স্বাস্থ্যৰ কাৰণে মানসিক প্রশান্তি
দেহ আৰু মন একেটা মুদ্রাৰে ইপিঠি আৰু সিপিঠি৷ দেহটো দুর্বল আৰু ৰুগীয়া হ’লে মনৰ শান্তি নষ্ট হয় মনত শান্তি নাথাকিলে স্বাস্থ্যৰ সুফল আপুনি ভোগ কৰিব নোৱাৰে৷ আচলতে এইবোৰ কথা ব্যাখ্যা কৰি বুজোৱাৰ কোনো প্রয়োজন নাই৷ প্রত্যেকজন মানুহে নিজৰ অভিজ্ঞতাৰ পৰাই এইবোৰ কথা জানে৷ কিন্তু বেছিভাগ মানুহেই নাজানে মনৰ শান্তি কিদৰে ৰক্ষা কৰি চলিব লাগে সেই কথা৷
বাইবেলৰ এটা কাহিনীত কোৱা হৈছে এনে এজন মানুহৰ কথা– যিজনৰ চৌদিশে নানা আতংকজনক ঘটনা ঘটি আছে, তেওঁক লক্ষ্য কৰি চাৰিওফালৰ পৰা বিষাক্ত কাঁড় নিক্ষেপ কৰা হৈছে, তেওঁৰ শত্রুবোৰে তেওঁক ফান্দত পেলাবলৈ অহৰহ চেষ্টা কৰি আছে, মহামাৰীৰ বিভীষিকাই সকলোকে গ্রাস কৰি ধৰিছে– কিন্তু এই সকলোবোৰৰ মাজত থাকিও মানুহজন হৈ আছে শান্ত আৰু নির্বিকাৰ৷ এইটো কেনেকৈ সম্ভৱ হৈছে? সম্ভৱ হৈছে এই কাৰণেই যে মানুহজনে নিজৰ মনৰ মাজত এটা দুর্ভেদ্য দুর্গ সাজি লৈ তাত সোমাই থাকি সম্পূর্ণ নিৰাপত্তা অনুভৱ কৰিছে৷
বাইবেলৰ কাহিনীটোৱে সকলো মানুহকে এই শিক্ষা দিবলৈ বিচাৰিছে যে প্রতিজন মানুহক লক্ষ্য কৰি চাৰিওফালৰ পৰা বিষাক্ত কাঁড় নিক্ষেপ কৰা হৈয়েই থাকে এই কাঁড়বোৰ হ’ল মানুহে জীৱনৰ বাটত পদে পদে সন্মুখীন হ’ব লগা সৰু–বৰ অলেখ সমস্যা আৰু বিপদ–বিঘিনি৷ মানুহৰ জীৱনত সমস্যাৰ অন্ত নাই৷ সমস্যাবিহীন জীৱন কল্পনা কৰাটো সম্ভৱ নহয়৷ ৰোগৰ বীজাণুৱে মানুহৰ দেহটোক আক্রমণ কৰিবলৈ যেনেকৈ সততে ছেগ চাই থাকে, ঠিক তেনেকৈ সৰু–বৰ অন্তহীন নানা সমস্যায়ো মনটোক আক্রমণ কৰিবলৈ সুৰুঙা বিচাৰি থাকে৷ ৰোগৰ বীজাণুক প্রতিহত কৰাৰ একমাত্র উপায় হ’ল স্বাস্থ্যবিধি মানি চলি দেহত প্রতিৰোধ–শক্তি গঢ়ি তোলা৷ ঠিক তেনেকৈ নানাবিধ সমস্যাৰ অবিৰাম আক্রমণ ব্যর্থ কৰি মনৰ শান্তি অক্ষুণ্ণ ৰাখিবলৈ একমাত্র উপায় হ’ল মনৰ প্রতিৰোধ–শক্তি বৃদ্ধি কৰা৷
