নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রিটেইনৰে পুনৰ নিয়মীয়া বিমান সেৱা; কেন্দ্রৰ সিদ্ধান্তক লৈ সৰৱ চর্চা

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ ব্রিটেইনত ক’ভিড–১৯ৰ মিউটেছনৰ পিছত নতুন প্রকৰণে সংক্রমণৰ সংহাৰ সৃষ্টি কৰাৰ লগে লগে দেশখনৰ সৈতে পৃথিৱীৰ বিভিন্ন ৰাষ্ট্রই ভ্রমণ, যোগাযোগ বন্ধ কৰিছে৷ ভাৰতেও দেশখনৰ সৈতে চলি থকা বিমান সেৱা বাতিল কৰিছিল যদিও আজিৰে পৰা পুনৰ নিয়মীয়া বিমান সেৱা দেশখনৰে আৰম্ভ কৰিছে৷ এই বিষয়টোক লৈ সৃষ্টি হৈছে বিভিন্ন মহলত আশংকা৷ আজি লণ্ডনৰ পৰা প্রথমখন যাত্রীবাহী বিমান আহি দিল্লীৰ আন্তর্জাতিক বন্দৰত অৱতৰণ কৰাৰ লগে লগে বিষয়টোক লৈ চলিছে ব্যাপক চর্চা৷ ইফালে দিল্লীৰ চৰকাৰে আজি ব্রিটেইনৰ পৰা অহা ক’ভিড–১৯ পজিটিভ যাত্রীক সাতদিনৰ বাবে ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷

You might also like