নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰৰ আজিজুল হকৰ গৃহত কংগ্রেছৰ প্রতিনিধি

দুষ্কৃতিকাৰীৰ হাতত নিহত আজিজুলক জাতীয় শ্বহীদ ঘোষণা গৰিয়া মৰিয়া দেশী জনগোষ্ঠীয় পৰিষদৰ

নিয়মীয়া বার্তা, ১৮ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনবিৰোধী প্রতিবাদৰ নামত ৰাজপথত চলা হিংসাত্মক ঘটনাত কৰুণভাৱে প্রাণ দিয়া ছিপাঝাৰৰ আজিজুল হকৰ গৃহত মঙলবাৰে উপস্থিত হয় প্রদেশ কংগ্রেছৰ এটা সঁজাতী দল ৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত অহা দলটোৱে নিহত আজিজুল হকৰ পিতৃ–মাতৃ, পত্নী–কন্যাক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে ৷ আনহাতে সঁজাতী দলটোৱে সমগ্র ঘটনাৰ বাবে চৰকাৰ তথা প্রশাসনক জগৰীয়া কৰে ৷

উল্লেখ্য যে ৰাজ্যজুৰি প্রতিবাদী কার্যসূচী চলি থকাৰ মাজতে টেংকাৰ চালক আজিজুল হকে তেল আনিবলৈ গৈছিল নুমলীগড় অভিমুখে ৷ পিছে ১৩ ডিচেম্বৰৰ নিশা এঘাৰ মান বজাত ওৰাঙৰ ওচৰত কোনো দুষ্কৃতিকাৰীয়ে নিক্ষেপ কৰা পেট্ৰ’ল বমত গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈছিল আজিজুল ৷ পিছদিনা চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল আজিজুলৰ ৷ আজিজুলৰ ছিপাঝাৰৰ মুছলিমঘোপা–সাতঘৰৰ বাসগৃহত ৰিপুণ বৰাৰ লগতে কংগ্রেছৰ মুখপাত্র দুর্গাদাস বড়ো, কোষাধ্যক্ষ ব্রজেন সন্দিকৈৰ লগতে দৰং জিলা কংগ্রেছৰ সভানেত্রী ৱাহিদা বেগম, সম্পাদকদ্বয় কন্দর্প কলিতা আৰু হীৰকজ্যোতি নাথ সহিতে দলটোৱে পৰিয়ালটোক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰে ৷ আনহাতে আন্দোলনৰ সময়ছোৱাত সংঘটিত হোৱা দুষ্কার্যত লিপ্তসকলক কংগ্রেছ আৰু এন এছ ইউ আইৰ সদস্য জড়িত থকা বুলি ভাৰতীয় জনতা পার্টীয়ে উত্থাপন কৰা অভিযোগ সন্দর্ভত প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীয়ে প্রতিক্রিয়া প্রকাশ কৰে ৷

কেৱল মুখৰ কথাৰে নহয়, তথ্য–প্রমাণ দাঙি ধৰিবলৈও তেওঁলোকে প্রত্যাহ্বান জনায় ৷ প্রদেশ কংগ্রেছৰ তৰফৰ পৰা ভুক্তভোগী পৰিয়ালটোক আর্থিক সাহায্যও প্রদান কৰে ৷ এগৰাকী নিৰাপৰাধী লোকে প্রাণ দিবলগীয়া হোৱাটোৱে চৰকাৰ প্রশাসনৰ ব্যর্থতাকে প্রতীয়মান কৰা বুলিও উল্লেখ কৰে প্রদেশ কংগ্রেছে ৷ ইফালে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত চলা আন্দোলনত নিহত লোকসকলৰ লগতে ছিপাঝাৰৰ আজিজুল হকক জাতীয় শ্বহীদ ঘোষণা কৰিছে গৰিয়া মৰিয়া দেশী জনগোষ্ঠীয় পৰিষদ অসমৰ তৰফৰ পৰা ৷ সংগঠনটোৰ মুখ্য উপদেষ্টা আৰু কেন্দ্রীয় সাধাৰণ সম্পাদক ফজলুল কৰিম হাজৰিকাৰ নেতৃত্বত দৰং জিলা সমিতিৰ সভাপতি আফজল হুছেইন, সম্পাদক আতোৱাৰ ৰহমান প্রমুখ্যে কেইবাগৰাকীও বিষয়ববীয়াই মঙলবাৰে নিহত আজিজুল হকৰ গৃহত উপস্থিত হৈ পৰিয়ালটোক সাক্ষাৎ কৰে ৷ পৰিষদে প্রতিজন শ্বহীদ পৰিয়ালক ন্যূনতম দহ লাখ টকা প্রদান কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷ আঘাতপ্রাপ্তসকলৰ আশু আৰোগ্য কামনা কৰাৰ লগতে দুষ্কার্যত জড়িত প্রত্যেককে কৰায়ত্ত কৰি উচিত শাস্তিৰ দাবী জনায় ৷ ‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি গণ আন্দোলন গঢ়ি উঠিছে আৰু সকলোকে সংযম আৰু শান্তি–শৃংখলা ৰক্ষাৰ আহ্বান জনায় ৷ চৰকাৰক শীঘ্রে এই আইন বাতিলৰো দাবী জনায় ৷ আনহাতে আজিজুল হকৰ লগত একেলগে দুষ্কৃতিকাৰীৰ আক্রমণৰ বলি হৈ আঘাতপ্রাপ্ত হোৱা বৰদৌলগুৰিৰ মোছলেহ উদ্দিন আহমেদৰ ঘৰলৈ গৈ বুজ লয় ৷

You might also like