ডাঃ মেক্সৱেল মালৎসে লিখিছে– ‘ক্রোধ, ভয়, উদ্বিগ্ণতা, আতংক– মনৰ এইবোৰ অশান্তি কোনো বাহ্যিক ঘটনাই সৃষ্টি নকৰে সেইবোৰ সৃষ্টি কৰে বাহ্যিক ঘটনাবোৰৰ প্রতি আমাৰ মনৰ প্রতিক্রিয়াইহে৷ সেই প্রতিক্রিয়াবোৰক নিয়ন্ত্রণ কৰিব পাৰিলেই আমি মনৰ চাৰিওফালে এনে এখন বর্ম সৃষ্টি কৰিব পাৰোঁ– যি আমাৰ মনটোক বাহিৰৰ পৰা অহা সকলো আক্রমণৰ পৰা ৰক্ষা কৰিব পাৰে৷’
এটা উদাহৰণৰ সহায়েৰে এই কথাটো বুজিবলৈ বা বুজাবলৈ চেষ্টা কৰা হওক৷
তিনিগৰাকী মহিলাই এখন কফীৰ দোকানত বহি কফী খাই খাই আড্ডা মাৰিছে৷ কথাই কথাই পঁইতাচোৰাৰ কথা ওলাল৷ এগৰাকী মহিলাই পঁইতাচোৰাৰ বিষয়ে বহুত কথা জানে, কাৰণ তেওঁ সেই বিষয়ে কিছু অধ্যয়ন কৰিছে৷ তেওঁ ক’বলৈ ধৰিলে– ‘পঁইতাচোৰাই ঘণ্টাত তিনি মাইল বেগেৰে দৌৰিব পাৰে আৰু মাত্র এক ছেকেণ্ডৰ ভিতৰতে পঁচিশবাৰ দিশ সলনি কৰিব পাৰে৷ পঁইতাচোৰাৰ মূৰটো যদি কাটি পেলোৱা হয়, তাৰপিছতো সি এসপ্তাহ পর্যন্ত জীয়াই থাকিব পাৰে৷’ মহিলাগৰাকীৰ কথা শুনি বাকী দুগৰাকী মহিলাৰ মুখত তীব্র কৌতূহলৰ উত্তেজনা ফুটি উঠিল৷ তাকে দেখি তেওঁ আগতকৈ দুগুণ উৎসাহেৰে ক’বলৈ ধৰিলে– ‘যি কোনো পৰিৱেশৰ লগত পঁইতাচোৰাই অতি সহজে নিজকে খাপ খুৱাই ল’ব পাৰে অন্যান্য প্রাণীয়ে সহ্য কৰিব নোৱৰা গৰম বা ঠাণ্ডা পৰিৱেশতো পঁইতাচোৰা নিৰাপদে জীয়াই থাকিব পাৰে৷ সেই কাৰণেই পঁইতাচোৰাই কেইবাকোটি বছৰ ধৰি নিৰৱচ্ছিন্নভাৱে নিজৰ অস্তিত্ব বজাই ৰাখিব পাৰিছে৷ পঁইতাচোৰাৰ শুংকেইডালৰ সংবেদনশীলতা ইমান প্রবল যে তাৰ সহায়েৰে সি কেইবামাইল দূৰত থকা পঁইতাচোৰাৰো অৱস্থিতি নিৰূপণ কৰিব পাৰে৷ আনকি বোলে আণৱিক বোমাৰ বিস্ফোৰণেও পঁইতাচোৰাক ধ্বংস কৰিব নোৱাৰে’
