নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লুৰিণক বিশাল বাইক ৰেলীৰে গুৱাহাটীত উষ্ম আদৰণি

নিয়মীয়া বাৰ্তা ২৪ ডিচেম্বৰঃ লুইতৰ বলুকাত বীৰ লাচিত বৰফুকনৰ প্রতিমূর্তিক সাক্ষী কৰি বুধবাৰে অসম জাতীয় পৰিষদৰ নৱনির্বাচিত সভাপতি লুৰিণজ্যোতি গগৈয়ে ল’লে ২০২১ত অসমত জাতীয়তাবাদী–আঞ্চলিক্ চৰকাৰ প্রতিষ্ঠাৰ সংকল্প৷ নৱগঠিত আঞ্চলিক দলটোৰ সভাপতি হিচাপে নির্বাচিত হোৱাৰ পাছত  প্রথমবাৰৰ বাবে গুৱাহাটীলৈ অহা লুৰিণজ্যোতি গগৈক উষ্ম আদৰণি জনোৱা হয়৷ মহানগৰীৰ খানাপাৰাৰ পৰা বিশাল বাইক ৰেলীৰে আদৰি অনাৰ পাছত আজি অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীক মাছখোৱাৰ বালি চাপৰি আন্ধাৰুবালিত ৰাজহুৱা সম্বর্ধনা জ্ঞাপন কৰা হয়৷ ব্রহ্মপুত্রৰ বলুকাত থকা বীৰ লাচিতৰ প্রতিমূর্তিত শ্রদ্ধাঞ্জলি জ্ঞাপন আৰু সংকল্প শিখা প্রজ্বলন কৰি লুৰিণজ্যোতি গগৈয়ে কয়– ‘অসমীয়া জাতিৰ স্বাভিমানৰ প্রতীক মহাবীৰ লাচিতক সাক্ষী কৰি কওঁ যে অসমী আইৰ পূজাৰ বেদীত আমি সর্বস্ব উজাৰি সেৱা আগবঢ়াম৷ অনাগত দিনত অসমীয়া জাতিয়ে যাতে শিৰ উচ্চ কৰি নিজৰ পৰিচয় দিব পাৰে, জাতীয় জীৱনৰ ভৱিষ্যৎ যাতে সুৰক্ষিত হৈ থাকে, তাৰ বাবে অসম জাতীয় পৰিষদে সর্বস্ব উজাৰি দিব৷ আজি সমগ্র অসমীয়া জাতি সংকটৰ মাজত ককবকাই আছে৷ ষড়যন্ত্রমূলকভাৱে অসমীয়া ভাষা, কৃষ্টি–সংস্কৃতি নিঃশেষ কৰি পেলোৱাৰ চেষ্টা চলোৱা হৈছে৷ এই সংকটৰ মোকাবিলা কৰিবলৈ, সংকট নোহোৱা কৰিবৰ বাবে অসমীয়া জাতি ঐক্যবদ্ধ হ’ব লাগিব৷’ জাতি–মাটি–ভেটি আৰু সম্পদৰ অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে অসম জাতীয় পৰিষদৰ হাত শক্তিশালী কৰিবলৈ আহ্বান জনাই দলটোৰ সভাপতিগৰাকীয়ে আৰু কয় যে হাতত সময় তেনেই কম৷ সময় তাকৰ হ’লেও আলাবৈৰ ৰণত ১০ হাজাৰ সৈন্য হেৰুওৱাৰ পাছতো আন্ধাৰুবালিত গড় বান্ধি লাচিতে মোগলক হৰুৱাইছিল৷ আজি জাতীয় জীৱনলৈ নামি অহা ভয়াৱহতা দেখাৰ পাছত সকলো অপশক্তিক উভালি পেলোৱাৰ বাবে এপ্রিল–মে’ মাহেই হ’ব উপযুক্ত সময়৷ ৰাইজে বিচাৰিলে সকলো কথাই সম্ভৱ৷ অসমীয়া জাতিক পদাঘাত কৰিব বিচৰা অপশক্তিক ব্রহ্মপুত্রত দলিয়াই দিবলৈ এতিয়াই ৰাইজে সংকল্প ল’ব লাগিব৷ তেওঁ পুনৰ কয় যে কোনো পেছাদাৰী সংস্থাৰ দ্বাৰা নহয়, অসমৰ ৰাইজৰ পৰামর্শ আৰু দিক নির্দেশনাৰ ভিত্তিত অসম জাতীয় পৰিষদৰ দৃষ্টিপত্র প্রস্তুত কৰা হ’ব৷ অসমৰ প্রতিটো সমস্যাৰ সমাধান আৰু শক্তিশালী, স্বাভিমানী অসমীয়া জাতি গঢ়াৰ কর্মসূচী আগত ৰাখি জাতীয় পৰিষদৰ পৰৱর্তী যাত্রা অব্যাহত থাকিব৷ লুইতৰ বলুকাৰ পৰাই লুৰিণজ্যোতি গগৈৰ উদাত্ত ঘোষণা–‘শংকৰ–আজানৰ আদর্শ নোহোৱা কৰি অসমত এতিয়া হিন্দু–মুছলমান, অসমীয়া–বাঙালীৰ নামত বিভাজনৰ ৰাজনীতি কৰাৰ চেষ্টা চলিছে৷ কিন্তু অসমত সাম্প্রদায়িকতাৰ কোনো স্থান নাই৷ ধর্মৰ নামত ইয়াত বিষবাষ্প বিয়পাবলৈ দিয়া নহ’ব৷ এইবাৰ ধর্মীয় উন্মাদনাৰ বিপৰীতে জয়ী হ’ব সততা–নিষ্ঠা আৰু সমন্বয়৷’ প্রলোভনৰ ৰাজনীতি ওফৰাই পেলোৱাৰ আহ্বান জনাই অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয় যে অসমত এতিয়া প্রলোভনৰ ৰাজনীতি আৰম্ভ হৈছে৷ সূতা–কম্বলৰ পাছত একাউণ্টত ৮৩০ টকা ভৰাই দিয়াৰ ৰাজনীতি চলিছে৷ বিনামূলীয়া চাউল দিছে, কিন্তু ৬০ টকাত আলু, ৮০ টকাত পিঁয়াজ কিনি খাবলগীয়া হৈছে৷ প্রলোভনৰ এই মায়াজাল ফালি সকলো উত্তৰণৰ বাবে আগবাঢ়ি আহিব লাগিব৷ অসম জাতীয় পৰিষদে বোকা ছটিওৱা ৰাজনীতি কৰিব বিচৰা নাই৷ সুস্থ গণতন্ত্র আৰু গুণগত ৰাজনীতিৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে৷ অসমত সর্বকালৰ বাবে আপোচবিহীন জাতীয়তাবাদ প্রতিষ্ঠা কৰিবলৈ তেওঁ অসম জাতীয় পৰিষদৰ পতাকাৰ তলত সকলোকে সমৱেত হ’বৰ বাবে আহ্বান জনায়৷ অনুষ্ঠানটোত অজাপৰ কার্যকৰী সভাপতি পবিন্দ্র ডেকা, সাধাৰণ সম্পাদক জগদীশ ভূঞা আদিয়েও ভাষণ প্রদান কৰে৷

You might also like