ যে ৰাজহুৱা স্বার্থজড়িত আবেদনৰ (পি আই এল) পক্ষ হিচাপে ৮টা কৃষক সংগঠনক সন্নিৱিষ্ট কৰিবলৈও বিচাৰপীঠে নির্দেশ দিছে৷ এই ৮ কৃষক সংগঠন হ’ল ভাৰতীয় কিষাণ ইউনিয়ন (বি কে ইউ–ৰাকেশ টিকাইট), বি কে ইউ–সিধুপুৰ (জগজিৎ এছ ডালেৱাল), বি কে ইউ–ৰাজেৱাল (বলবীৰ সিং ৰাজেৱাল), বি কে ইউ–লাখোৱাল (হৰিন্দৰ সিং লাখোৱাল), জামহুৰী কিষাণ সভা (কুলৱন্ত সিং সান্ধু), বি কে ইউ–ডাকাউণ্ডা (বুটা সিং বুর্জগিল), বি কে ইউ ডোৱাবা (মনজিৎ সিং ৰায়) আৰু কুলহিন্দ কিষাণ ফেডাৰেচন (প্রেম সিং ভাংগু)৷ উল্লেখ্য যে দিল্লী সীমান্তত কেইবাসহস্র কৃষকে বিগত ২১ দিন ধৰি প্রতিবাদ সাব্যস্ত কৰি আছে৷ এই প্রতিবাদী কৃষকৰ অধিকাংশই পঞ্জাব আৰু হাৰিয়ানাৰ৷

You might also like