নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত একক সংখ্য়াগৰিষ্ঠতা লাভ বিজেপিৰ। এই নিৰ্বাচনত কংগ্ৰেছৰ দখলত থাকিল মাত্ৰ এখন আসন। ২০১৫ চনৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠ আছিল কংগ্ৰেছ। মুঠ ৩৬খন আসনৰ ৩৪খনতেই জয়লাভ কৰে বিজেপিয়ে। বিজেপিৰ এই জয়ত আনন্দিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
What a momentous day! People of Assam reasserts faith in PM Sri @narendramodi as @BJP4India registers a massive victory in Tiwa Autonomous Council, winning 34 out of 36 seats. Heartfelt gratitude to people and our committed @BJP4Assam karyakartas.
Congratulations ?
— Himanta Biswa Sarma (@himantabiswa) December 19, 2020
এক সাফল্যৰ পাছত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সকলো ভোটাৰক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে তেওঁলোকৰ আৰ্শীবাদৰ বাবে সেৱা কৰাৰ সুযোগ পাম।
আনহাতে বিজেপিৰ নেতা-কৰ্মীসকলে বিজয়ৰ বাবে হৰ্ষোল্লাস কৰে। মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে মধ্যঅসমত ৰাইজে প্ৰমাণ কৰি দেখুৱাইছে যে ৰাইজ বিজেপিৰ লগত আছে। কংগ্ৰেছ একেবাৰে চাফা হৈ গৈছে। আগন্তুক নিৰ্বাচনতো আমি গোটেইকেইখন আসন দখল কৰিম।