মহিলাগৰাকীৰ কথা শেষ হ’ল কি নহ’ল, হঠাৎ ক’ৰবাৰ পৰা এটা পঁইতাচোৰা আহি তেওঁৰ গাতে পৰিল৷ মহিলাগৰাকীয়ে আতংকিত হৈ চিঞৰ–বাখৰ লগাবলৈ ধৰিলে৷ ভয়ত তেওঁৰ মুখখন শেঁতা পৰিল, তেওঁ চকীখনতে জঁপিয়াই জঁপিয়াই দুয়োখন হাতেৰে পঁইতাচোৰাটোক খেদিবলৈ চেষ্টা কৰিলে৷ হুলস্থূল শুনি কফীৰ দোকানখনৰ এজন পৰিচাৰক মহিলাকেইগৰাকীৰ টেবুলখনলৈ দৌৰি আহিল৷ এইবাৰ পঁইতাচোৰাটো পৰিল পৰিচাৰকজনৰ গাত৷ তেওঁ শান্তভাৱে গোটেই পৰিস্থিতিটো নিৰীক্ষণ কৰিলে, পঁইতাচোৰাটোৰ গতিবিধি লক্ষ্য কৰিলে, আৰু কোনোবা এপাকত পঁইতাচোৰাটোক খামুচি ধৰি খিৰিকীৰে বাহিৰলৈ দলিয়াই দিলে৷
এতিয়া সুধিবলগীয়া প্রশ্ণটো হ’ল এই যে পঁইতাচোৰাটোৱেই মহিলাগৰাকীৰ আতংক আৰু তাৰ ফলত তেওঁ কৰা অনিয়ন্ত্রিত আচৰণৰ মূল কাৰণ আছিল নেকি? যদি সেয়েই হয়, তেন্তে পৰিচাৰকজনে একেধৰণৰ আচৰণ নকৰিলে কিয়? একেটা পঁইতাচোৰাই মহিলাগৰাকীক ভয়তে লম্ফজম্ফ কৰিবলৈ বাধ্য কৰিলে, আনহাতে সি পৰিচাৰকজনৰ মনত কোনো প্রতিক্রিয়াই সৃষ্টি কৰিব নোৱাৰিলে৷ ইয়াৰ দ্বাৰা এই কথাই প্রমাণিত নহ’লনে যে বাহ্যিক ঘটনাতকৈ ঘটনাটোৰ প্রতি আমাৰ মনত হোৱা প্রতিক্রিয়াইহে আমাৰ মনত অশান্তিৰ সৃষ্টি কৰে? বাহ্যিক ঘটনাটোৱেই মানসিক অশান্তিৰ একমাত্র কাৰণ হোৱা হ’লে পঁইতাচোৰাটোৱে মহিলাগৰাকী আৰু পৰিচাৰকজনক সমানে অশান্তি দিলেহেঁতেন৷
আৰু এটা উদাহৰণ লোৱা হওক– যিটো উদাহৰণৰ পৰা আমি সকলোৱে বেছি সহজে শিক্ষা ল’ব পাৰোঁ৷
এগৰাকী গৃহিণীৰ কোনোদিনেই ব্যস্ততাৰ অন্ত নাই কিন্তু সেইদিনা ৰাতিপুৱা কিবা কাৰণত তেওঁৰ ব্যস্ততা বাঢ়িছিল৷ ব্রেকফাষ্টৰ কাৰণে তেওঁ কেইচকলমান ব্রেড টোষ্টাৰত তুলি দি আন কামত ব্যস্ত হৈ পৰিল৷ ঘূৰি আহি দেখে, ব্রেড জ্বলি যোৱাৰ নিচিনা হ’ল৷ নতুনকৈ ব্রেড সেকিবলৈ তেওঁৰ সময় নাই৷ জ্বলি যোৱা ব্রেডকেইখনৰ লগত অলপ চচেজ আৰু অমলেট দি তেওঁ গিৰীয়েক আৰু জীয়েকক ব্রেকফাষ্ট খাবলৈ মাতিলে৷ তেওঁলোকক ব্রেকফাষ্ট খাবলৈ দিয়েই গৃহিণীগৰাকী আন কামত ব্যস্ত হৈ পৰিল৷ জ্বলি যোৱা ব্রেডকেইখন দেখি জীয়েকে দেউতাকক সুধিলে– ‘দেউতা, তুমি পুৰি যোৱা ব্রেড কেনেকৈ খাবা? আজি তোমাৰ ব্রেকফাষ্ট খোৱা নহ’ব৷ তুমি ভোকত থাকিব লাগিব৷’
