নিয়মীয়া বাৰ্তা ৯ জানুৱাৰীঃ কৰফাঁকি দিয়া ব্যৱসায়িক প্রতিষ্ঠানৰ বিৰুদ্ধে অব্যাহত আছে আয়কৰ বিভাগৰ অভিযান৷ ৰাজ্যৰ কেইবাগৰাকীও প্রতিষ্ঠিত ঠিকাদাৰৰ বাসভৱন আৰু প্রতিষ্ঠানত তালাচী চলাৰ পাছত আজি ‘আর্য গ্রুপ’ত মাৰাথন অভিযান চলায় বিভাগটোৱে৷ অনিল শর্মা, ডাঃ বিজয়া গোস্বামী আৰু ৰামকৃষ্ণ প্রধান নেতৃত্বাধীন ‘আর্য গ্রুপ’–এ ব্যাপক হাৰত কৰফাঁকি দিয়াৰ অভিযোগ লাভ কৰিছিল আয়কৰ বিভাগে৷ এই সম্পর্কীয় প্রাথমিক তথ্য পৰীক্ষা–নিৰীক্ষা কৰাৰ পাছত আজি বিভাগটোৱে ‘আর্য গ্রুপ’ৰ অধীনস্থ প্রতিষ্ঠানসমূহত পুৱাৰে পৰা তালাচী আৰম্ভ কৰে৷ আয়কৰৰ অভিযান চলা প্রতিষ্ঠানসমূহৰ ভিতৰত আছে পল্টন বজাৰস্থিত আর্য হাস্পতাল, ভঙাগড়স্থিত আর্য ৱেলনেছ চেণ্টাৰ, পবিতৰাস্থিত আর্য ইক’ কেম্পৰ উপৰি আর্য নার্ছিং, আর্য স্মার্ট লিভিং, আর্য ইক’ কেম্প, আর্য গ্রুপ অৱ ছার্ভিচ ইত্যাদি৷ ইয়াৰ লগতে আর্য গ্রুপৰ সঞ্চালককেইজনৰ বাসগৃহতো সমান্তৰালভাৱে তালাচী চলে৷
উল্লেখ্য যে বৃত্তিত অভিযন্তা অনিল শর্মাই আর্য হাস্পতাল ক্রয় কৰাৰ পাছৰে পৰা ‘আর্য গ্রুপ’ৰ নামত বিভিন্ন ক্ষেত্রত বিনিয়োগ কৰিবলৈ আৰম্ভ কৰে৷ কম দিনৰ ভিতৰতে আর্য গ্রুপৰ ব্যৱসায়িক সাম্রাজ্য পর্যটন, ৰিয়েল ইষ্টেট, শিক্ষা আদি ক্ষেত্রলৈও বিস্তাৰিত হৈ পৰে৷ কিন্তু ব্যৱসায় অনুপাতে আয়কৰ আদায়ৰ ক্ষেত্রত থকা তাৰতম্যও একে সময়তে লক্ষণীয় হৈ পৰে৷ এই সম্পর্কত অভিযোগ লাভ কৰাৰ পাছত আয়কৰ বিভাগে প্রাথমিক তথ্যৰ এটা গোপন ফাইল প্রস্তুত কৰি কলকাতাৰ আঞ্চলিক কার্যালয়লৈ প্রেৰণ কৰে৷ বিভাগটোৰ শীর্ষ মহলে সবিশেষ পৰীক্ষা কৰি অভিযান চলাবলৈ সেউজ সংকেত দিয়ে৷ ইয়াৰ পাছতে আজি পুৱাৰে পৰা ‘আর্য গ্রুপ’ৰ সঞ্চালকসকলৰ বাসগৃহৰ লগতে তেওঁলোকৰ মালিকানাধীন ২০টাকৈ ব্যৱসায়িক প্রতিষ্ঠানত আয়কৰ বিভাগে একে সময়তে অভিযান আৰম্ভ কৰে৷ অভিযানৰ সময়ছোৱাত এশগৰাকীতকৈ অধিক বিষয়া–কর্মচাৰীয়ে ‘আর্য গ্রুপ’ৰ সকলো আর্থিক লেনদেনৰ নথিপত্র তন্ন তন্নকৈ পৰীক্ষা কৰে৷ য’ত বিনিয়োগ আৰু বহিঃৰাজ্যৰ প্রতিষ্ঠানৰ পৰা লোৱা ঋণৰ তথ্যৰ বহু বেমেজালি ধৰা পৰা বুলি জানিব পৰা গৈছে৷ আয়কৰৰ দলটোৱে এই তথ্যসমূহ বাজেয়াপ্ত কৰিছে৷ বাতৰি লিখা সময়লৈকে আয়কৰৰ অভিযান অব্যাহত আছে৷ অভিযানৰ বিষয়ে পৰৱর্তী সময়ত বিত্ত মন্ত্রালয়ে সবিশেষ তথ্য সদৰী কৰিব৷
নলবাৰীত আয়কৰ বিভাগৰ অভিযান চিকিৎসকৰ বাসগৃহ আৰু নার্ছিং হোমত
বিশেষ বার্তা, নলবাৰী ঃ নলবাৰীত আয়কৰ বিভাগে আজি নলবাৰীৰ এখন ব্যক্তিগত নার্ছিং হোম আৰু নার্ছিং হোমখনৰ স্বত্বাধিকাৰ ঘৰত অভিযান চলোৱা ঘটনাই বিশেষ তাৎপর্য বহন কৰিছে৷ প্রাপ্ত খবৰ অনুসৰি, ডাঃ তপন ডেকা মালিকানাধীন নলবাৰী মেটাৰনিটী হাস্পতাল আৰু চিকিৎসকগৰাকীৰ বাসগৃহত অভিযান চলায় আয়কৰ বিভাগৰ দলটোৱে৷ দিনৰ ভাগৰ পৰা নিশা পর্যন্ত আয়কৰ বিভাগৰ এটা বৃহৎ দলে চলায় তালাচী৷ বাতৰি লিখা পর্যন্ত আয়কৰ বিভাগৰ দলটোৱে তন্ন তন্নকৈ চলাই আছে তালাচী৷