নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২০ বৰ্ষত সৰ্বাধিক কি বিক্ৰী হৈছিল ভাৰতত? জানিলে আচৰিত হ’ব আপুনি…

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ ভাৰতত চলিত বৰ্ষত সৰ্বাধিক কি সামগ্ৰী বিক্ৰী হৈছিল জানিলে আচৰিত হ’ব। ভাৰতীয় ক্ৰেতাই চলিত বৰ্ষত সৰ্বাধিক ক্ৰয় কৰিলে কনডম, বিশেষকৈ নিশাতকৈ দিনৰ ভাগত বিক্ৰী হৈছিল অধিক কনডম। ইয়াৰ  লগতে বিক্ৰী হৈছিল ৰলিং পেপাৰ।

শেহতীয়াকৈ এই তথ্য সদৰী কৰিছে Dunzo নামৰ এটা এটা ব্যৱসায়িক এপে। এই তথ্য মতে দেশজুৰি হোৱা লকডাউনৰ বাবেই কনডমৰ চাহিদা বৃদ্ধি হৈছিল। সেই সময়ত কনডমৰ বিক্ৰী ৰাতিকৈ দিনত তিনিগুণ বৃদ্ধি হৈছিল।

আনহাতে ৰলিং পেপাৰৰ বিক্ৰীও যথেষ্ট পৰিমাণে হৈছিল। ৰলিং পেপাৰ ব্যৱহাৰ কৰা হৈছিল ধপাত সেৱনৰ বাবে।

লগতে বাংগালুৰু, পুনে, গুৰুগ্ৰাম, হাইদৰাবাদ, দিল্লীৰ দৰে মেট্ৰো চহৰত আই পিল সৰ্বাধিক বিক্ৰী হৈছিল। জয়পুৰত আকৌ গৰ্ভধাৰণ নিৰ্ণয় কৰা সামগ্ৰী সৰ্বাধিক ৰূপত বিক্ৰী হৈছিল।

লগতে পঢ়কঃ

PAN কার্ডৰ তথ্য ভুল আছে? তেন্তে ঘৰত বহিয়ে অনলাইনত এনেদৰে কৰক শুধৰণি…

You might also like