দেউতাকে ব্রেড এখন হাতত তুলি লৈ ক’লে– ‘কিয় ভোকত থাকিম? মই অতি তৃপ্তিৰে ব্রেডকেইখন খাম, কাৰণ মই পুৰি যোৱা ব্রেড খাবলৈ ভাল পাওঁ৷ তুমিও খাই চোৱাচোন, ভাল পাবা৷ তোমাৰ মাই কাম কৰি কৰি উশাহ ল’বলৈ সময় পোৱা নাই৷ তাৰ মাজতে যে তেওঁ আমাৰ কাৰণে ব্রেকফাষ্ট তৈয়াৰ কৰিছে তাৰ কাৰণে আমি তেওঁৰ ওচৰত কিমান কৃতজ্ঞ হোৱা উচিত’
গিৰীয়েকৰ কথাকেইটা অলপ দূৰত কামত ব্যস্ত হৈ থকা ঘৈণীয়েকৰ কাণত পৰিল৷ কাম কৰা বন্ধ কৰি তেওঁ কেইমুহূর্তমান সময় থৰ লাগি ৰ’ল৷ তেওঁৰ দুই চকুৰ পৰা সৰসৰকৈ চকুপানী ওলাই আহিল৷ গিৰীয়েকৰ প্রতি গভীৰ প্রেম আৰু কৃতজ্ঞতাৰ চকুপানী৷ মনে মনে তেওঁ সংকল্প ল’লে যে যিমানেই কাম নাথাকক কিয়, আজিৰ পৰা তেওঁ গিৰীয়েকক কেতিয়াও জ্বলি যোৱা ব্রেড খাবলৈ নিদিয়ে৷’
জ্বলি যোৱা ব্রেডৰ প্রতি মানুহজনৰ প্রতিক্রিয়াই দিনটো শান্তিপূর্ণ কৰি ৰখাৰ উপৰি ঘৈণীয়েকৰ মনত তেওঁৰ প্রতি প্রেম বঢ়াই তুলিলে৷ আন এজন মানুহৰ হয়তো প্রতিক্রিয়া বেলেগ হ’লহেঁতেন৷ তেওঁ জ্বলি যোৱা ব্রেড খাবলৈ অস্বীকাৰ কৰিলেহেঁতেন, ঘৈণীয়েকক খঙেৰে ককর্থনা কৰিলেহেঁতেন, বহুত সময়লৈকে তেওঁৰ মুখখন গোমোঠা হৈ থাকিলহেঁতেন৷ তাৰ পৰিণাম কি হ’লহেঁতেন? অন্ততঃ এটা বেলাৰ কাৰণে তেওঁৰ মনৰ শান্তি নষ্ট হ’লহেঁতেন আৰু ঘৰখনতো অশান্তি বিৰাজ কৰিলেহেঁতেন৷
শুনাত কথাটো অতি ক্ষুদ্র যেন লাগিলেও এই কথা মনত ৰখা দৰকাৰ যে আমাৰ জীৱনটো আচলতে অসংখ্য ক্ষুদ্র ঘটনাৰ সমষ্টি, আৰু এই ক্ষুদ্র ঘটনাবোৰৰ প্রতি আমাৰ প্রতিক্রিয়াৰ ওপৰতে আমাৰ সুখ–শান্তি বহু পৰিমাণে নির্ভৰ কৰে৷ বার্ট্রাণ্ড ৰাছেলৰ নিচিনা ডাঙৰ দার্শনিকেও কৈছে–It is always the little things which matter most৷