নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ ২০২১ চনত ৰাজ্যত কংগ্রেছ দল ক্ষমতালৈ আহিলে নাগৰিকত্ব সংশোধনী আইন (কা) অসমৰ পৰা আঁতৰাই ৰখাৰ ব্যৱস্থা কৰাৰ ঘোষণা কৰিছে প্রদেশ কংগ্রেছে ৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুৰ বৰাই সোমবাৰে ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলত সেই ঘোষণা কৰে ৷ সেইদৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ‘কা’বিৰোধী আন্দোলনত কংগ্রেছ দল জড়িত বুলি কৰা অভিযোগক প্রত্যাহ্বান জনাই সভাপতি বৰাই কয় যে আছুৰ ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্য, শিল্পী জুবিন গার্গকে ধৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদ কৰিবলৈ ওলাই অহা শিল্পীসকল কংগ্রেছী নেকি? সেই আইনখনৰ প্রতিবাদকল্পে স্বতঃস্ফূর্তভাৱে ওলাই অহা সত্রাধিকাৰসকল, অখিল গগৈ, হীৰেন গোহাঁইকে ধৰি নাগৰিক সমাজ, লণ্ডনৰ প্রতিবাদকাৰীসকল কংগ্রেছী নেকি? ২০–২৫ লাখ লোকৰ স্বতঃস্ফূর্ত জনজাগৰণ দেখি প্রধানমন্ত্রী মোদীয়ে এতিয়া তেতে মন্তব্যৰে ব্লেকমেইলিং কৰি গণতান্ত্রিক আৰু শান্তিপূর্ণভাৱে আন্দোলন কৰি অহাসকলক অপবাদ দিব বিচাৰিছে ৷
কংগ্রেছে পূর্বৰে পৰাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধাচৰণ কৰি অহাৰ কথা উল্লেখ কৰি সভাপতি বৰাই কয় যে পূর্বৰ লোকসভাৰ সময়ত অসমলৈ যুটীয়া সংসদীয় কমিটী অহাৰ সময়তো কংগ্রেছে আন্দোলন কৰিছিল ৷ লোকসভা–ৰাজ্যসভাৰ ভিতৰে–বাহিৰেও প্রতিবাদ কৰা হৈছে ৷ বিধেয়কখনৰ বিৰুদ্ধেও ভোট দি প্রতিবাদ কৰা হৈছে ৷ দেশৰ স্বার্থত, অসম চুক্তিৰ স্বার্থত আন্দোলন কৰি অহা হৈছে আৰু অনাগত দিনতো কৰি যাব ৷ ‘কা’বিৰোধী আন্দোলন স্তব্ধ কৰিবৰ বাবে চৰকাৰে প্রশাসনক ব্যৱহাৰ কৰি বিভিন্ন স্থানত ভিন্ন পর্যায়ৰ যুৱ কংগ্রেছী, এনএছইউআই নেতা–কর্মীক গ্রেপ্তাৰ কৰাৰ লগতে গ্রেপ্তাৰৰ বাবে বিচাৰি হাৰাশাস্তি কৰিছে ৷
কংগ্রেছে কোনো পৰিস্থিতিতে অসমৰ বাবে ক্ষতিকাৰক সেই আইনখন মানি নলয় বুলি উল্লেখ কৰি সভাপতি বৰাই কয় যে প্রদেশ কংগ্রেছে ইতিমধ্যে আইনখন বাতিলৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন দাখিলৰ পদক্ষেপ লৈছে ৷ আইনখন বাতিলৰ দাবীত প্রদেশ কংগ্রেছে অহা ১৯ ডিচেম্বৰত ৰাজ্যজুৰি গণ অৱস্থান কার্যসূচী পালন কৰিব ৷ গুৱাহাটীৰ ৰাজীৱ ভৱনত গোপীনাথ বৰদলৈৰ প্রতিমূর্তি, জালুকবাৰীত লাচিত উদ্যানত লাচিতৰ প্রতিমূর্তি আৰু আমিনগাঁৱত চিলাৰায়ৰ প্রতিমূর্তিৰ সন্মুখত গণ অৱস্থান কার্যসূচী ৰূপায়ণ কৰিব ৷ ২২ ডিচেম্বৰত গণস্বাক্ষৰ অভিযান আৰম্ভ কৰিব ৷
২০ লাখ লোকৰ স্বাক্ষৰ সংগ্রহ কৰি ৰাষ্ট্রপতিলৈ প্রেৰণ কৰিব ৷ সংবাদ মেলতখনত সভাপতি বৰাই ‘কা’বিৰোধী আন্দোলনত আৰএছএছ–বিজেপি সোমাই আন্দোলনটো পথভ্রষ্ট কৰিব বিচাৰিছে বুলি গুৰুতৰ অভিযোগ কৰে ৷ আৰক্ষী–সেনাৰ গুলীত প্রতিবাদকাৰী নিহত হোৱা ঘটনা সম্পর্কত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ জৰিয়তে তদন্ত কৰাৰ দাবী জনোৱাৰ লগতে প্রতিগৰাকী নিহতৰ নিকটাত্মীয়ক ক্ষতিপূৰণ হিচাপে ২০ লাখ টকা প্রদান, পৰিয়ালৰ এজনক চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ দাবী জনায় ৷ সংবাদ মেলখনত নগাঁৱৰ কংগ্রেছ সাংসদ প্রদ্যুৎ বৰদলৈ, কংগ্রেছ বিধায়িনী দলৰ উপ–দলপতি ৰকিবুল হুছেইনো উপস্থিত থাকে ৷