ক’ৰোনাৰ বাতৰি পৰিৱেশন: ৪ বছৰ কাৰাদণ্ড চীনৰ সাংবাদিকক
নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ ঘাতক ক’ৰোনা ভাইৰাছৰ বাতৰি পৰিৱেশন কৰাৰ বাবে চীনৰ সাংবাদিক ঝাং ঝানক চাৰি বছৰৰ কাৰাদণ্ড বিহা হৈছে৷ দেশখনৰ ৱুহানত প্রাদুর্ভাৱ ঘটা ক’ৰোনা ভাইৰাছৰ বাতৰি প্রচাৰ কৰাৰ বাবে যোৱা মে’ মাহত গ্রেপ্তাৰ কৰা ৩৭ বছৰীয়া সাংবাদিক ঝানক আজি বাতৰি পৰিৱেশন কৰাৰ বাবে কাৰাদণ্ড বিহা হয়৷ বিগত মাহত চাংহাই আদালতে সাংবাদিকগৰাকীৰ গোচৰ সন্দর্ভত বিতং শুনানি গ্রহণৰ অন্তত ভুৱা তথ্য প্রচাৰ কৰাৰ বাবে দোষী সাব্যস্ত কৰে আৰু তেওঁক চাৰি বছৰৰ কাৰাদণ্ড বিহে৷
উল্লেখ্য যে সাংবাদিক ঝানে যোৱা ফেব্রুৱাৰী মাহত ছ’চিয়েল মিডিয়াযোগে ক’ৰোনা ভাইৰাছ সন্দর্ভত বাতৰি পৰিৱেশন কৰিছিল৷ এই বাতৰি চীনা প্রশাসনে অৱগত হোৱাৰ পাছতে দুমাহৰ পাছত মে’ত সাংবাদিকগৰাকীক গ্রেপ্তাৰ কৰিছিল৷