নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কেব’ৰ বিনিময়ত ইউটিচিৰ আর্জি দিছিল হাগ্রামাই

‘কা’বিৰোধী আন্দোলনৰ মাজতে নৱ শৰণীয়াৰ বিস্ফোৰণ

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ অসম–উত্তৰ পূর্বাঞ্চলৰ পৰা নাগৰিকত্ব সংশোধনী আইন (কা)বিৰোধী প্রতিবাদ দেশ–বিদেশৰ ভূমিলৈ সম্প্রসাৰিত হোৱাৰ সময়তে বিপিএফ তথা দলটোৰ সভাপতি হাগ্রামা মহিলাৰীৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য ঘটাইছে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ৷

মঙলবাৰে দিছপুৰ প্রেছ ক্লাবত অবড়ো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পার্টীয়ে আয়োজন কৰা এখন সংবাদ মেল সম্বোধন কৰি সাংসদ শৰণীয়াই কয় যে লোকসভাত উত্থাপনৰ পূর্বে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰে হোৱা বৈঠকত বিপিএফে নাগৰিকত্ব সংশোধনী বিধেয়ক সমর্থন কৰিছিল ৷ এইক্ষেত্রত দুটা চর্ত আৰোপ কৰা হৈছিল ৷ বিটিএডিত ‘কা’ প্রযোজ্য নহয় আৰু বিটিচিক স্বায়ত্তশাসিত অঞ্চল (ইউ টি চি)লৈ উন্নীত কৰা হ’ব ৷ এয়া বিপিএফৰ চৰম স্বার্থপৰতা ৷ আমি গৰিহণা দিছোঁ ৷ বৈঠকত ইউটিচি লাভৰ স্বার্থত জম্মু–কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭১নং অনুচ্ছেদ বাতিল কৰাৰ দৰে অসমত জোৰ–জবৰদস্তি নাগৰিকত্ব সংশোধনী বিধেয়ক জাপি দিয়াৰ কথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক কৈছিল হাগ্রামা মহিলাৰীয়ে ৷

বিটিএডিত নাগৰিকত্ব সংশোধনী বিধেয়ক প্রযোজ্য কৰিব নালাগে আৰু ইউ টি চি দিব লাগে– প্রধানতঃ এই দুটা বিষয়ক লৈয়ে কেন্দ্রীয় চৰকাৰ আৰু বিপিএফৰ মাজত দৰদাম হৈছিল বুলি সাংসদ শৰণীয়াই স্পষ্ট মন্তব্য কৰে ৷ তেওঁ পুনৰ কয় যে তেওঁলোকে কেৱল সংবিধানৰ ৬ষ্ঠ অনুসূচীভুক্ত বিটিএডিৰ কথা নকৈ সমগ্র অসমৰ কথা ক’ব লাগিছিল ৷ কাৰণ ৰাজ্য চৰকাৰত তেওঁলোকৰ তিনিজন কেবিনেট মন্ত্রী আছে, এই মন্ত্রীকেইজন কেৱল বিটিএডিৰ নহয় সমগ্র অসমৰ ৷

সমগ্র বিষয়টোক লৈ কেন্দ্র–ৰাজ্য উভয় চৰকাৰৰ ভূমিকাক চোকা সমালোচনা কৰে কোকৰাঝাৰৰ সাংসদজনে ৷ তদুপৰি ‘কা’বিৰোধী আন্দোলনত বিভাজন অনাৰ বাবে চৰকাৰে ‘ডিভাইড এণ্ড ৰুল’ নীতি লোৱাৰো তেওঁ অভিযোগ তোলে ৷ এনে অৱস্থাত সকলোকে মতভেদ পৰিহাৰ কৰি ‘কা’ৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে আন্দোলন গঢ়ি তুলিবলৈ তেওঁ আহ্বান জনায় ৷ ইফালে, অবড়ো সুৰক্ষা সমিতিৰ সভাপতি ললিত হেমৰ’মে ‘কা’ক লৈ বিজেপিয়ে জনসাধাৰণক বিভ্রান্ত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷

তেওঁ কয় যে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বাগ্সাৰ ২৮ হাজাৰ শৰণার্থীয়ে ‘কা’ৰ জৰিয়তে নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব বুলি কৈছে ৷ একে সময়তে আকৌ বিটিএডিত ‘কা’ প্রযোজ্য নোহোৱাৰ কথা কোৱা হৈছে৷ ইয়াৰ জৰিয়তে আন্দোলন বিপথে পৰিচালিত কৰিব বিচাৰিছে ৷

অবড়ো সুৰক্ষা সমিতিৰ উপদেষ্টা ব্রজেন মহন্তই ‘কা’ৰ জৰিয়তে অসম আৰু অসমীয়া জাতিধ্বংসৰ চক্রান্ত ৰচা হৈছে বুলি মন্তব্য কৰে৷ এই প্রসংগত তেওঁ অগপই জাতিক প্রতাৰণা কৰাৰ অভিযোগ তুলি অবড়ো সুৰক্ষা সমিতিয়ে গ্রহণ কৰা আন্দোলনৰ কার্যসূচী ঘোষণা কৰে ৷ মহন্তই সদৰী কৰা অনুসৰি ‘কা’ৰ বিৰোধিতাৰে অবড়ো সুৰক্ষা সমিতিয়ে ১৮ ডিচেম্বৰত বিটিএডিৰ বিভিন্ন অঞ্চলত ‘জনতাৰ চিঞৰ’ শীর্ষক প্রতিবাদী কার্যসূচী আৰু ১৯ ডিচেম্বৰত অৱস্থান ধর্মঘট–প্রতিবাদী শোভাযাত্রা ৰূপায়ণ কৰিব ৷

You might also like