নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কার্বি আংলঙত বিশাল ধর্ম সমন্বয় সমাৰোহত মন্ত্রী ড০ শর্মা

‘বিটিচিত প্রমোদ বড়োৱেই হ’ব মুখ্য কার্যবাহী’

নিয়মীয়া বাৰ্তা ২৪ ডিচেম্বৰঃ ‘বিটিচিত অহা পাঁচ বছৰলৈ প্রমোদ বডোৱেহ মুখ্য কার্যবাহী হিচাপে কার্যনিবাহ কৰিব৷ নিজৰ গাদী হেৰুৱাহ হাগ্রামাহ এতিয়া প্রলাপ বকিছে৷ অহা ২৬ ডিচেম্বৰত আস্থাৰ ভোটত প্রমোদ বডোৱেহ জয়ী হ’ব৷’ –কার্বি আংলঙৰ ডলামৰাৰ লখিমন সংঘৰ উদ্যোগত অনুষ্ঠিত বিৰাট ধর্মীয় সমন্বয় সমাৰোহত আজি এহ মন্তব্য কৰে বিত্ত, স্বাস্থ্য আৰু শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ উল্লেখ্য যে কাজিৰঙাৰ কাষতে কার্বি আংলং জিলাৰ ডলামৰাত অৱস্থিত লখিমন আশ্রমত আজি অনুষ্ঠিত হৈ যায় ‘চিংৰুম আমেই’ অর্থাৎ সমন্বয় সমাৰোহ৷ লখিমন ধর্মৰ ধর্মগুৰু লখন ইংতি হানছেকৰ জন্মস্থান ডলামৰাত আজি অসমৰ উপৰি মণিপুৰ, নাগালেণ্ডকে আদি কৰি উত্তৰ–পূর্বাঞ্চল ৰাজ্যৰ ১০ সহস্রাধিক লখিমন ধর্মৰ শিষ্য তথা বিভিন্ন ধর্মৰ ধর্মগুৰু আৰু শিষ্য উপস্থিত থাকে৷ বডো আৰু তিৱা স্বায়ত্তশাসিত পৰিষদৰ পাছত এহবাৰ বিজেপিৰ লক্ষ্য কার্বি স্বায়ত্তশাসিত পৰিষদ৷ ধর্মসভাত অংশগ্রহণ কৰিলেও এটা ৰাজনৈতিক ভাষণেৰে মন্ত্রী ড০ শর্মাই একপ্রকাৰ নির্বাচনী ৰণডংকাই বজালে কার্বি পাহাৰত৷ ২০২১ৰ বিধানসভা নির্বাচনত শেষ হাঁহি মাৰিবৰ বাবে প্রতিটো ৰাজনৈতিক দলে বিভিন্ন পন্থাৰে ৰাজনৈতিক কুচকাৱাজ চলাহ থকাৰ সময়তে কার্বি আংলং জিলাৰ ডলামৰাত লখিমন ধর্মৰ বিশাল ধর্মীয় সভাত মন্ত্রী ড০ শর্মাৰ অংশগ্রহণে এক বিশেষ তাৎপর্য বহন কৰিছে৷ কার্বি জনগোষ্ঠীৰ মাজত প্রচলিত হিন্দু সনাতন ধর্মৰ অন্যতম পন্থাৰ লখিমন ধর্মৰ উক্ত সভাত উপস্থিত হৈ লখিমন ধর্মৰ নৱনির্মিত মন্দিৰ আৰু ভৱন শুভ উদ্বোধন কৰে মন্ত্রী ড০ শর্মাহ৷ অনুষ্ঠানত বক্তব্য প্রদান কৰি মন্ত্রী ড০ শর্মাই উল্লেখ কৰে যে হাগ্রামাৰ ১৭ বছৰীয়া অপশাসনত বিটিচিৰ ৰাহজ অতিষ্ঠ হৈ পৰিছিল৷ হাগ্রামাৰ শাসনৰ অৱসান বিচাৰিয়েহ এহবাৰ বিটিচি নির্বাচনত পৰিৱর্তন বিচাৰি ৰাহজে ভোটদান কৰিছে৷ ইয়াৰ লগতে মন্ত্রীগৰাকীয়ে অসম দর্শন আঁচনিৰ অধীনত ৰাজ্যৰ ৭ হাজাৰ নামঘৰলৈ অহা ২৬ ডিচেম্বৰত আঢ়ৈ লাখকৈ টকা আগবঢ়োৱাৰ কথাও উল্লেখ কৰে৷ আনহাতে, ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ দুটা এন জি অ’লৈ হছলামিক ৰাষ্ট্রৰ লগতে শত্রু ৰাষ্ট্র চীনৰ পৰা আর্থিক অনুদান অহাৰ বিষয়টো কেন্দ্রীয় চৰকাৰৰ গৃহ মন্ত্রালয়ৰ লগতে ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে লৈছে বুলিও তেওঁ তাৎপর্যপূর্ণ মন্তব্য কৰে৷ দোষী প্রমাণিত হ’লেহ আজমলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলিও তেওঁ মন্তব্য কৰে৷ হয়াৰ পূর্বে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাহ ডলামৰাৰ লখিমন সংঘৰ আশ্রমৰ মন্দিৰত উপস্থিত হৈ নৱনির্মিত পকী দেৱালৰ শুভ উদ্বোধন কৰাৰ লগতে মন্দিৰৰ যজ্ঞৰ পূর্ণাহুতিৰো আশিস লয়৷ মন্ত্রীগৰাকীৰ সৈতে ডিফুৰ সাংসদ হৰেন সিং বে’, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী তুলিৰাম ৰংহাং আৰু বোকাজানৰ বিধায়ক নোমল মমিনে কার্যসূচীত অংশগ্রহণ কৰে৷ উল্লেখ্য যে বোকাখাতৰ সমীপৱর্তী ডলামৰাত অনুষ্ঠিত লখিমন ধর্মৰ অধিৱেশনৰ পাছত একে জিলাৰে দেওথৰ অঞ্চলৰ এখন সভাত মন্ত্রীগৰাকীয়ে অংশগ্রহণ কৰাৰ কথা আছিল যদিও বিশেষ কাৰণত কার্যসূচী বাতিল কৰি গুৱাহাটীলৈ ৰাওনা হয়৷

You might also like